জীৱন প্ৰক্ৰিয়া (দশম শ্ৰেণী) | SEBA Class 10 Science Chapter 6 Question Answers in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 6 Question Answer in Assamese MediumSEBA Class 10 Science Chapter 6 question answerদশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৬ জীৱন প্ৰক্ৰিয়াৰ সমাধান অথবা দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় জীৱন প্ৰক্ৰিয়াৰ প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ৬নং অধ্যায়টোৰ নাম হৈছে জীৱন প্ৰক্ৰিয়া। ৬ নং অধ্যায়ৰ অনুশীলনীত মুঠ ১৩টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ৬নং অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৬ (Class 10 Science Chapter 6 question answer in Assamese) অৰ্থাৎ জীৱন প্ৰক্ৰিয়া ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ৯৫ নং পৃষ্ঠাৰ (Page No 95)পৰা

প্ৰশ্ন ১: মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?

উত্তৰ: বহুকোষী জীৱৰ সকলোবোৰ কোষ প্রত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱশেৰ লগত সংলগ্ন নহয় কিয়নো এনে জীৱৰ বাহিৰৰ আৱৰণখন মৃতকোষৰ দ্বাৰা গঠিত। সেয়েহে বহুকোষী জীৱবোৰে চাৰিওপাশৰ পৰা কেৱল ব্যাপন প্রক্রিয়াৰে পর্যাপ্ত পৰিমাণৰ অক্সিজেন আহৰণ কৰিব নোৱাৰে। পর্যাপ্ত পৰিমাণৰ অক্সিজেন আহৰণ কৰিবৰ বাবে বহুকোষী জীৱক বিশেষ কলা, অংগ আৰু অংগতন্ত্ৰৰ প্ৰয়োজন হয়।

প্ৰশ্ন ২: আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম?

উত্তৰ: জীৱ এটা জীৱিত নে মৃত তাক সিহঁতৰ বিভিন্ন গতি বা চলন নিৰীক্ষণ কৰি সহজে ঠাৱৰ কৰিব পাৰি। তাৰ বাহিৰেও তলত দিয়া চৰ্তসমূহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰি:

  • খাদ্যগ্ৰহণ
  • বৃদ্ধি
  • শ্বসন
  • প্ৰজনন

প্ৰশ্ন ৩: জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?

উত্তৰ: পৰপোষী জীৱই খাদ্য় আৰু স্বপোষী জীৱই কাৰ্বন ডাই অক্সাইড (CO_2), পানী, অক্সিজেন (O_2) আৰু বিভিন্ন খনিজ পদাৰ্থ বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়।

প্ৰশ্ন ৪: জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?

উত্তৰ: জীৱৰ জীৱন বৰ্তি থাকিবলৈ অতি প্ৰয়োজনীয় প্রক্রিয়াসমূহ হৈছে পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন।

প্ৰশ্নাৱলী ১০১ নং পৃষ্ঠাৰ (Page No 101)পৰা

প্ৰশ্ন ১: স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পার্থক্য কি কি?

উত্তৰ: স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্যবোৰ হৈছে:

স্বপোষিত পুষ্টিপৰপোষিত পুষ্টিৰ
স্বপোষিত পুষ্টিৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰেপৰপোষিত পুষ্টিৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে
স্বপোষিত পুষ্টিত সালোক সংশ্লেষণ ঘটেপৰপোষিত পুষ্টিত সালোক সংশ্লেষণ নঘটে
সৰল জৈৱিক ষৌগ ষেনে কাৰ্বন ডাই অক্সাইড পানী আদিৰ পৰা খাদ্য প্ৰস্তুত কৰেখাদ্যৰ বাবে পৰোক্ষভাৱে স্বপোষিত জীৱৰ ওপৰত নিৰ্ভৰশীল
খাদ্য প্ৰস্তুত কৰিবলৈ ক্ল’ৰ’ফিলৰ প্ৰয়োজন হয়ক্ল’ৰ’ফিলৰ প্ৰয়োজন নহয়
সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াত এনেধৰণৰ পৰিপুষ্টি দেখা যায়সকলো প্ৰাণী আৰু ভেঁকুৰৰ ক্ষেত্ৰত এনেধৰণৰ পৰিপুষ্টি দেখা যায়

প্ৰশ্ন ২: সালোক সংশ্লেষণত প্ৰয়োজনীয় প্রতিটো উপাদান উদ্ভিদে কত কত পায়?

উত্তৰ: সালোক সংশ্লেষণৰ বাবে কার্বন-ডাই-অক্সাইড, পানী, খনিজ লৱণ, ক্ল’ৰ’ফিল আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। উদ্ভিদে কার্বন-ডাই-অক্সাইড বায়ুমণ্ডলৰ পৰা, পানী আৰু খনিজ লৱণ শিপাৰ সহায়ত মাটিৰ পৰা, ক্ল’ৰ’ফিল পত্ৰৰন্ধ্ৰৰ পৰা আৰু সূৰ্যৰ পোহৰ সূৰ্যৰ পৰা আহৰণ কৰে।

প্ৰশ্ন ৩: আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?

উত্তৰ: আমাৰ পাকস্থলীত হাইড্ৰ’ক্লৰিক এছিডে এক আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্রিয়াত সহায় কৰে। তাৰ বাহিৰেও হাইড্ৰ’ক্লৰিক এছিডে খাদ্যত থকা বেক্টেৰিয়া বা বীজাণুসমূহ ধ্বংস কৰে।

প্ৰশ্ন ৪: পাচক উৎসেচকৰ কার্য কি?

উত্তৰ: পাচক উৎসেচকে খাদ্যৰ অদ্ৰৱনীয়, জটিল আৰু শোষণ অযোগ্য উপাদানবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত কৰাত সহায় কৰে।

প্ৰশ্ন ৫: শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?

উত্তৰ: ক্ষুদ্ৰান্তৰ আন্তঃআৱৰণীত অসংখ্য আঙুলি-সদৃশ প্ৰৱৰ্ধক থাকে যাক ভিলাই বুলি কোৱা হয়। ভিলাইবোৰ সংকোচন আৰু প্ৰসাৰণক্ষম আৰু এইবোৰ ৰক্তনলীৰ সৈতে সংযুক্ত হৈ থাকে। এই ৰক্তনলীবোৰে শোষিত খাদ্যক প্ৰতিটো কোষলৈ কঢ়িয়াই নিয়ে।

প্ৰশ্নাৱলী ১০৫ নং পৃষ্ঠাৰ (Page No 105)পৰা

প্ৰশ্ন ১: শ্বাস-প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি?

উত্তৰ: শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱৰ সুবিধাসমূহৰ অধিক কাৰণ স্থলচৰ জীৱসমূহে বায়ুমণ্ডলত থকা অক্সিজেন শ্বসনত পোনপটীয়াকে গ্ৰহণ কৰিব পাৰে আনহাতে জলচৰ জীৱসমূহে পানীত দ্ৰৱীভূত থকা অক্সিজেনহে ব্যৱহাৰ কৰিব পাৰে। তদুপৰি পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম। সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ প্রাণীতকৈ খৰকৈ উশাহ লয় আৰু স্থলচৰ জীৱমূহে অক্সিজেন আহৰণ কৰিবলৈ কম পৰিমাণৰ শক্তি প্ৰয়োগ কৰিবলগীয়া হয়।

প্ৰশ্ন ২: কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?

উত্তৰ: গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হ’বলৈ প্ৰথমে গ্লুক’জৰ ছটা কাৰ্বনযুক্ত অণু ভাঙি তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। তদুপৰি জীৱদেহত গ্লুক’জৰ বিয়োজন তলত দিয়া তিনি ধৰণে সংঘটিত হ’ব পাৰে:

  • অবাত শ্বসন: অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় য’ত তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি ইথানল আৰু কাৰ্বন ডাই-অক্সাইডৰ উৎপন্ন হোৱাৰ লগতে শক্তিও উৎপন্ন হয়।
  • সবাত শ্বসন: অক্সিজেনৰ অনুপস্থিতিত সংঘটিত সবাত শ্বসনত তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি তিনিটা কাৰ্বন ডাই-অক্সাইডৰ অণুৰ লগতে পানী আৰু শক্তিও উৎপন্ন হয়।
  • কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত হোৱা শ্বসন: অমাৰ পেশী কোষসমূহত কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত পাইৰুভেট অণু ভাঙি তিনিটা কাৰ্বনযুক্ত লেকটিক এছিড আৰু শক্তি উৎপন্ন হয়।

প্ৰশ্ন ৩: মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড কেনেকৈ পৰিবহণ হয়?

উত্তৰ: মানুহৰ তেজত থকা লোহিত ৰক্ত কণিকাৰ ৰঞ্জক পদার্থ হিম’গ্ল’বিনৰ অক্সিজেনৰ প্ৰতি আসক্তি বেছি। সেয়েহে এই হিম’গ্লবিনে অক্সিজেনৰ লগত লগ লাগি অক্সিহিম’গ্লবিন উৎপন্ন কৰে আৰু হাওঁফাওৰ পৰা শৰীৰৰ বিভিন্ন কোষলৈ পৰিবহণ হয়।

আনহাতে কার্বন-ডাই-অক্সাইড অক্সিজেনতকৈ পানীত বেছি দ্ৰৱণীয়। সেয়েহে কার্বন-ডাই-অক্সাইড দ্ৰৱীভূত অৱস্থাত শৰীৰৰ বিভিন্ন অংশৰ কোষৰ পৰা তেজৰ জৰিয়তে হাওঁফাওঁলৈ আহে।

প্ৰশ্ন ৪: প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?

উত্তৰ: গেছ বিনিময়ৰ কাৰণে মানুহৰ শৰীৰত এক বিশেষ ধৰণৰ অংগ অর্থাৎ এযোৰ হাওঁফাওঁ আছে। প্ৰতিটো হাঁওফাঁও ‘ক্লোমনলী’ বুলি কোৱা সৰু নলী বা শাখাত বিভক্ত হৈ ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকোষ বুলি কোৱা হয়। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্র ৰক্ত কণিকাই জালিকা গঠন কৰে য’ত গেছৰ বিনিময় সংগঠিত হয়। উশাহ লোৱাৰ সময়ত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰোতে গেছসমূহৰ বিনিময়ৰ বাবে সৰ্বাধিক পৰিমাণৰ ঠাইৰ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে আৰু ফলস্বৰূপে গেছ সহজে অহা যোৱা কৰিব পাৰে।

প্ৰশ্নাৱলী ১১০ নং পৃষ্ঠাৰ (Page No 110)পৰা

প্ৰশ্ন ১: মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?

উত্তৰ: মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগকেইটা হৈছে ৰক্ত বা তেজ, ৰক্ত নলীকা, হৃদযন্ত্ৰ আৰু লসিকা। এইবোৰৰ কাৰ্য্যসমূহ হৈছে:

  • ৰক্ত বা তেজ: তেজ প্লাজমা বুলি কোৱা এবিধ তৰল মাধ্যমেৰে গঠিত। তেজে দ্ৰৱীভূত খাদ্যবস্ত, কাৰ্বন ডাই-অক্সাইড আৰু নাইট্ৰ’জেন জাতীয় বৰ্জিত পদাৰ্থববোৰ পৰিবহণ কৰাৰ লগতে তেজত থকা লোহিত ৰক্ত কণিকাই অক্সিজেনৰ পৰিবহণ কৰে।
  • ৰক্ত নলীকা: ৰক্ত নলীকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্ৰবাহিত হয় ৷ ৰক্ত নলীকাসমূহক ধমনী আৰু সিৰা হিচাপে দুটা ভাগত বিভক্ত কৰা হৈছে ৷ ধমনীবোৰে হৃদযন্ত্রৰ পৰা দেহৰ বিভিন্ন অংগলৈ বিশুদ্ধ তেজ কঢ়িয়ায়। আনহাতে সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ পুনৰ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে।
  • হৃদযন্ত্ৰ: হৃদযন্ত্ৰই দেহৰ সমগ্ৰ অংশতে অক্সিনজেযুক্ত তেজ পাম্প কৰে, যাৰ ফলত তেজত থকা বিভিন্ন পদাৰ্থসূহ দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হয়।
  • লসিকা: লসিকাই পাচিত আৰু শোষিত চৰ্বীসমূহ তন্ত্ৰৰ পৰা স্থানান্তৰ কৰে আৰু অতিৰিক্ত তৰল পদাৰ্থ বহিঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে।

প্ৰশ্ন ২: পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?

উত্তৰ: পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰ উষ্ণৰক্তী আৰু ইহঁতৰ দেহৰ উষ্ণতা পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এই দেহৰ উষ্ণতা স্থিৰ কৰি ৰাখিবলৈ ইহঁতক অধিক পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তিৰ প্ৰয়োজন পুৰাবলৈ ইহঁতক প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। সেয়েহে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰিবলৈ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰখাৰ প্ৰয়োজন হয়। এই জীৱবোৰৰ হৃদযন্ত্ৰৰ বাওঁফালৰ অংশই অক্সিজেনযুক্ত বিশুদ্ধ তেজ আৰু সোঁফালৰ অংশই অক্সিজেনবিহীন অশুদ্ধ তেজ কঢ়িয়ায়।

প্ৰশ্ন ৩: উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি?

উত্তৰ: উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ হৈছে জাইলেম আৰু ফ্ল’ৱেম

জাইলেমে শিপাৰ জৰিয়তে মাটিৰ পৰা আহৰণ কৰা পানী আৰু খনিজ পদাৰ্থ উদ্ভিদৰ বিভিন্ন অংশলৈ ওপৰৰ দিশে পৰিবহন কৰাত সহায় কৰে।

ফ্ল’ৱেমে সালোক সংশ্লেষণত উৎপন্ন হোৱা আহাৰ পাতৰ পৰা উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ কৰাত সহায় কৰে।

প্ৰশ্ন ৪: উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়?

উত্তৰ: উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ জাইলেম ক’লাৰ দ্বাৰা পৰিবহন হয়। জাইলেম ক’লাৰ নলিকাবোৰে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ মাজত পৰস্পৰ সংযোগ হৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে। মাটিৰ স্পৰ্শত থকা শিপাৰ কোষবোৰে সক্ৰিয়ভাৱে মাটিৰ পৰা আয়ন গ্ৰহণ কৰি থাকে। ই শিপা আৰু মাটিৰ মাজত আয়নৰ তাৰতম্যৰ সৃষ্টি কৰে। এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু পানীৰ স্তম্ভ এটা সৃষ্টি কৰি জাইলেমৰ যোগেদি নিয়মিয়াকৈ পানী ওপৰলৈ ঠেলি থাকে। ইয়াৰ লগতে উদ্ভিদৰ পাতে বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা পাতৰ পৰা বাষ্প আকাৰে পানীৰ অণুবোৰ এৰি দি থাকে যাৰ বাবে পাতত এটা শোষণ বলৰ সৃষ্টি হয়। এই শোষণ বলৰ ফলত শিপাত থকা পানী পাতলৈ শোষণ হয়। এই দৰেই উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন হয়।

প্ৰশ্ন ৫: উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহন ঘটে?

উত্তৰ: উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লোৱেম কলাৰ দ্বাৰা ঘটে আৰু এই খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়া শক্তিৰ ব্যৱহাৰ কৰি সম্পন্ন হয়। চুক্ৰ’জৰ দৰে পদাৰ্থবিলাক ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে ATP ৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে। ইয়াৰদ্বাৰা ফ্ল’ৱেমৰ আসুতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে। এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক ফ্ল’ৱেম কলালৈ গতি কৰে। ফলত উদ্ভিদৰ দেহৰ বিভিন্ন প্ৰয়োজনীয় অংগলৈ খাদ্যৰ সংবহন ঘটে।

প্ৰশ্নাৱলী ১১২ নং পৃষ্ঠাৰ (Page No 112)পৰা

প্ৰশ্ন ১: নেফ্রনৰ গঠন আৰু কার্য বর্ণনা কৰা।

উত্তৰ: নেফ্রন হ’ল বৃক্ক গঠন কৰা একক। দেখিবলৈ নেফ্রনবোৰ এডাল পাকখোৱা নলীৰ দৰে। ইয়াৰ দুটা অংশ থাকে ইয়াৰ এটা মালপিঘিয়ন বডি আন অংশ বৃক্কীয় নলীকা। নেফ্রনৰ প্ৰথম অংশ এটা কাপৰ দৰে আৰু ইয়াত অসংখ্য ৰক্তজালিকা সোমাই থাকে। এই অংশখিনিকে মালপিঘিয়ান বডি বোলে। ইয়াৰ পিছৰ অংশ সৰু মিহি এডাল পাকখোৱা নলী যাক বৃক্কীয় নলীকা বোলে। বৃক্কীয় নলীকাৰ প্ৰথম অংশক সমীপৱৰ্তী কুণ্ডলীকৃত নলীকা, তাৰ পিছৰ ইংৰাজী ‘U’ আকৃতি নলী অংশক হেলিৰ লুপ আৰু একেবাৰে শেষৰ অংশক দূৰৱৰ্তী কুণ্ডলীকৃত নলীকা বোলা হয়।

নেফ্রনৰ গঠন আৰু কার্য বর্ণনা কৰা

নেফ্রনবোৰে প্ৰথম অৱস্থাত গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকী লৈ পিছৰ নলিকা অংশত অধিশোষণ কৰি লয়। দেহৰ অতিৰিক্ত পানী, বিপাকীয় কার্যত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ নাইট্রজেন জাতীয় পদার্থবোৰ ৰক্তস্রোতৰ পৰা পৃথক কৰি মুত্র হিচাপে অপসাৰিত কৰে।

প্ৰশ্ন ২: উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে।

উত্তৰ: উদ্ভিদে বৰ্জিত পদাৰ্থসমূহ ত্যাগ কৰিবলৈ তলত দিয়া কৌশলসমূহ অৱলম্বন কৰে:

  • বাষ্পমোচন: উদ্ভিদে বাষ্পমোচন মাধ্যমেৰে পত্ৰৰন্ধৰে শিপাৰ পৰা শোষণ কৰি লোৱা অতিৰিক্ত পানীভাগ এৰি দিয়ে।
  • ব্যাপন: ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰে সালোক সংশ্লেষণৰ পৰা পোৱা অক্সিজেন আৰু শ্বসনৰ পৰা লোৱা কাৰ্বন ডাই-অক্সাইড এৰি দিয়ে।
  • কোষ ৰসধানী: কোষ ৰসধানীসমূহৰ ভিতৰত বহুতো বৰ্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে বা ৰেজিন আৰু আঠা হিচাপেও বিশেষকৈ নিষ্ক্ৰিয় পূৰঠ জাইলেম কলাত সঞ্চিত কৰি ৰাখে। উদ্ভিদৰ কোষসমূহৰ ৰসধানীবোৰ তুলনামূলকভাৱে ডাঙৰ আকাৰৰ হয়।
  • কিছুমান বৰ্জিত পদাৰ্থ বাকলি, পাত আদিতো সঞ্চিত কৰি ৰাখে যিবোৰ অকামিলা হৈ পৰিলে সৰি পৰে।

প্ৰশ্ন ৩: কেনেকৈ মূত্ৰ উৎপন্ন পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰ: শৰীৰত থকা পানী আৰু বৰ্জিত পদাৰ্থৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি মূত্ৰ উৎপন্নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি।

সম্পৰ্কীয় পোষ্ট:
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1
2. এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2
3. ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3
4. কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4
5. মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5
6. নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7
7. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8
8. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9
9. পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10

অনুশীলনী

প্ৰশ্ন ১: মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ

ক) পৰিপুষ্টি

খ) শ্বসন

গ) ৰেচন

ঘ) পৰিবহন

উত্তৰ: মানুহৰ বৃক্ক দুটা গ) ৰেচন তন্ত্ৰৰ অংশ।

প্ৰশ্ন ২: উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল

ক) পানীৰ পৰিবহন

খ) খাদ্যৰ পৰিবহন

গ) এমিন’ এচিডৰ পৰিবহন

ঘ) অক্সিজেনৰ পৰিবহন

উত্তৰ: উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল ক) পানীৰ পৰিবহন

প্ৰশ্ন ৩: স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়

ক) কাৰ্বন-ডাই-অক্সাইড আৰু পানী

খ) পত্ৰহৰিত

গ) সূৰ্যৰ পোহৰ

ঘ) ওপৰৰ আটাইকেইটা

উত্তৰ: স্বপোষীয় পৰিপুষ্টিত ঘ) ওপৰৰ আটাইকেইটা প্ৰয়োজন হয়।

প্ৰশ্ন ৪: পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উত্পন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়

ক) চাইট’প্লাজমত

খ) মাইট’ন্ডিয়াত

গ) ক্ল’ৰপ্লাষ্টত

ঘ) কোষকেন্দ্ৰত

উত্তৰ: পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উত্পন্ন হোৱা বিক্ৰিয়াটো খ) মাইট’ন্ডিয়াত সম্পাদিত হয়।

প্ৰশ্ন ৫: আমাৰ দেহত কেনকৈ চৰ্বীসমূহ পাচন হয়? এই প্ৰক্ৰিয়াটো ক’ত সংঘটিত হয়?

উত্তৰ: পাচন নলীৰ ক্ষুদ্ৰান্তত পাচক গ্রন্থি যকৃত আৰু অগ্নাশয়য়ে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি। যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে খাদ্যৰ চৰ্বী অংশত ক্রিয়া কৰে। চৰ্বী অণুৰ আকাৰ বৃহৎ আৰু খণ্ডযুক্ত বাবে ক্ষুদ্ৰান্তৰ উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে। পিত্ত লৱণৰ উপস্থিতিত চৰ্বী অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয়। এই সৰল চৰ্বী অণুসমূহৰ ওপৰত উৎসেচকে সহজে ক্রিয়া কৰিব পাৰে আৰু এই উৎসেচকে অৱশিষ্ট চৰ্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়। এনেদৰে আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্য সমূহ পাচন হয়।

এই প্ৰক্ৰিয়াটো শৰীৰৰ পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত সংঘটিত হয়।

প্ৰশ্ন ৬: পাচনত লালটিৰ ভূমিকা কি?

উত্তৰ: পাচনত লালটিৰ ভূমিকাবোৰ হৈছে:

  • লালটিয়ে খাদ্যৰ লগত মিহলি হৈ আহাৰখিনি পিচল কৰে। ইয়াৰ ফলত আহাৰ খাদ্য নলীৰ পশ্চাৎ আংশলৈ সহজে গতি কৰিব পাৰে।
  • লালটিত থকা উৎসেচক এমাইলেজে মুখ গহ্বৰত খাদ্যৰ জটিল শ্বেতসাৰ অংস ভাঙি সৰল চেনিৰ অণুলৈ পৰিৱৰ্তন কৰে।

প্ৰশ্ন ৭: স্বপোষীত পৰিপুষ্টিত কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?

উত্তৰ: স্বপোষীত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হৈছে কাৰ্বন ডাই অক্সাইড, পানী, পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰ

ইয়াৰ উপাজাত পদাৰ্থবোৰ হৈছে গ্লুক’জ, অক্সিজেন আৰু পানী

প্ৰশ্ন ৮: সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।

উত্তৰ: সবাত আৰু অবাত শ্বসনৰ মাজৰ পাৰ্থক্য সমূহ হৈছে:

সবাত শ্বসনঅবাত শ্বসন
অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়
এই প্ৰক্ৰিয়াত গ্লু’কজৰ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বন ডাই-অক্সাইড, পানী আৰু শক্তিৰ সৃষ্টি কৰেএই প্ৰক্ৰিয়াত গ্লু’কজৰ অণু আংশিকভাৱে জাৰিত হৈ শক্তি উৎপন্ন কৰাৰ লগতে ইথাইল এলক’হল আৰু কাৰ্বন ডাই-অক্সাইড সৃষ্টি কৰে ।
উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক হয়উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম
মাইট’কণ্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয়মাইট’কণ্ড্ৰিয়াৰ বাহিৰত কোষপ্ৰৰসত সংঘটিত হয়

সবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম হৈছে মানুহ, পক্ষী, জন্তু আদি।

অবাত শ্বসন কিছুমান এককোষী জীৱ যেনে ইষ্ট, বেক্টেৰিয়া আদিয়ে সম্পাদন কৰে।

প্ৰশ্ন ৯: প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?

উত্তৰ: হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি কৰে। এই বেলুন সদৃশ অংগবোৰক বায়ুকোষ বুলি কোৱা হয়। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্র ৰক্ত কণিকাই জালিকা গঠন কৰে য’ত গেছৰ বিনিময় সংগঠিত হয়। উশাহ লোৱাৰ সময়ত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰোতে গেছসমূহৰ বিনিময়ৰ বাবে সৰ্বাধিক পৰিমাণৰ ঠাইৰ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে আৰু ফলস্বৰূপে গেছ সহজে অহা যোৱা কৰিব পাৰে।

প্ৰশ্ন ১০: আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?

উত্তৰ: আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে শক্তিৰ অভাৱে দেখা দিব আৰু দেহৰ প্ৰতিৰোধ ক্ষমতাৰ স্তৰ হ্ৰাস হ’ব। ফলস্বৰূপে দুৰ্বলতা, বিবৰ্ণতা আদিৰ দৰে লক্ষণসমূহে দেখা দিব।

প্ৰশ্ন ১১: মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?

উত্তৰ: মানুহৰ দেহত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হয়। ইয়াকে তেজৰ দ্বৈত পৰিবহণ বা দ্বৈত ৰক্ত সংবহন বুলি কোৱা হয়।

মানুহৰ দেহৰ বিভিন্ন অংশসমূহৰ পৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰৱেশ কৰে, য’ৰ পৰা ই সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু সোঁ নিলয়টো সংকুচিত হৈ তেজ হাওঁফাওঁলৈ যায়। হাওঁফাওঁত তেজসমূহ অক্সিজেনযুক্ত হয়। এই অক্সিজেনযুক্ত তেজসমূহ তাৰ পিছত বাওঁ অলিন্দলৈ আহে আৰু বাওঁ নিলয় হৈ দেহৰ সকলো অংশলৈ যায়। এই সম্পূৰ্ণ চক্ৰটোত তেজসমূহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হয়।

দ্বৈত পৰিবহণ বা দ্বৈত ৰক্ত সংবহনৰ প্ৰয়োজনীয়তা হৈছে:

  • ই অক্সিজেনযুক্ত (বিশুদ্ধ) আৰু অক্সিজেনবিহীন (অশুদ্ধ) তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে, যি দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে যথেষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাত সহায় কৰে।
  • দ্বৈত পৰিবহণে দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰে। ফলস্বৰূপে মানুহৰ দেহত অক্সিজেনৰ নৈপুন্যতা বৃদ্ধি পায়।

প্ৰশ্ন ১২: জাইলেম আৰু ফ্ল’ৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?

উত্তৰ: জাইলেম আৰু ফ্লোৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ হৈছে:

জাইলেমফ্ল’ৱেম
পানী আৰু খনিজ লৱণৰ পৰিবহণ কৰেঅক্সিজেনৰ অনুপস্থিতত দ্ৰৱীভূত খাদ্য দ্ৰব্য, এমিন’ এছিড আদি পৰিবহণ কৰে
ইয়াৰ পৰিবহণৰ দিশ ঊৰ্ধ্বমূখী হয়ঊৰ্ধ্বমূখী আৰু নিম্নমুখী দুয়োটা দিশতে পৰিবহণ হয়
নিষ্ক্ৰিয় পৰিবহণ যিহেতু শক্তিৰ প্ৰয়োজন নহয়সক্ৰিয় পৰিবণ যিহেতু ATP ৰ দ্বাৰা যোগান ধৰা শক্ৰিৰ প্ৰয়োজন হয়
জাইলেম কলাই নলিকা আৰু ট্ৰেকাইড নামৰ মৃত কলাসমূহৰ যোগেদি কাৰ্য সমাধা কৰেফ্ল’ৱেম কলাই চালনি নলিকা আৰু জীৱিত সংগীকোষসমূহৰ যোগেদি কাৰ্য সমাধা কৰে

প্ৰশ্ন ১৩: হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰ’নৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।

উত্তৰ: গঠনৰ ভিত্তিত হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰ’নৰ মাজৰ তুলনা হৈছে:

হাঁওফাঁওৰ বায়ুকোষবৃক্কৰ নেফ্ৰ’ন
ইয়াৰ আকৃতি বেলুনৰ দৰেইয়াৰ আকৃতি চুঙাৰ দৰে
বায়ুকোষৰ বেৰসমূহ ডাঠনেফ্ৰ’নৰ বেৰসমূহ পাতল

কাৰ্যৰ ভিত্তিত হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰ’নৰ মাজৰ তুলনা হৈছে:

হাঁওফাঁওৰ বায়ুকোষবৃক্কৰ নেফ্ৰ’ন
গেছৰ বিনিময়ত সহায় কৰেদেহৰ অতিৰিক্ত পানী, বিপাকীয় কার্যত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ নাইট্রজেন জাতীয় পদার্থসমূহ ৰক্তস্রোতৰ পৰা পৃথক কৰি মুত্র হিচাপে অপসাৰিত কৰে

অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায় (Class 10 Science Chapter 6 Assamese) “জীৱন প্ৰক্ৰিয়া দশম শ্ৰেণী” ৰ প্ৰশ্ন উত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 6 Question and Answer in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

পূৰ্বৰ অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এছিড, ক্ষাৰক আৰু লৱণ, ধাতু আৰু অধাতু, কাৰ্বন আৰু তাৰ যৌগ আৰু মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজনৰ প্ৰশ্ন আৰু উত্তৰও পঢ়িব পাৰে।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 10 Science Chapter 6 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 6 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 6
  • জীৱন প্ৰক্ৰিয়া প্ৰশ্ন উত্তৰ
  • জীৱন প্ৰক্ৰিয়া class 10 question answer
  • Seba Class 10 Science Chapter 6 Question Answer
  • জীৱন প্ৰক্ৰিয়া দশম শ্ৰেণী

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় জীৱন প্ৰক্ৰিয়াৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

4.8/5 - (31 votes)

3 thoughts on “জীৱন প্ৰক্ৰিয়া (দশম শ্ৰেণী) | SEBA Class 10 Science Chapter 6 Question Answers in Assamese Medium”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top