জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 8 Question Answer in Assamese MediumSEBA Class 10 Science Chapter 8 question answerদশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৮ জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ৰ সমাধান অথবা দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ৰ প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ৮নং অধ্যায়টোৰ নাম হৈছে জীৱই কেনেকৈ বংশবিস্তাৰ কৰে। ৮ নং অধ্যায়ৰ অনুশীলনীত মুঠ ১০টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ৮নং অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮ (Class 10 Science Chapter 8 question answer in Assamese) অৰ্থাৎ জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ১২৮ নং পৃষ্ঠাৰ (Page No 128)পৰা

প্ৰশ্ন ১: প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি?

উত্তৰ: প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতাসমূহ হ’ল:

  • পিতৃ- মাতৃৰ পৰা সন্তান সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহনৰ বাবে আৱশ্যক হোৱা তথ্য বহন কৰা।
  • যদি তথ্যৰ পৰিৱৰ্তন ঘটে, তেন্তে ইয়াৰ ফলত পৰিৱতিত বৈশিষ্ট্যৰ সুচনা কৰিব, আনকি দৈহিক গঠনৰ বিসংগতিও হ’ব‍ পাৰে যাক জিনীয় বিসংগতি বুলি জনা যায়।
  • পিতৃ – মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান – সন্ততিৰ উৎপত্তি কৰা।

প্ৰশ্ন ২: প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?

উত্তৰ: ভিন্নতাৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ এটা প্ৰজাতিৰ সদস্যবোৰৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন সূচোৱা হয়। বিভিন্ন প্ৰজাতি ভিন্ন প্ৰকাৰৰ ভৌতিক পৰিৱেশৰ সৈতে অভিযোজিত হয়।

কেতিয়াবা পৰিৱেশৰ প্ৰচণ্ড পৰিৱৰ্তন, যেনে উষ্ণতাৰ বা জলপৃষ্ঠৰ হ্ৰাস বা বৃদ্ধিয়ে সমগ্ৰ প্ৰজাতিৰ অস্তিত্বক প্ৰভাৱিত কৰিব পাৰে, কিয়নো পৰিৱৰ্তিত পৰিৱেশৰ সৈতে অভিযোজিত হ’বলৈ তেওঁলোক সক্ষম নহ’ব পাৰে। এনে পৰিস্থিতিত কেইটামান জীৱৰ ভিন্নতাই সিহঁতৰ অস্তিত্বৰ সুযোগ বৃদ্ধি কৰিব।

আনহাতে একক জীৱৰ জীৱনকালত পৰিবেশ পৰিৱৰ্তনৰ বিশেষ প্রভাৱ নপৰে।

সেইবাবে, প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়ােজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়।

প্ৰশ্নাৱলী ১৩৩ নং পৃষ্ঠাৰ (Page No 133)পৰা

প্ৰশ্ন ১: দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি?

উত্তৰ: দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহুবিভাজন উভয়ে নিম্নশ্রেণীৰ জীৱৰ অযৌন প্ৰজননৰ পদ্ধতি।

দ্বিবিভাজনৰ ক্ষেত্ৰত এককোষী জীৱৰ কোষকেন্দ্ৰ আৰু কোষপ্রৰস বিভক্ত হৈ মাত্ৰ দুটা অপত্য কোষকেন্দ্ৰৰ সৃষ্টি হয়। এয়া এমিবা আৰু লেইচ‌মেনিয়াৰ ক্ষেত্ৰত দেখা যায়।

বহুবিভাজনৰ ক্ষেত্ৰত মাতৃকোষৰ কোষকেন্দ্ৰ আৰু কোষ প্রৰসৰ বিভাজন ঘটি বহুতো অপত্য কোষৰ সৃষ্টি হয়। প্লাজম ‘ডিয়ামৰ ক্ষেত্ৰত বহুবিভাজন দেখা যায়।

প্ৰশ্ন ২: যদি কোনো জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভাম্বিত হ’ব?

উত্তৰ: জীৱই ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰিলে তলত দিয়া ধৰণে লাভান্বিত হ’বঃ

  • এটা ৰেণুধানীত বহুতো ৰেণুৰ উৎপত্তি হয়।
  • ৰেণুবোৰ অতি ক্ষুদ্ৰ হোৱা হেতুকে বতাহৰ দ্বাৰা বহু দূৰলৈ স্থানান্তৰিত হয় অর্থাৎ সার্থকভাৱে বিক্ষিপ্ত হয়।
  • ৰেণুবোৰ ডাঠবেৰৰ দ্বাৰা আবৃত হৈ থাকে আৰু সেয়ে প্ৰতিকূল বতৰতো বৰ্তি থাকে ।
  • প্ৰতিকূল পাৰিৱেশিক অৱস্থাতো সিহঁতে প্ৰজাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰে ।

প্ৰশ্ন ৩: উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কৰণ দৰ্শাব পাৰিবানে?

উত্তৰ: ভিন্ন অংগবিশিষ্ট জীৱই দেহৰ বিচ্ছিন্ন অংশৰ পৰা নতুন জীৱ উৎপত্তি কৰা প্ৰক্ৰিয়াই হৈছে পুনৰজীৱন। প্রত্যেক বিচ্ছিন্ন
খণ্ডই বিশেষ কোষৰ সহায়ত নতুন জীৱৰ উৎপত্তি কৰিব পাৰে। এই পদ্ধতিৰে সৰল জীৱই নতুন জীৱৰ সৃষ্টি কৰিব পাৰে, কিয়নো সিহঁতৰ সমগ্ৰ দেহ একেধৰণৰ কোষেৰে গঠিত আৰু এক ভগ্ন অংশই অন্যান্য দৈহিক অংশৰ বৃদ্ধি আৰু বিকাশ কৰিব পাৰে।

উদাহৰণস্বৰূপেঃ প্লেনেৰিয়া আৰু হাইড্ৰাই পুনৰজীৱন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰে।

উচ্চ খাপৰ জীৱই পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে কিয়নো সিহঁত বিশেষ ধৰণৰ কলাৰে গঠিত।

এই ক্ষেত্ৰত ভগ্ন দৈহিক অংশৰ দ্বাৰা অংগসমূহ সৃষ্টি কৰিব নোৱাৰি। অৱশ্যে, কিছুমান উচ্চখাপৰ জীৱই দেহৰ অংশ পুনৰ সৃষ্টি কৰিব পাৰে।

উদাহৰণস্বৰূপেঃ জেঠীয়ে সিহঁতৰ নেজডাল পুনৰ সৃষ্টি কৰিব পাৰে, কিন্তু বিচ্ছিন্ন নেজডালে গোটেই জীৱটোৰ সৃষ্টি‌ কৰিব নোৱাৰে।

প্ৰশ্ন ৪: বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয়?

উত্তৰ: উদ্ভিদৰ কিছুমান অংশ যেনে মূল, কাণ্ড আৰু পাত উপযুক্ত অৱস্থাৰ অধীনত নতুন উদ্ভিদলৈ বিকশিত হোৱা প্ৰক্ৰিয়াই হৈছে আংগিক বিস্তাৰণ।

আংগিক বিস্তাৰণৰ সুবিধাসমূহ হৈছে:

  • এই প্ৰক্ৰিয়াৰে সৃষ্টি হোৱা উদ্ভিদত বীজৰ পৰা উৎপন্ন হোৱা উদ্ভিদৰ তুলনাত কম সময়তে ফুল আৰু ফলৰ উৎপত্তি হয়।
  • বীজ উৎপাদনৰ ক্ষমতা হেৰুওৱা উদ্ভিদ, যেনে— কল, কমলা টেঙা, গোলাপ আদিয়ে এই পদ্ধতিৰে বংশ বিস্তাৰ কৰিব পাৰে।
  • আংগিক বিস্তাৰণে মাতৃ উদ্ভিদজোপাৰ নিচিনা একে বৈশিষ্ট্যৰ জিনীয়ভাৱে সদৃশ উদ্ভিদৰ উৎপত্তিত সহায় কৰে।
  • কৃষিক্ষেত্ৰত কিছুমান উদ্ভিদত, যেনে— কুঁহিয়াৰ, গোলাপ, আঙুৰ আদিত জোৰা কলম আৰু তৰপীয়া পদ্ধতি ব্যৱহাৰ কৰা হয়।
  • সৌন্দর্যবর্ধক উদ্ভিদৰ উৎপত্তিৰ বাবে ই এক সুবিধাজনক আৰু মিতব্যয়ী পদ্ধতি।

প্ৰশ্ন ৫: প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাপে ডি. এন. এ. (DNA) ৰ প্ৰতিলিপিকৰণ কিয় প্রয়োজন?

উত্তৰ: প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাপে ডি. এন. এ. (DNA) ৰ প্ৰতিলিপিকৰণ প্রয়োজন কাৰণ ই:

  • পিতৃ- মাতৃৰ পৰা সন্তান সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহনৰ বাবে আৱশ্যক হোৱা তথ্য বহন কৰে।
  • যদি তথ্যৰ পৰিৱৰ্তন ঘটে, তেন্তে ইয়াৰ ফলত পৰিৱতিত বৈশিষ্ট্যৰ সুচনা কৰিব, আনকি দৈহিক গঠনৰ বিসংগতিও হ’ব‍ পাৰে যাক জিনীয় বিসংগতি বুলি জনা যায়।
  • পিতৃ – মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান – সন্ততিৰ উৎপত্তি কৰে।

প্ৰশ্নাৱলী ১৪০ নং পৃষ্ঠাৰ (Page No 140)পৰা

প্ৰশ্ন ১: শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

উত্তৰ: শুক্ৰধাৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ পৰা নিঃসৰিত তৰলৰ ভূমিকাসমূহ হʼল:

  • শুক্রাণুৰ গতিপথত সহায় কৰা ।
  • ফ্রুষ্টজ, কেলছিয়াম আৰু কিছুমান উৎসেচকৰ ৰূপত শুক্রাণুক পুষ্টিৰ যোগান ধৰা ৷

প্ৰশ্ন ২: কৈশােৰ কালত ছােৱালীৰ দেহত কেনেধৰণৰ পৰিবর্তন দেখা যায় ?

উত্তৰ: কৈশোৰ কালত ছোৱালীৰ দেহত তলত উল্লেখ কৰা পৰিৱৰ্তনসমূহ দেখা যায়ঃ

  • স্তনযুগলৰ আকাৰ বৃদ্ধি পায় ।
  • স্তনাগ্ৰৰ ছালখন ক’লা হয় ৷
  • ঋতুচক্ৰ আৰম্ভ হয় ।
  • দেহৰ কিছুমান অংশত, যেনে-কাষলতি আৰু যৌনাংগৰ কাষত চুলি গজে ৷
  • যৌনাংগৰ কাষৰ ছাল গাঢ় বৰণৰ হয় ।
  • মুখৰ ছাল তেলেতিয়া হয় আৰু শালমইনা উঠে।

প্ৰশ্ন ৩: মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে?

উত্তৰ: মাতৃদেহৰ জৰায়ুৰ বেৰত পোত খাই থকা কাঁহী সদৃশ প্লেচেণ্টাৰ জৰিয়তে ভ্ৰূণকোষে পুষ্টি লাভ কৰে ৷ ভ্ৰূণটোৰ কাষৰ প্লেচেণ্টাটোত ভিলাই নামৰ আঙুলিসদৃশ প্রবর্ধক থাকে। গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ পিনে ৰক্ত জালিকা থকা বাবে মাতৃৰ দেহৰ পৰা ভ্ৰূণটোলৈ গ্লুক’জ আৰু অক্সিজেন সৰবৰাহ হৈ থাকে ।

প্ৰশ্ন ৪: যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper – T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী হ’বনে?

উত্তৰ: যদি মহিলা এগৰাকীয়ে কপাৰ-টি (copper-T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌনৰোগ সঞ্চাৰণ প্ৰতিৰোধী নহ’ব। ই এবিধ‌ গৰ্ভনিৰোধক পদ্ধতি যিয়ে গৰ্ভধাৰণ প্ৰতিৰোধতহে সহায় কৰে। এনে ৰোগৰ পৰা সুৰক্ষা পাবলৈ যৌন ক্ৰিয়াৰ সময়ত কনডম নামৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় যিয়ে গৰ্ভনিৰোধক সামগ্ৰী হিচাপেও কাম কৰে ।

সম্পৰ্কীয় পোষ্ট:
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1
2. এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2
3. ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3
4. কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4
5. মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5
6. জীৱন প্ৰক্ৰিয়া | SEBA Class 10 Science Chapter 6
7. নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7
8. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9
9. পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10

অনুশীলনী

প্ৰশ্ন ১: অযৌন প্রজননৰ মুকুলােদ্দগম সংঘটিত হয়

(ক) এমিবাত
(খ) ইষ্টত
(গ) প্লাজমডিয়ামত
(ঙ) লেইচুমেনিয়াত

উত্তৰ: অযৌন প্রজননৰ মুকুলােদ্দগম (খ) ইষ্টত সংঘটিত হয়

প্ৰশ্ন ২: তলৰ কোনটো মানুহৰ দেহৰ স্ত্রীজনন অংগ নহয়?

(ক) ডিম্বাশয়।
(খ) জৰায়ু
(গ) শুক্ৰবাহী নলী
(ঘ) ফেলােপিয়ান নলী।

উত্তৰ: (গ) শুক্ৰবাহী নলী মানুহৰ দেহৰ স্ত্রীজনন অংগ নহয়

প্ৰশ্ন ৩: পৰাগধানীত পােৱা হয়।

(ক) বেটুপাত
(খ) ডিম্বক
(গ) স্ত্রীকেশৰ
(ঘ) পৰাগ ৰেণু

উত্তৰ: পৰাগধানীত (ঘ) পৰাগ ৰেণু পােৱা হয়

প্ৰশ্ন ৪: অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্ৰজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি?

উত্তৰ: অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ হৈছে:

অযৌন প্রজননযৌন প্ৰজনন
অযৌন প্ৰজননত সন্তান সন্ততিৰ ভিন্নতাৰ অভাৱ পৰিলক্ষিত হয় ৷যৌন প্ৰজননৰ জৰিয়তে সন্তান-সন্ততিৰ ভিন্নতা প্রকাৰণ নিশ্চিত হয়।
প্রক্রিয়াটোৱে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে অভিযোজন নিশ্চিত নকৰে।প্ৰক্ৰিয়াটোৱে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে অভিযোজন নিশ্চিত কৰে।
সন্তান-সন্ততিৰ বৰ্তি থকাৰ সুযোগ কম।সন্তান-সন্ততিৰ বৰ্তি থকাৰ সুযোগ অধিক।
প্ৰজাতিৰ বিৱৰ্তনৰ পৰিসৰ কম।প্ৰজাতিৰ বিৱৰ্তনৰ পৰিসৰ অধিক।

প্ৰশ্ন ৫: মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?

উত্তৰ: মানুহৰ শুক্রাশয়কেইটাই সম্পন্ন কৰা কামসমূহ হ’ল;

  • শুক্রাশয়ে শুক্রাণু গঠন কৰে যিয়ে ডিম্বকোষ নিয়েচিত কৰে ।
  • টেষ্ট’ষ্টেচন নামৰ হৰম’ন উৎপন্ন কৰে যিয়ে শুক্রাণুৰ উৎপাদন নিয়ন্ত্ৰণ কৰে। যৌৱন কালত ল’ৰাৰ দেহত হোৱা বহুতো পৰিৱৰ্তনৰ বাবে এই হৰম’ন দায়ী।

প্ৰশ্ন ৬: ঋতুস্ৰাৱ কিয় হয়?

উত্তৰ: ডিম্বাশয়ে প্রত্যেক মাহত এটাকৈ ডিম্বকোষ উৎপন্ন কৰে আৰু গৰ্ভাশয়য়েও প্রতি মাহতে একোটা নিষেচিত ডিম্ব প্ৰতিপালন কৰিবলৈ নিজকে সাজু কৰে। বাঢ়নীয়া ভ্ৰূণৰ প্ৰতিপালনৰ বাবে ইয়াৰ অন্তঃআচ্ছাদকখন কোমল আৰু ডাঠ হয়। ডিম্ব নিষেচিত নহ’লে আচ্ছাদকৰ আৱশ্যকতা নথকাৰ বাবে এই আচ্ছাদকখন ভাঙি যায় ৷ এয়া তেজ আৰু শ্লেষ্মা হিচাপে যোনিপথেদি নির্গত হয় । ইয়াক ঋতুচক্র বুলি জনা যায়। প্রত্যেক মাহে চক্ৰাকাৰে চলা এই প্ৰক্ৰিয়াটো 2-8 দিন পর্যন্ত চলে।

প্ৰশ্ন ৭: বিভিন্ন প্রকাৰৰ গৰ্ভনিৰােধ পদ্ধতিসমূহ কি কি?

উত্তৰ: বিভিন্ন গৰ্ভনিৰোধক পদ্ধতিসমূহ হৈছে:

  • কাৰিকৰী প্ৰতিবন্ধক: কনডম হৈছে এবিধ কাৰিকৰী প্ৰতিবন্ধক যাৰ সহায়ত শুক্রাণুবিলাক ডিম্বাণুকোষৰ সৈতে মিলন নোহোৱাকৈ আৱদ্ধ কৰি ৰাখিব পৰা যায়। একে ধৰণৰ আৱৰণি যোনি পথত সংস্থাপন কৰিলেও কাৰিকৰী প্রতিবন্ধক হিচাপে কাৰ্য সম্পন্ন কৰে।
  • অৰেল কন্ট্রাচেপটিভ পিল: অৰেল কন্ট্রাচেপটিভ পিলে দেহৰ হৰমনীয় ভাৰসাম্য পৰিৱৰ্তন কৰে আৰু ডিম্বমুক্ত হোৱাটো প্ৰতিৰোধ কৰে আৰু এনেদৰে নিষেচনৰ ক্ষেত্ৰত প্রতিবন্ধকতাৰ সৃষ্টি কৰে।
  • লুপ বা কপাৰ-টি (Copper-T): গৰ্ভধাৰণ প্ৰতিৰোধ কৰিবলৈ জৰায়ুত লুপ বা কপাৰ-টি সংস্থাপন কৰা হয়।
  • বন্ধ্যাকৰণঃ ভেচেকটমি বুলি কোৱা অস্ত্ৰোপচাৰৰ জৰিয়তে পুৰুষৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ বন্ধ কৰা হয়। আনহাতে, স্ত্ৰীৰ ক্ষেত্ৰত টিউবেকটমি বুলি কোৱা অস্ত্ৰোপচাৰৰ জৰিয়তে ডিম্ববাহী নলী বন্ধ কৰা হয়।
  • অস্ত্ৰোপচাৰ: অস্ত্ৰোপচাৰৰ দ্বাৰা অবাঞ্ছিত গৰ্ভধাৰণ নষ্ট কৰিব পৰা যায়। ইয়াক গৰ্ভপাত বোলা হয়।

প্ৰশ্ন ৮: এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন কৌশলসমূহ কেনেধৰণৰ?

উত্তৰ: এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ প্ৰজনন প্ৰক্ৰিয়াৰ পাৰ্থক্যসমূহ হ’ল:

এককোষী জীৱবহুকোষী জীৱ
অযৌন প্ৰজনন পদ্ধতি দেখা যায়।অযৌন আৰু যৌন দুয়োবিধ পদ্ধতি দেখা যায়।
এককোষী জীৱৰ প্ৰজননৰ কৌশলকেইটা হৈছে দ্বিখণ্ডন আৰু মুকুলোদ্‌গম।বহুকোষী জীৱৰ প্ৰজননৰ কৌশলকেইটা হৈছে মুকুলোদ্‌গম, আংগিক বিস্তাৰণ, ৰেণুৰ উৎপত্তি ইত্যাদি। অধিক জটিল বহুকোষী জীৱ যেনে- সপুষ্পক উদ্ভিদ আৰু মানুহৰ ক্ষেত্ৰত যৌন প্ৰজনন পদ্ধতিৰ প্ৰয়োগ হয়।
প্রজনন সম্পন্ন কৰিব পৰাকৈ এই জীৱবোৰৰ বিশেষ কলা বা অংগ নাথাকে।প্রজনন সম্পন্ন কৰিব পৰাকৈ এই জীৱবোৰৰ বিশেষ কলা বা অংগ নাথাকে।

প্ৰশ্ন ৯: প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আবাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?

উত্তৰ: প্রজনন প্রক্রিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি ৰক্ষাত তলত দিয়া ধৰণে সহায় কৰে:

  • জন্ম হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি
  • এটা প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰতিৰোধ কৰি
  • নিমৰ নিচিনা জীৱৰ সৃষ্টিৰে আবাদী বৃদ্ধি কৰি
  • প্ৰজাতিৰ আবাদীত ভিন্নতাৰ উত্তৰণ কৰি

প্ৰশ্ন ১০: গর্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

উত্তৰ: গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণসমূহ হ’ল:

  • এগৰাকী মহিলা গৰ্ভধাৰণৰ বাবে মানসিক বা দৈহিকভাৱে প্ৰস্তুত হোৱা
  • জনসংখ্যা বৃদ্ধি নিয়ন্ত্রণ
  • অবাঞ্ছিত গৰ্ভধাৰণ প্ৰতিৰোধ
  • পৰিয়াল পৰিকল্পনা

অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ অষ্টম অধ্যায় (Class 10 Science Chapter 8 Assamese) “জীৱই কেনেকৈ বংশবিস্তাৰ কৰে” ৰ প্ৰশ্ন উত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ অষ্টম অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 8 Question and Answer in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

পূৰ্বৰ অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এছিড, ক্ষাৰক আৰু লৱণ, ধাতু আৰু অধাতু, কাৰ্বন আৰু তাৰ যৌগমৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন জীৱন প্ৰক্ৰিয়া, আৰু নিয়ন্ত্ৰণ আৰু সমন্বয় ৰ প্ৰশ্ন আৰু উত্তৰও পঢ়িব পাৰে।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 10 Science Chapter 8 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 8 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 8
  • জীৱই কেনেকৈ বংশবিস্তাৰ কৰে প্ৰশ্ন উত্তৰ
  • জীৱই কেনেকৈ বংশবিস্তাৰ কৰে class 10 question answer
  • Seba Class 10 Science Chapter 8 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (SEBA Class 10 Science Chapter 8 Question Answer in Assamese Medium) ৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

4.7/5 - (55 votes)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top