কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 4 Question Answer in Assamese Medium, SEBA Class 10 Science Chapter 4 question answer, দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৪ কাৰ্বন আৰু তাৰ যৌগৰ সমাধান অথবা দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৪ কাৰ্বন আৰু তাৰ যৌগৰ প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ৪নং অধ্যায়টোৰ নাম হৈছে কাৰ্বন আৰু তাৰ যৌগ। ৪ নং অধ্যায়ৰ অনুশীলনীত মুঠ ১৫টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ৪নং অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৪ (Class 10 Science Chapter 4 in Assamese) অৰ্থাৎ কাৰ্বন আৰু তাৰ যৌগ ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ৬৮ নং পৃষ্ঠাৰ (Page No 68)পৰা

প্ৰশ্ন ১: কার্বন-ডাই-অক্সাইড (CO_2) ৰ ইলেকট্রন বিন্দু গঠন কি হ’ব?

উত্তৰ: কার্বন-ডাই-অক্সাইডৰ ইলেকট্রন বিন্দু গঠন হৈছে:

কার্বন-ডাই-অক্সাইডৰ ইলেকট্রন বিন্দু গঠন

প্ৰশ্ন ২: আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন আঁকা। (ইংগিত-আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে)।

উত্তৰ: আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন হৈছে:

ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন
ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন

প্ৰশ্ন ৩: পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?

উত্তৰ: পেন্টেনৰ তিনিটা সমযোগী গঠন হৈছে পেণ্টেন, আইছ’পেণ্টেন আৰু নিঅ’পেণ্টেন। এইবোৰৰ গঠন সমযোগী হৈছে:

পেন্টেনৰ তিনিটা সমযােগী গঠন হৈছে পেণ্টেন, আইছ’পেণ্টেন আৰু নিঅ’পেণ্টেন। এইবোৰৰ গঠন সমযােগী হৈছে:

প্ৰশ্ন ৪: কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন-যৌগ পাওঁ?

উত্তৰ: কার্বনৰ কেটিনেছন আৰু সমযযাগিতা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন-যৌগ পাওঁ।

প্ৰশ্ন ৫: চাইক্লপেন্টেনৰ সংকেত আৰু ইলেকট্রনীয় বিন্দু গঠন লিখা।

উত্তৰ: চাইক্লপেন্টেনৰ সংকেত হৈছে: C_5H_{10}

চাইক্লপেন্টেনৰ ইলেকট্রনীয় বিন্দু গঠন হৈছে:

চাইক্লপেন্টেনৰ ইলেকট্রনীয় বিন্দু গঠন

প্ৰশ্ন ৬: তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা।

  • ইথানয়িক এছিড
  • ব্রম’পেন্টেন
  • বিউটান’ন F-18
  • হেক্সানেল

ব্রম’পেন্টেনৰ সমযোগী সম্ভৱনে?

উত্তৰ:

  1. ইথানয়িক এছিডৰ গঠন হৈছে:
ইথানয়িক এছিডৰ গঠন

2. ব্রম’পেন্টেনৰ গঠন হৈছে:

ব্রম’পেন্টেনৰ গঠন

3. বিউটান’ন F-18 ৰ গঠন হৈছে:

বিউটান’ন F-18 ৰ গঠন

4. হেক্সানেলৰ গঠন হৈছে:

হেক্সানেলৰ গঠন

ব্রম’পেন্টেনৰ সমযোগী সম্ভৱ হয়।

প্ৰশ্ন ৭: তলৰ যৌগবোৰৰ নাম লিখা

উত্তৰ: (i) ব্রমইথেন (ii) মিথানেল (iii) হেক্সাইন

প্ৰশ্নাৱলী ৭১ নং পৃষ্ঠাৰ (Page No 71)পৰা

প্ৰশ্ন ১: ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?

উত্তৰ: ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ’মেটে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰে। যিহেতু এই বিক্ৰিয়াত ইথানলৰ লগত অক্সিজেন যোগ হয় সেয়ে এইটো এটা জাৰণ বিক্ৰিয়া।

প্ৰশ্ন ২: লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?

উত্তৰ: লোহা জোৰা দিয়া সময়ত উৎপন্ন হোৱা তাপৰ পৰিমাণ অতি গুৰুত্বপূৰ্ণ। যেতিয়া ইথাইন আৰু অক্সিজেনৰ মিশ্ৰণ দহন কৰা হয়, ই সম্পূৰ্ণৰূপে দহন হয় আৰু ই ইথাইন আৰু বায়ুৰ মিশ্ৰণৰ তুলনাত বেছি তাপ উৎপন্ন কৰে। সেয়েহে লােহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু ব্যৱহাৰ কৰা নহয়।

প্ৰশ্নাৱলী ৭৪ নং পৃষ্ঠাৰ (Page No 74)পৰা

প্ৰশ্ন ১: পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?

উত্তৰ: ছ’ডিয়াম কাৰ্বনেট আৰু লিটমাছ কাগজ ব্যৱহাৰ কৰি পৰীক্ষাৰ দ্বাৰা এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ দেখুৱাব পাৰি।

দুটা পৃথক পৰীক্ষানলীত এলক’হল আৰু কাৰ্বক্সিলিক এছিড লৈ দুয়োটাতে ছ’ডিয়াম কাৰ্বনেটৰ এক জুলীয়া দ্ৰৱ মিহলোৱা হ’ল। দেখা যায় যে এলক’হলে ছ’ডিয়াম কাৰ্বনেটৰ সৈতে কোনো বিক্ৰিয়া নকৰে কিন্তু কাৰ্বক্সিলিক এছিড থকা পৰীক্ষানলীটোত কাৰ্বন ডাই-অক্সাইডৰ নিৰ্গমনৰ বাবে বুৰবুৰণি দেখিবলৈ পোৱা যায়।

আকৌ এই দুয়োটা পৰীক্ষানলীত যদি নীল লিটমাছ কাগজ পৃথকে পৃথকে দিয়া হয় তেন্তে কার্বক্সিলিক এছিড থকা পৰীক্ষানলীটোত নীলা লিটমাছ কাগজৰ ৰং ৰঙা হ’ব কিয়নো এচিডে নীলা লিটমাছ কাগজৰ ৰং ৰঙা কৰে। কিন্তু এলকহল থকা পৰীক্ষানলীটোত লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়।

প্ৰশ্ন ২: জাৰক দ্ৰৱ্য কি?

উত্তৰ: যিবোৰ দ্ৰৱ্যই ৰাসায়নিক বিক্ৰিয়াত আন যৌগক অক্সিজেন দি জাৰিত কৰে সেই দ্ৰৱ্যবোৰক জাৰক দ্ৰৱ্য বুলি কোৱা হয়।

প্ৰশ্নাৱলী ৭৬ নং পৃষ্ঠাৰ (Page No 76)পৰা

প্ৰশ্ন ১: অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পাৰিবানে?

উত্তৰ: অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব নোৱাৰি কাৰণ অপমাৰ্জকে কঠিন আৰু কোমল দুয়োবিধ পানীতে ফেন উৎপন্ন কৰে।

প্ৰশ্ন ২: কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচতাত থুকুছে বা ভৰিৰে গছকে, ব্রাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্রত ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে?

উত্তৰ: লেতেৰা কাপোৰৰ গ্ৰিজ বা তেল জাতীয় কণা থাকে। পানীত তিয়াই চাবোন ঘঁহাৰ লগে লগে তাত মাইছেলিৰ উৎপন্ন হয়। মাইছেলি বা কণাপূঞ্জবোৰে কাপোৰৰ পৃষ্ঠত থকা মলিক আগুৰি ধৰি ৰাখে। যেতিয়া কাপোৰখন পানীত জোকাৰি বা থুকুচি দিয়া হয়, তেতিয়া মলিসহ মাইছেলিবোৰ পানীলৈ যায় আৰু কাপোৰখন পৰিস্কাৰ হৈ পৰে। সেয়েহে কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে।

সম্পৰ্কীয় পোষ্ট:
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1
2. এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2
3. ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3
4. মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5
5. জীৱন প্ৰক্ৰিয়া | SEBA Class 10 Science Chapter 6
6. নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7
7. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8
8. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9
9. পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10

অনুশীলনী

প্ৰশ্ন ১: ইথেন (C_2H_6) অণু এটাত

(a) 6 টা সহযোজী বান্ধনি আছে
(b) 7 টা সহযোজী বান্ধনি আছে
(c) 8 টা সহযোজী বান্ধনি আছে
(d) 9 টা সহযোজী বান্ধনি আছে

উত্তৰ: ইথেন (C_2H_6) অণু এটাত (b) 7 টা সহযােজী বান্ধনি আছে।

প্ৰশ্ন ২: চাৰিটা কার্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল

(a) কার্বক্সিলিক এছিড
(b) এলডিহাইড
(c) কিটন
(d) এলকহল

উত্তৰ: চাৰিটা কার্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল (c) কিটন।

প্ৰশ্ন ৩: ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) কলা পৰে কিয়নো

(a) খাদ্য ভালদৰে নিসিজিল
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়
(c) ইন্ধনটো সিক্ত
(d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়

উত্তৰ: ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) কলা পৰে কিয়নো (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

প্ৰশ্ন ৪: CH_3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ব্যাখ্যা কৰা।

উত্তৰ: দুটা পৰমাণুৰ মাজত ইলেক্ট্রনৰ ভাগবতৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বুলি কোৱা হয়।

CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ব্যাখ্যা কৰা

CH_3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ভালদৰে বুজি পাব পাৰি। CH_3CIত কাৰ্বন, হাইড্ৰ’জেন আৰু ক্ল’ৰিণৰ পৰমাণু আছে। কাৰ্বনৰ যোজ্য়তা 4, আনহাতে হাইড্ৰ’জেন আৰু ক্ল’ৰিণ উভয়ৰে যোজ্য়তা 1। কাৰ্বনে তিনিটা হাইড্ৰ’জেন আৰু ক্লৰিণৰ এটা পৰমাণুৰ লগত এটাকৈ ইলেকট্ৰণৰ ভাগবতৰা কৰি তাৰ বাকী থকা যোজ্য়তাবোৰ পূৰণ কৰিব। এই প্ৰক্ৰিয়াত তিনিওটা হাইড্ৰ’জেন আৰু এটা ক্ল’ৰিণৰ পৰমাণুৰো বাকী থকা যোজ্য়তাসমূহ পূৰণ হব আৰু প্ৰতিটো পৰমাণুৱে সুষ্টিৰ অষ্টক লাভ কৰিব।

প্ৰশ্ন ৫: তলত দিয়া বিলাকৰ ইলেকট্রন বিন্দু গঠন লিখা

(a) ইথানয়িক এছিড
(b)
H_2S
(c) প্রপাননি
(d)
F_2

উত্তৰ:

ইথানয়িক এছিডৰ ইলেকট্রনীয় বিন্দু গঠন হৈছে:

ইথানয়িক এছিডৰ ইলেকট্রনীয় বিন্দু গঠন

H_2S ৰ ইলেকট্রনীয় বিন্দু গঠন হৈছে:

H2S ৰ ইলেকট্রনীয় বিন্দু গঠন

প্রপাননিৰ ইলেকট্রনীয় বিন্দু গঠন হৈছে:

প্রপাননিৰ ইলেকট্রনীয় বিন্দু গঠন

F_2 ৰ ইলেকট্রনীয় বিন্দু গঠন হৈছে:

F2 ৰ ইলেকট্রনীয় বিন্দু গঠন

প্ৰশ্ন ৬: সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।

উত্তৰ: যি শ্ৰেণীৰ যৌগত একে কাৰ্যকাৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বােলে।

উদাহৰণ স্বৰূপে এলকেন শ্রেণীৰ কেইটামান যৌগ, যেনে মিথেন (CH_4), ইথেন (C_2H_6), প্র’পেন (C_3H_8), বিউটেন (C_4H_{10}), পেন্টেন (C_5H_{12}), হেক্সেন (C_6H_{14}) আদি সমগণীয়।

প্ৰশ্ন ৭: ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য লিখা।

উত্তৰ: ভৌতিক  ধৰ্মৰ  ভিত্তিত কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য হৈছে:

ইথানল ইথানয়িক এচিড
ইথানলৰ এটা সুন্দৰ সুগন্ধ আছেইথানয়িক এছিডৰ সুগন্ধ তীব্ৰ আৰু তীক্ষ্ন
ইথানলৰ গলনাংক 156Kইথানয়িক এছিডৰ গলনাংক 290K
ইথানলৰ উতলাংক 351Kইথানয়িক এছিডৰ উতলাংক 391K

ৰাসায়নিক ধৰ্মৰ  ভিত্তিত কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য হৈছে:

ইথানল ইথানয়িক এচিড
ইথানলে এছিডে নীলা লিটমাছ কাগজৰ ৰং ৰঙালৈ পৰিৱৰ্তন কৰিব নোৱাৰেইথানয়িক এছিডে নীলা লিটমাছ কাগজৰ ৰং ৰঙালৈ পৰিৱৰ্তন কৰিব পাৰে
ইথানলে ছডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি এটা গেছ নিৰ্গত কৰেইথানয়িক এছিডে ছডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া নকৰে

প্ৰশ্ন ৮: পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে।

উত্তৰ: চাবোনৰ অণু বোৰৰ দুটা মেৰু থাকে ৷ এটা জলাকৰ্ষী বা জলস্নেহী আনটো জলঘৃণী বা জলবিকৰ্ষী ৷ চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱনীয় আনহাতে কাৰ্বন শৃংখল তেলত দ্ৰৱনীয় ৷ পানীত চাবোন দিলে চাবোনৰ জলাকৰ্ষী মেৰুটো পানী দ্ৰৱীভূত হয় আৰু জলঘৃণী মেৰুটো উপঙি থাকে ৷ এনেদৰে চাবোনৰ অণুবোৰে পানীত যি সমুচ্ছায় সৃষ্টি কৰে তাক মাইছেলি বা কণাপুঞ্জ বোলে ৷ মাইছেলি গঠনৰ বাবে পানীত ফেন উঠা দেখা যায় ।

ইথানলে চাবোনৰ লগত ফেন উৎপন্ন নকৰে । কিয়নো ইয়াত মাইছেলি গঠন নহয় ।

প্ৰশ্ন ৯: প্রায় সকলো ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?

উত্তৰ: প্রায় সকলো ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ:

  • কাৰ্বনৰ যৌগ বোৰৰ দহন ঘটালে উচ্চ তাপ লাভ কৰিব পাৰি ৷
  • সংপৃক্ত হাইড্ৰ’কাৰ্বনক অক্সিজেনৰ লগত দহন কৰিলে অমলিন নীলা শিখা লাভ কৰিব পাৰি ৷
  • কাৰ্বন আৰু তাৰ যৌগৰ কেল’ৰিফিক মান অতি উচ্চ ৷

প্ৰশ্ন ১০: কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

উত্তৰ: চাবোনে কঠিন পানীত ফেনৰ সৃষ্টি কৰিব নােৱাৰে কিয়নো কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ দ্ৰৱণীয় লৱন থাকে। এই লৱণে কঠিন পানীত থকা কার্বক্সিলিক এছিড মুলকৰ লগত বিক্রিয়া কৰি অদ্রবণীয় বা অধঃক্ষেপ সৃষ্টি কৰে। ইয়াকে গেদ বুলি কোৱা হয়।

প্ৰশ্ন ১১: নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

উত্তৰ: চাবোনৰ প্ৰকৃতি ক্ষাৰকীয়। সেয়েহে নীলা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে লিটমাচৰ ৰঙৰ কোনো পৰিবৰ্তন নহয়। আনহাতে ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে ৰঙা লিটমাচৰ ৰং নীলালৈ পৰিবৰ্তন হ’ব।

প্ৰশ্ন ১২: হাইড্রজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা।

উত্তৰ: যি প্ৰক্ৰিয়াত অনুঘতকৰ উপস্থিতিত কোনো এটা যৌগৰ লগত হাইড্ৰ’জেনৰ যোগ হয় তেনে প্ৰক্ৰিয়াক হাইড্রজেনেচন প্ৰক্ৰিয়া বুলি কোৱা হয়।

হাইড্রজেনেচন এটা ঔদ্যোগিক প্ৰয়োগ হৈছে: নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেলত হাইড্ৰ’জেনৰ যোগ কৰি বনস্পতি ঘি উৎপন্ন কৰা হয়।

প্ৰশ্ন ১৩: তলৰ কোনবিলাকৰ হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়?

C_2H_6,\,C_3H_8,\,C_3H_6,\,C_2H_2 আৰু CH_4

উত্তৰ: অসংপৃক্ত হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়। ইয়াত C_3H_6 আৰু C_2H_2 অসংপৃক্ত হাইড্ৰ’কার্বন। সেয়েহে ইহঁতে যােগাত্মক বিক্রিয়া দেখুৱাব।

প্ৰশ্ন ১৪: মাখন আৰু খোৱা তেলৰ মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰ: হাইড্ৰ’জেনেচন প্ৰক্ৰিয়াৰ সহায়ত মাখন আৰু খােৱাতেলৰ মাজত পার্থক্য দেখুৱাব পৰি।

মাখনক হাইড্ৰ’জেনেচন কৰিব নোৱাৰি কাৰণ মাখনত সংপৃক্ত ফেটি এচিড থাকে। আনহাতে খোৱা তেলক নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰ’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিব পাৰি।

প্ৰশ্ন ১৫: চাবোনৰ মলি আঁতৰোৱাৰ প্রক্রিয়া ব্যাখ্যা কৰা।

উত্তৰ: চাবোনৰ অণু বোৰৰ দুটা মেৰু থাকে। এটা জলাকৰ্ষী বা জলস্নেহী আনটো জলঘৃণী বা জলবিকৰ্ষী। চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱনীয় আনহাতে কাৰ্বন শৃংখল তেলত দ্ৰৱনীয়। পানীত চাবোন দিলে চাবোনৰ জলাকৰ্ষী মেৰুটো পানী দ্ৰৱীভূত হয় আৰু জলঘৃণী মেৰুটো উপঙি থাকে। এনেদৰে চাবোনৰ অণুবোৰে পানীত যি সমুচ্ছায় সৃষ্টি কৰে তাক মাইছেলি বা কণাপুঞ্জ বোলে। ইয়াত অণুবোৰৰ অনাধ্ৰুবীয় মেৰুটো তেলৰ তোপালৰ ফালে আৰু ধ্ৰুৱীয় মেৰুটো বাহিৰৰ ফালে থাকে। ইয়ে পানীত ফেনৰ সৃষ্টি কৰে।

যি কোনো বস্তুত চাবোন ঘহিঁলে তাত থকা মলি মাইছেলিৰ কেন্দ্ৰত জমা হয়। যিহেতু মাইছেলিবোৰ অৱদ্ৰৱ হিচাপে থাকে আৰু ইয়াক সহজে ধুই আতৰাব পাৰি।

অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থ অধ্যায় (Class 10 Science Chapter 4 Assamese) “কাৰ্বন আৰু তাৰ যৌগ” ৰ প্ৰশ্নোত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থ অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 4 Questions and Answers in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

পূৰ্বৰ অধ্যায় এছিড, ক্ষাৰক আৰু লৱণৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, আৰু ধাতু আৰু অধাতুৰ প্ৰশ্ন আৰু উত্তৰও পঢ়িব পাৰে।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 10 Science Chapter 4 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 4 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 4
  • কাৰ্বন আৰু তাৰ যৌগ প্ৰশ্ন উত্তৰ
  • কাৰ্বন আৰু তাৰ যৌগ class 10 question answer
  • Seba Class 10 Science Chapter 4 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় কাৰ্বন আৰু তাৰ যৌগৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

4.7/5 - (36 votes)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top