পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 10 Question Answer in Assamese Mediumদশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ১০ পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ ৰ সমাধান অথবা প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ১০নং অধ্যায়টোৰ নাম হৈছে পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ। ১০ নং অধ্যায়ৰ অনুশীলনীত মুঠ ১৭টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ১০নং অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ (Class 10 Science Chapter 10 question answer in Assamese) অৰ্থাৎ পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ১৬৮ নং পৃষ্ঠাৰ (Page No 168)পৰা

প্ৰশ্ন ১: অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।

উত্তৰ: অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে পৰা পোহৰৰ ৰশ্মিসমূহে প্রতিফলিত হৈ যি বিন্দুত মিলিত হয়, সেই বিন্দুটোকে অৱতল দাপোণৰ মুখ্য ফ’কাছ বুলি কোৱা হয়।

প্ৰশ্ন ২: গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান?

উত্তৰ: গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ (R) হ’ল 20 ছেমি।

আমি জানো যে গোলাকাৰ দাপোণৰ ক্ষেত্ৰত, ভাঁজ ব্যাসাৰ্ধ (R) হৈছে ফ’কাছ দৈৰ্ঘ্য (f)ৰ দুগুণ,

অৰ্থাৎ

R = 2\times f

গতিকে, ফ’কাছ দৈৰ্ঘ্য হ’ব:

f=\frac{R}{2}​=\frac{20}{2}​=10 ছেমি

গোলাকাৰ দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য হৈছে 10 ছেমি।

প্ৰশ্ন ৩: এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

উত্তৰ: অৱতল দাপোন।

প্ৰশ্ন ৪: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয়?

উত্তৰ: উত্তল দাপোণে সৰু আকাৰৰ থিয় প্ৰতিবিম্ব সৃষ্টি কৰে আৰু এই প্ৰতিবিম্বৰ দৃষ্টিক্ষেত্ৰ বিস্তৃত হয়। সেয়েহে চালকে পিছফালে বহুত দূৰলৈকে যান-বাহনৰ বিস্তৃত দৃশ্য দেখা পায়। এই কাৰণেই গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।

প্ৰশ্নাৱলী ১৭১ নং পৃষ্ঠাৰ (Page No 171)পৰা

প্ৰশ্ন ১: 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

উত্তৰ: উত্তল দাপোণৰ ফ’কাছ দৈৰ্ঘ্য হ’ল দাপোণৰ ব্যাসাৰ্ধৰ অৰ্ধেক।

গতিকে, 32 cm ব্যাসাৰ্ধৰ উত্তল দাপোণৰ ফ’কাছ দৈৰ্ঘ্য হ’ব:

{f} = \frac{R}{2} = \frac{32}{2} cm​ = 16cm

গণনা অনুসৰি, ফ’কাছ দৈৰ্ঘ্য 16 cm হ’ব।

প্ৰশ্ন ২: অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি?

উত্তৰ: দিয়া আছে,

বস্তুৰ অৱস্থান, (u) = -10 cm

বিৱৰ্ধন, (m) = -3

প্ৰতিবিম্বৰ অৱস্থান, (v) = ?

আমি জানো যে,

বিৱৰ্ধন, m = \frac{-v}{u}

উক্ত সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

-3 = \frac{-(v)}{-10}

v = \frac{(10) \times -3}{1} cm

v = -30 cm

গতিকে, প্ৰতিবিম্বৰ অৱস্থান (v) = -30 cm

∴ প্ৰতিবিম্বটো অৱতল দাপোণৰ সন্মুখত 30 cm দূৰত্বত অৱস্থিত হ’ব।

প্ৰশ্নাৱলী ১৭৬ নং পৃষ্ঠাৰ (Page No 176)পৰা

প্ৰশ্ন ১: পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিছে। পোহৰৰ ৰশ্মিলৰ উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হব? কিয়?

উত্তৰ: পোহৰৰ ৰশ্মি এডাল যেতিয়া বায়ুৰ পৰা পানীত প্ৰৱেশ কৰে, তেতিয়া ই উলম্বৰ কাষলৈ বেঁকা হয়। এই ঘটনাটোক প্ৰতিসৰণ বুলি কোৱা হয়। কাৰণ পানী এক ঘনত্বৰ মাধ্যম আৰু বায়ু এক লঘুতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি এক লঘুতৰ মাধ্যমৰ পৰা এক ঘনত্বৰ মাধ্যমলৈ যায়, তেতিয়া ই অভিলম্বৰ কাষলৈ বেঁকা হয়।

প্ৰশ্ন ২: পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি 3\times10^8 m প্ৰতি চেকেণ্ড।

উত্তৰ:

শূন্যত পোহৰৰ বেগ (c) = 3 \times 10^8 m/s

কাঁচৰ প্ৰতিসৰণাংক (n_g) = 1.5

কাঁচত পোহৰৰ দ্ৰুতি = \frac{c}{n_g} = \frac{3 \times 10^8}{1.5} = 2 \times 10^8 m/s

গতিকে, কাঁচত পোহৰৰ দ্ৰুতি হ’ব 2 \times 10^8 m/s।

প্ৰশ্ন ৩: তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।

উত্তৰ: সৰ্বোচ্চ আলোকী ঘনত্ব থকা মাধ্যমটো হৈছে হীৰা, যাৰ প্ৰতিসৰণাংক 2.42 আৰু সৰ্বনিম্ন আলোকী ঘনত্ব থকা মাধ্যমটো হৈছে বায়ু, যাৰ প্ৰতিসৰণাংক 1.0003।

প্ৰশ্ন ৪: তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ? তালিকা 10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।

উত্তৰ: কেৰাচিন, টাৰপেনটাইন, আৰু পানীৰ মাজত, পানীত পোহৰৰ দ্ৰুতি সৰ্বাধিক হয় কাৰণ ইয়াৰ প্ৰতিসৰণাংক সৰ্বনিম্ন।

  • কেৰাচিনৰ প্ৰতিসৰণাংক: 1.44
  • টাৰপেনটাইনৰ প্ৰতিসৰণাংক: 1.47
  • পানীৰ প্ৰতিসৰণাংক: 1.33

প্ৰতিসৰণাংক কম হ’লে পোহৰৰ দ্ৰুতি বেছি হয়। সেয়েহে, পানীত পোহৰৰ দ্ৰুতি সৰ্বাধিক।

প্ৰশ্ন ৫: হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি?

উত্তৰ: হীৰাৰ প্ৰতিসৰণাংক 2.42 মানে হীৰাত পোহৰৰ গতি বায়ুত পোহৰৰ গতিৰ তুলনাত 2.42 গুণ কম।

অথবা, হীৰাত পোহৰৰ গতি বায়ুত পোহৰৰ গতিৰ \frac{1}{2.42​} গুণ।

প্ৰশ্নাৱলী ১৮৪ নং পৃষ্ঠাৰ (Page No 184)পৰা

প্ৰশ্ন ১: লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰ: যদি লেনছ এখনৰ ফ’কাছ দৈৰ্ঘ্য 1 মিটাৰ হয়, তেন্তে তাৰ ক্ষমতা হৈছে 1 ডায়’প্টাৰ।

গণিতিক ভাষাত:

ক্ষমতা (ডায়’প্টাৰ)=\frac{1}{ফ’কাছ দৈৰ্ঘ্য (মিটাৰ)}

এই সমীকৰণে আমাক দেখুৱায় যে ফ’কাছ দৈৰ্ঘ্য যদি কম হয়, তেন্তে লেনছৰ ক্ষমতা বেছি হয়। আৰু যদি ফ’কাছ দৈৰ্ঘ্য বেছি হয়, তেন্তে ক্ষমতা কম হয়।

প্ৰশ্ন ২: উত্তল লেনছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেনছৰ সম্মুখত ক’ত ৰখা হৈছিল? ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰ: এই ক্ষেত্ৰত,

  • প্ৰতিবিম্বৰ দূৰত্ব (v) = +50 ছেমি আৰু
  • বস্তুৰ দূৰত্ব (u) = -50 ছেমি

লেনছৰ সূত্ৰ,

\frac{1}{f} = \frac{1}{v} - \frac{1}{u}

ফ’কাছ দৈৰ্ঘ্য:

\frac{1}{f}​=\frac{1}{50}​−\frac{1}{-50}​

\Rightarrow\frac{1}{f}​=\frac{1}{50}​+\frac{1}{50}​

\Rightarrow\frac{1}{f}=\frac{2}{50}​=\frac{1}{25}

\Rightarrow f=25

গতিকে, f = 25 ছেমি বা f = 0.25 মিটাৰ।

লেনছৰ ক্ষমতা, (P) = \frac{1}{f} মিটাৰ

তেনেহ’লে,

P=\frac{1}{0.25}

\Rightarrow P=4 ডায়’প্টাৰ (D)

∴ লেনছৰ ক্ষমতা 4 ডায়’প্টাৰ।

প্ৰশ্ন ৩: 2m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰ: ইয়াত,

ফকাছ দৈৰ্ঘ্য, (f) = -2m (অৱতল লেনছ)

আমি জানো যে,

ক্ষমতা (P) = \frac{1}{f}

সেয়েহে,

P =\frac{1}{-2}

P = -0.5D

গতিকে লেনছৰ ক্ষমতা (P) = -0.5D

সম্পৰ্কীয় পোষ্ট:
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1
2. এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2
3. ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3
4. কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4
5. মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5
6. জীৱন প্ৰক্ৰিয়া | SEBA Class 10 Science Chapter 6
7. নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7
8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8
9. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9

অনুশীলনী

প্ৰশ্ন ১: তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?

(a) পানী
(b) কাঁচ
(c) প্লাষ্টিক
(d) মৃত্তিকা (clay)

উত্তৰ: (d) মৃত্তিকা (clay)

প্ৰশ্ন ২: অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?

(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত
(b) ভাঁজ কেন্দ্ৰ
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত

উত্তৰ: (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত

প্ৰশ্ন ৩: লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেনছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?

(a) লেনছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত

উত্তৰ: (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

প্ৰশ্ন ৪: এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেনছ প্ৰত্যেকৰে ফ’কাচ দৈৰ্ঘ্য -15 cm। দাপোণ আৰু লেনছৰ প্ৰকৃত কেনেকুৱা হ’ব পাৰে?

(a) দুয়োখন অবতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেনছখন উত্তল
(d) দাপোণখন উত্তল লেনছখন অৱতল ।

উত্তৰ: (a) দুয়োখন অবতল

প্ৰশ্ন ৫: দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?

(a) সমতল
(b) অৱতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল

উত্তৰ: (d) হয় সমতল নতুবা উত্তল

প্ৰশ্ন ৬: অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

(a) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ
(b) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ
(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ
(d) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ

উত্তৰ: (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ

প্ৰশ্ন ৭: 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা।

উত্তৰ: অৱতল দাপোণ ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ থিয় প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো মেৰু আৰু ফ’কাছৰ মাজত ৰাখিব লাগিব। গতিকে লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ 0 তকৈ ডাঙৰ আৰু 50 ছেমি তকৈ কম হ’ব লাগিব। দাপোণখনে গঠন কৰা প্ৰতিবিম্ব অসৎ, থিয় আৰু ই লক্ষ্যবস্তুতকৈ ডাঙৰ হ’ব।

এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবলৈ তলত দিয়া ধৰণে ৰশ্মি চিত্ৰ আঁকিব পাৰি,

ৰশ্মি চিত্ৰ

প্ৰশ্ন ৮: তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপােণৰ প্ৰকাৰ লিখা

(a) গাড়ীৰ হেডলাইট
(b) গাড়ীৰ পিছলৈ চোৱা দাপােণ
(c) সৌৰ ভাতী

উত্তৰ:

(a) গাড়ীৰ হেডলাইট: অৱতল দাপোণ। এই দাপোণে প্ৰকাশিত প্ৰকাশ বিকিৰণক এক বিন্দুত সংঘটিত কৰে, যি গাড়ীৰ পথ প্ৰদীপ্ত কৰে।

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ: উত্তল দাপোণ। এই দাপোণে চালকক পিছফালৰ দৃশ্য বৃহত্তৰ কৰি দেখুৱায়।

(c) সৌৰ ভাতী: অৱতল দাপোণ। সৌৰ ভাতীত ব্যৱহৃত অৱতল দাপোণে সূৰ্যৰ প্ৰকাশক এক বিন্দুত সংঘটিত কৰে, যি উষ্ণতা উৎপন্ন কৰে আৰু খাদ্য ৰন্ধাৰ কামত আহে।

প্ৰশ্ন ৯: উত্তল লেন্‌ছ এখনৰ অর্ধাংশ ক’লা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্থখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিবনে? তােমাৰ উত্তৰ পৰীক্ষাৰ যােগেদি প্রমাণ কৰা। তােমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

উত্তৰ: উত্তল লেন্‌ছ এখনৰ আধা অংশ ক’লা কাগজেৰে ঢাকি দিলেও সেই লেন্‌ছখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিব পাৰে। কাৰণ প্ৰতিবিম্ব গঠনৰ বাবে লেন্‌ছৰ সম্পূর্ণ পৃষ্ঠভাগৰ প্ৰয়োজন নহয়।

যদি লেন্‌ছৰ আধা অংশ ঢাকি দিয়া হয় তেতিয়া প্ৰতিবিম্বৰ তীব্রতা হ্ৰাস পাব।

তদুপৰি প্ৰতিবিম্বটো সৎ আৰু ওলোটা হ’ব।

প্ৰশ্ন ১০: 5cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।

উত্তৰ: ইয়াত,

  • ফ’কাচ দৈৰ্ঘ্য f = 10 , \text{cm}
  • লক্ষ্যবস্তুৰ দূৰত্ব u = -25 , \text{cm}
  • লক্ষ্যবস্তুৰ আকাৰ h = 5 , \text{cm}

প্ৰতিবিম্বৰ দূৰত্ব (v) আৰু প্ৰতিবিম্বৰ আকাৰ (h’) নিৰ্ণয় কৰিবলৈ আমি লেন্‌ছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ:

\frac{1}{f} = \frac{1}{v} - \frac{1}{u}

এই সূত্ৰ ব্যৱহাৰ কৰি:

\frac{1}{v} = \frac{1}{f} + \frac{1}{u} = \frac{1}{10} + \frac{1}{-25} = \frac{2.5 - 1}{25} = \frac{1.5}{25}

v = \frac{25}{1.5} \approx 16.67 , \text{cm}

প্ৰতিবিম্বৰ আকাৰ (h’) নিৰ্ণয় কৰিবলৈ:

\frac{h’}{h} = \frac{v}{u}

h’ = \frac{v}{u} \times h = \frac{16.67}{-25} \times 5 \approx -3.33 , \text{cm}

গতিকে, প্ৰতিবিম্বটো ওলোটা আৰু লক্ষ্যবস্তুতকৈ সৰু হ’ব। প্ৰতিবিম্বটো লেন্‌ছৰ পৰা প্ৰায় 16.67 cm দূৰত্বত অৱস্থিত হ’ব।

ৰশ্মিচিত্ৰত লক্ষ্যবস্তুটো লেন্‌ছৰ পৰা 25 cm দূৰত্বত আৰু প্ৰতিবিম্বটো লেন্‌ছৰ পৰা 16.67 cm দূৰত্বত অৱস্থিত হ’ব। লক্ষ্যবস্তুৰ আকাৰ 5 cm আৰু প্ৰতিবিম্বৰ আকাৰ -3.33 cm হ’ব।

প্ৰশ্ন ১০ ৰশ্মিচিত্ৰ

প্ৰশ্ন ১১: 15cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেনছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্ৰ আঁকা।

উত্তৰ: আমি জানো যে অৱতল লেন্‌ছৰ ক্ষেত্ৰত ফ’কাচ দৈৰ্ঘ্য ঋণাত্মক হয়।

  • ফ’কাচ দৈৰ্ঘ্য f = -15 , \text{cm}
  • প্ৰতিবিম্বৰ দূৰত্ব v = -10 , \text{cm}

আমি লেন্‌ছৰ সূত্ৰ ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ দূৰত্ব (u) নিৰ্ণয় কৰিব পাৰোঁ:

\frac{1}{f} = \frac{1}{v} - \frac{1}{u}

এই সূত্ৰ অনুসৰি:

\frac{1}{u} = \frac{1}{v} - \frac{1}{f} = \frac{1}{-10} - \frac{1}{-15} = \frac{-3 + 2}{30} = \frac{-1}{30}

u = -30 , \text{cm}

গতিকে, লক্ষ্যবস্তুটো লেন্‌ছৰ পৰা 30 cm দূৰত্বত আছে।

ৰশ্মিচিত্ৰত লক্ষ্যবস্তুটো লেন্সৰ পৰা 30 cm দূৰত্বত আৰু প্ৰতিবিম্বটো লেন্সৰ পৰা 10 cm দূৰত্বত অৱস্থিত হ’ব।

প্ৰশ্ন ১১ ৰশ্মিচিত্ৰ

প্ৰশ্ন ১২: 15cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰ: আমি জানো যে উত্তল দাপোণৰ ক্ষেত্ৰত ফ’কাচ দৈৰ্ঘ্য ধনাত্মক হয়।

  • ফ’কাচ দৈৰ্ঘ্য f = 15 , \text{cm}
  • লক্ষ্যবস্তুৰ দূৰত্ব u = -10 , \text{cm}

এতিয়া আমি দাপোণৰ সূত্ৰ ব্যৱহাৰ কৰি প্ৰতিবিম্বৰ দূৰত্ব (v) নিৰ্ণয় কৰিব পাৰোঁ:

\frac{1}{f} = \frac{1}{v} + \frac{1}{u}

এই সূত্ৰ অনুসৰি:

\frac{1}{v} = \frac{1}{f} - \frac{1}{u} = \frac{1}{15} - \frac{1}{-10} = \frac{2 + 3}{30} = \frac{5}{30}

v = 6 \text{cm}

গতিকে, প্ৰতিবিম্বটো দাপোণৰ পৰা 6 cm দূৰত্বত গঠিত হ’ব।

বিৱৰ্ধন ( m ) নিৰ্ণয় কৰিবলৈ:

m = \frac{-v}{u} = \frac{-(6)}{-10} = \frac{6}{10} = 0.6

গতিকে, বিৱৰ্ধন m = 0.6 হ’ব।

যিহেতু v ধনাত্মক, প্ৰতিবিম্বটো অসৎ আৰু থিয় হ’ব। এই প্ৰতিবিম্বটো দাপোণৰ পিছফালে গঠিত হ’ব।

প্ৰশ্ন ১৩: সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি?

উত্তৰ: সমতল দাপোণে +1 বিবৰ্ধন দিয়াৰ অৰ্থ হ’ল যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। যেতিয়া বিবৰ্ধন ( m = +1 ) হয়, তেতিয়া প্ৰতিবিম্বটো অসৎ আৰু থিয় হয়।

প্ৰশ্ন ১৪: 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

উত্তৰ: ইয়াত,

  • ভাঁজ ব্যাসাৰ্ধ R = 30 \text{cm}
  • ফ’কাচ দৈৰ্ঘ্য f = \frac{R}{2} = \frac{30}{2} = 15 \text{cm}
  • লক্ষ্যবস্তুৰ দূৰত্ব u = -20 \text{cm}
  • লক্ষ্যবস্তুৰ আকাৰ h = 5 \text{cm}

দাপোণৰ সূত্ৰ অনুসৰি:

\frac{1}{f} = \frac{1}{v} + \frac{1}{u}

\Rightarrow \frac{1}{15} = \frac{1}{v} + \frac{1}{-20}

\Rightarrow \frac{1}{v} = \frac{1}{15} + \frac{1}{20}

\Rightarrow \frac{1}{v} = \frac{4 +3}{60} = \frac{7}{60}

\Rightarrow v = \frac{60}{7}= 8.57 \text{cm}

প্ৰতিবিম্বৰ আকাৰ (h’) নিৰ্ণয় কৰিবলৈ:

\frac{h’}{h} = \frac{v}{u}

\Rightarrow h’ = \frac{-v}{u} \times h = \frac{-8.57}{-20} \times 5

\Rightarrow h’ = 2.14 \text{cm}

গতিকে, প্ৰতিবিম্বটো দাপোণৰ পৰা 8.57 cm দূৰত্বত গঠিত হ’ব আৰু ই অসৎ আৰু থিয় হ’ব। প্ৰতিবিম্বৰ আকাৰ হ’ব 2.14 cm।

প্ৰশ্ন ১৫: 18cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27cm দূৰত্বত 7cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰ: ইয়াত,

  • ফ’কাচ দৈৰ্ঘ্য f = -18 \text{cm}
  • লক্ষ্যবস্তুৰ দূৰত্ব u = -27 \text{cm}
  • লক্ষ্যবস্তুৰ আকাৰ h = 7 \text{cm}

দাপোণৰ সূত্ৰ অনুসৰি:

\frac{1}{f} = \frac{1}{v} + \frac{1}{u}

প্ৰতিবিম্বৰ দূৰত্ব (v) নিৰ্ণয় কৰিবলৈ:

\frac{1}{v} = \frac{1}{f} - \frac{1}{u} = -\frac{1}{18} + \frac{1}{27}

\frac{1}{v} = \frac{-3 + 2}{54} = -\frac{1}{54}

v = -54 \text{cm}

প্ৰতিবিম্বৰ আকাৰ (h’) নিৰ্ণয় কৰিবলৈ:

\frac{h’}{h} = \frac{-v}{u}

h’ = \frac{-v}{u} \times h = -\frac{-54}{-27} \times 7

h’ = -14 \text{cm}

গতিকে, পৰ্দাখন দাপোণৰ সন্মুখত 54 cm দূৰত্বত ৰাখিব লাগিব। প্ৰতিবিম্ব সৎ, ওলোটা, আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ হ’ব। প্ৰতিবিম্বৰ আকাৰ হ’ব 14 cm, যাৰ অৰ্থ প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ দুগুণ ডাঙৰ হ’ব।

প্ৰশ্ন ১৬: -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান? লেনছখনৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰ: ইয়াত,

লেনছৰ ক্ষমতা P = -2.0 \text{D}

লেনছৰ ফ’কাছ দৈৰ্ঘ্য (f) নিৰ্ণয় কৰিবলৈ:

f = \frac{1}{P}

এই সূত্ৰ অনুসৰি:

f = \frac{1}{-2.0} = -0.5 \text{m}\, \text{বা} -50 \text{cm}

যিহেতু ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক, লেনছখন অৱতল লেনছ।

প্ৰশ্ন ১৭: ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেনছৰ ক্ষমতা + 1.5D। লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেনছখন অভিসাৰী নে অপসাৰী?

উত্তৰ: ইয়াত,

লেনছৰ ক্ষমতা P = +1.5 \text{D}

লেনছৰ ফ’কাছ দৈৰ্ঘ্য (f) নিৰ্ণয় কৰিবলৈ:

f = \frac{1}{P}

এই সূত্ৰ অনুসৰি:

f = \frac{1}{1.5} = \frac{2}{3} \text{m}

\Rightarrow f = 0.67 \text{m}\, \text{বা} \,66.67 \text{cm}

যিহেতু ক্ষমতা ধনাত্মক, লেনছখন অভিসাৰী লেনছ।


অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ দশম অধ্যায় (Class 10 Science Chapter 10 Assamese) “পোহৰ– প্ৰতিফলন আৰু প্ৰতিসৰণ” ৰ প্ৰশ্ন উত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ দশম অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 10 Question and Answer in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

পূৰ্বৰ অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এছিড, ক্ষাৰক আৰু লৱণ, ধাতু আৰু অধাতু, কাৰ্বন আৰু তাৰ যৌগমৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন জীৱন প্ৰক্ৰিয়া, আৰু নিয়ন্ত্ৰণ আৰু সমন্বয় ৰ প্ৰশ্ন আৰু উত্তৰও পঢ়িব পাৰে।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 10 Science Chapter 10 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 10 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 10
  • পোহৰ– প্ৰতিফলন আৰু প্ৰতিসৰণ প্ৰশ্ন উত্তৰ
  • পোহৰ– প্ৰতিফলন আৰু প্ৰতিসৰণ class 10 question answer
  • Seba Class 10 Science Chapter 10 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় পোহৰ– প্ৰতিফলন আৰু প্ৰতিসৰণ (SEBA Class 10 Science Chapter 10 Question Answer in Assamese Medium) ৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

Rate this post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top