এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 2 Question Answer in Assamese Mediumদশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২ ৰ সমাধান অথবা দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২ৰ প্ৰশ্ন উত্তৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ২ নং অধ্যায়টোৰ নাম হৈছে এছিড, ক্ষাৰক আৰু লৱণ। ২ নং অধ্যায়ৰ অনুশীলনত মুঠ ১৪টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ২নং অনুশীলনৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২ (Class 10 Science Chapter 2 in Assamese) অৰ্থাৎ এছিড, ক্ষাৰক আৰু লৱণ ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ১৮ নং পৃষ্ঠাৰ (Page No 18)পৰা

প্ৰশ্ন ১: তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্রমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?

উত্তৰ: প্ৰথমে আমি ৰঙা লিটমাছ কাগজখন উক্ত তৰল পদাৰ্থবোৰ থকা প্ৰতিটো পৰীক্ষা নলীত ডুবাই দিম। যিটো তৰল পদাৰ্থত ৰঙা লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় সেই দ্ৰৱটো পাতিত পানী হয়।

যিটো তৰল পদাৰ্থত যদি ৰঙা লিটমাছ কাগজৰ ৰং নীলালৈ পৰিৱৰ্তন হয়, সেই দ্ৰৱটো এটা ক্ষাৰকীয় দ্ৰৱ হয়।

আৰু অৱশেষত বাকী থকা তৰল পদাৰ্থটোত ওপৰত পোৱা নীলা লিটমাছ কাগজখনৰ ৰং যদি ৰঙালৈ পৰিৱৰ্তন হয় তেতিয়া সেই দ্ৰৱটো এটা এছিড দ্ৰৱ হয়।

প্ৰশ্নাৱলী ২২ নং পৃষ্ঠাৰ (Page No 22)পৰা

প্ৰশ্ন ১: দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

উত্তৰ: দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰ’জেন গেছ আৰু ধাতৱ লৱণ উৎপন্ন হয়। এই লৱণ বিষাক্ত প্ৰকৃতিৰ হব পাৰে আৰু ই খাদ্যবস্তু নষ্ট কৰে। সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয়।

প্ৰশ্ন ২: এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

উত্তৰ: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰজেন গেছ নিৰ্গত হয়।

উদাহৰণ স্বৰূপে ছডিয়াম ধাতুৱে হাইড্ৰ’ক্ল’ৰিক এছিডৰ লগত বিক্ৰিয়া কৰিলে ছডিয়াম ক্লৰাইড লৱণ (NaCl) আৰু হাইড্ৰ’জেন গেছৰ (H_2) উৎপন্ন হয়।

Na(s) + HCl(aq)\rightarrow NaCl(aq) + H_2(g)

পৰীক্ষা: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছক চাবোন পানীৰ মাজেৰে পাৰ হ’ব দিলে চাবোন পানীত বুৰবুৰণিৰ সৃষ্টি হয়। যিহেতু হাইড্ৰজেন গেছ জ্বলনশীল এডাল জ্বলি থকা ম’ম এই বুৰবুৰণিৰ ওচৰলৈ আনিলে হাইড্ৰজেন গেছ ফট্ ফট্ শব্দ কৰি জ্বলি উঠিব।

প্ৰশ্ন ৩: এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্লৰিক এছিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্ঠি কৰে । উৎপন্ন হোৱা গেছটোৱে এডাল  জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লখা।

উত্তৰ: প্ৰশ্ন অনুসৰি এটা ধাতৱ যৌগ “A” লঘু হাইড্ৰ’ক্লৰিক এছিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্ঠি কৰে আৰু ইয়াৰ ফলত উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। লগতে বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড। গতিকে উৎপন্ন হোৱা গেছটো হৈছে কাৰ্বন ডাই-অক্সাইড আৰু ধাতৱ যৌগ “A” হৈছে কেলছিয়াম কাৰ্বনেট।

বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হৈছে

CaCO_3 (s)  +   2HCl (aq) \rightarrow CaCl_2 (aq)  +  H_2O (l)   +  CO_2 (g)

প্ৰশ্নাৱলী ২৫ নং পৃষ্ঠাৰ (Page No 25)পৰা

প্ৰশ্ন ১: জলীয় দ্ৰৱত HCl,\, HNO_3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু C_6H_{12}O_6 আৰু এলকহল আদি নেদেখুৱাই কিয়?

উত্তৰ: জলীয় দ্ৰৱত HCl,\,HNO_3 আদিয়ে H^+ বা H_3O^+ (হাইড্ৰনিয়াম) আয়ন উৎপন্ন কৰে আনহাতে C_6H_{12}O_6 আৰু এলকহল দৰে যৌগত HCl,\,HNO_3 আদিয়ে হাইড্ৰনিয়াম আয়ন উৎপন্ন নকৰে।

সেয়েহে জলীয় দ্ৰৱত HCl,\,HNO_3 আদিয়ে আম্লিক ধৰ্ম দেখুৱায় কিন্তু C_6H_{12}O_6 আৰু এলকহল দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়৷

প্ৰশ্ন ২: এছিড এটাৰ জলীয় দ্রৱই কিয় বিদ্যুৎ পৰিবহন কৰে?

উত্তৰ: এচিডে জলীয় দ্রৱৰ সৈতে বিক্ৰিয়া কৰি কেটায়ন বা ধনাত্মক আয়ন H_3O^+/H^+ আৰু এনায়ন বা ঋণাত্মক আয়ন OH^– উৎপন্ন কৰে। এই আয়নবোৰ অধানৰ বাহক হোৱা বাবে এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিৱহণ কৰে।

প্ৰশ্ন ৩: শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?

উত্তৰ: এছিডে অকল জলীয় দ্ৰৱতহে হাইড্ৰজেন আয়ন বা হাইড্ৰ’নিয়াম আয়নৰ উৎপন্ন কৰে। শুকান লিটমাছ কাগজৰ আদ্ৰতাৰ অনুপস্থিতৰ বাবে শুকান HCl গেছে হাইড্ৰজেন আয়ন বা হাইড্ৰ’নিয়াম আয়নৰ উৎপন্ন কৰিব নোৱাৰে। সেয়েহে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ।

প্ৰশ্ন ৪: এছিড এটা লঘু কৰোতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?

উত্তৰ: পানীত এছিড দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবর্জী প্রক্রিয়া। যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া প্রক্রিয়াটোৰ পৰা উৎপন্ন হোৱা তাপৰ বাবে জুই লাগিব পাৰে আৰু অত্যধিক তাপৰ বাবে এছিডৰ পাত্ৰ ভাগি যাব পাৰে। এনে ধৰণৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ এছিড এটা লঘু কৰোতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয়।

প্ৰশ্ন ৫: এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়ন (H_3O^+) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?

উত্তৰ: এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে প্ৰতি একক আয়নত হাইড্ৰনিয়াম আয়ন (H_3O^+) ৰ সংখ্যা হ্ৰাস পায়। ইয়াৰ ফলত হাইড্ৰনিয়াম আয়নৰ গাঢ়তা হ্ৰাস পায় আৰু এছিডৰ তীব্ৰতা হ্ৰাস পায়।

প্ৰশ্ন ৬: ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন OH^– ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ৱ?

উত্তৰ: ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন OH^– ৰ গাঢ়তা প্ৰতি একক আয়তনত বৃদ্ধি পাব। য়াৰ ফলত হাইড্ৰ’ক্সাইড আয়নৰ গাঢ়তা বৃদ্ধি পাব আৰু ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি পাব।

প্ৰশ্নাৱলী ২৮ নং পৃষ্ঠাৰ (Page No 28)পৰা

প্ৰশ্ন ১: তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 | কোনটো দ্ৰৱত হাইড্র’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰ: যিহেতু দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 গতিকে দ্ৰৱ A ত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি।

আনহাতে দ্ৰৱ A ৰ pH ৰ মান 6, গতিকে ই আম্লিক আৰু দ্ৰৱ B ৰ pH ৰ মান 8, গতিকে ই ক্ষাৰকীয়।

প্ৰশ্ন ২: দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে ?

উত্তৰ: এচিড আৰু ক্ষাৰৰ তীব্ৰতা H^+ আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

যদি দ্ৰৱ এটাত প্রতি একক আয়তনত H^+ আয়নৰ গাঢ়তা বৃদ্ধি পায় তেনেহ’লে দ্ৰৱটোৰ আম্লিক গুণ বৃদ্ধি পাব আৰু ক্ষাৰকীয় গুণ হ্ৰাস পাব।

আনহাতে যদি দ্ৰৱটোৰ প্ৰতি একক আয়তনত H^+ আয়নৰ গাঢ়তা হ্ৰাস পায় তেনেহ’লে দ্ৰৱটোৰ ক্ষাৰকীয় গুণ বৃদ্ধি পাব আৰু আম্লিক গুণ হ্ৰাস পাব।

প্ৰশ্ন ৩: ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?

উত্তৰ: ক্ষাৰকীয় দ্ৰৱত H^+ আয়ন থাকে কিন্তু ইয়াৰ সংখ্য়া OH^- আয়নৰ সংখ্য়াতকৈ কম হোৱাৰ বাবে ইহঁত ক্ষাৰকীয়।

প্ৰশ্ন ৪: মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা?

উত্তৰ: সাধাৰণতে গছ-গছনিৰ বৃদ্ধিৰ বাবে মাটিৰ pH ৰ মানৰ আদৰ্শ পৰিসৰ 6.5 ৰ পৰা 7। যদি মাটি অতিশয় আম্লিক বা অতিশয় ক্ষাৰকীয় হয় তেন্তে ই গছ-গছনিৰ বৃদ্ধিত আঘাত সৃষ্টি কৰে।

যদি মাটি অত্যধিক আম্লিক হয় তেন্তে এই অম্লতা প্ৰশমনৰ বাবে কৃষকে মাটিত পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) ৰ দৰে ক্ষাৰৰ প্ৰয়োগ কৰে।

প্ৰশ্নাৱলী ৩৩ নং পৃষ্ঠাৰ (Page No 33)পৰা

প্ৰশ্ন ১: যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?

উত্তৰ: যৌগ CaOCl_2 ৰ সাধাৰণ নামটো হ’ল ব্লিচিং পাউদাৰ।

প্ৰশ্ন ২: ক্ল’ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰ: ক্ল’ৰিনৰ সৈতে বিক্রিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম হ’ল কেলছিয়াম হাইড্ৰ’অক্সাইড ৷

প্ৰশ্ন ৩: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰ: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম হ’ল কাপোৰ ধোৱা চ’ডা। ইয়াৰ ৰাসায়নিক চিহ্নটো হ’ল Na_2CO_3.10H_2O

প্ৰশ্ন ৪: ছ’ডিয়াম হাইড্র’জেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্রিয়াটোৰ সমীকৰণটো দিয়া।

উত্তৰ: ছ’ডিয়াম হাইড্র’জেনকার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট, কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীৰ উৎপন্ন হয়।

বিক্রিয়াটোৰ সমীকৰণটো হৈছে

NaHCO_3 + Heat \rightarrow Na_2CO_3 + H_2O + CO_2

প্ৰশ্ন ৫: প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা ।

উত্তৰ: প্লাষ্টাৰ অৱ পেৰিছ পানীৰ লগত মিহলি কৰিলে জিপছামলৈ পৰিৱৰ্তিত হয়।

বিক্রিয়াটোৰ সমীকৰণটো হৈছে

CaSO_4 .  H_2O(s)   +   1 .1/2H_2O (l)  \rightarrow CaSO_4 . 2H_2O (s)

সম্পৰ্কীয় পোষ্ট:
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | Class 10 Science Chapter 1
2. ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3
3. কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4
4. মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5
5. জীৱন প্ৰক্ৰিয়া | SEBA Class 10 Science Chapter 6
6. নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7
7. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8
8. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9
9. পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10

অনুশীলনী

প্ৰশ্ন ১: এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে৷ ইয়াত pH হ’ব পাৰে

(a) 1
(b) 4
(c) 5
(d) 10

উত্তৰ: (d) 10

প্ৰশ্ন ২: এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে

(a) NaCl

(b) HCI

(c) LiCI

(d) KCI

উত্তৰ: (b) HCI

প্ৰশ্ন ৩: NaOH দ্ৰৱ এটাৰ 10ml এ HCI দ্ৰৱ 8ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব

(a) 4ml

(b) 8ml

(c) 12ml

(d) 16ml

উত্তৰ: (d) 16ml

প্ৰশ্ন ৪: অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

(a) এন্টিবায়টিক
(b) বেদনানাশক (Analgesic)
(c) অম্লনাশক
(d) বীজাণুবাৰক (Antiseptic)

উত্তৰ: (c) অম্লনাশক

প্ৰশ্ন ৫: সংঘটিত বিক্রিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে

উত্তৰ:

শব্দ সমীকৰণ: ছালফিউৰিক এছিড + যিংক → যিংক ছালফেট + হাইড্ৰজেন

সন্তুলিত সমীকৰণ: H_2SO_4(aq)  + Zn(s) \rightarrow ZnSO_4 (aq) + H_2(g)

(b) লঘু হাইড্রক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে

উত্তৰ:

শব্দ সমীকৰণ: হাইড্রক্ল’ৰিক এছিড + মেগনেছিয়াম → মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন

সন্তুলিত সমীকৰণ: 2HCl (aq) + Mg (s) → MgCl_2(aq)  + H_2 (g)

(C) লঘূ ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে

উত্তৰ:

শব্দ সমীকৰণ: ছালফিউৰিক এছিড + এলুমিনিয়াম → এলুমিনিয়াম ছালফেট + হাইড্ৰজেন

সন্তুলিত সমীকৰণ: 3H_2SO_4(aq) + 2Al(s) → Al_2 (SO_4)_3 (aq) + 3H_2 (g)

(d) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে

উত্তৰ:

শব্দ সমীকৰণ: হাইড্ৰ’ক্ল’ৰিক এছিড + লো → আইৰণ ক্লৰাইড + হাইড্ৰজেন

সন্তুলিত সমীকৰণ: HCl(aq) + Fe(s) → FeCl_2 (aq) + H_2 (g)

প্ৰশ্ন ৬: এলক’হল আৰু গ্লক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিঁহতক এছিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ বৰ্ণনা কৰা।

উত্তৰ: এলকহল বা C_6H{12}O_6 জাতীয় যৌগত হাইড্ৰজেন থাকে যদিও ইহঁতে জলীয় দ্ৰৱত হাইড্ৰনিয়াম আয়ন উৎপন্ন নকৰে। ইয়াৰ বাবেই ইহঁতক এছিড হিচাপে শ্ৰেণীভুক্ত কৰা কৰা নহয়।

প্ৰমাণ কৰিবলৈ যদি এটা ইলেক্ট্ৰিক বাল্ব এটা এলকহলৰ দ্ৰৱৰ জৰিয়তে বেটাৰীৰ সৈতে সংযোগ কৰা হয়, তেন্তে বাল্বটো জ্বলি নুঠে। কাৰণ এলকহলৰ জলীয় দ্ৰৱত হাইড্ৰনিয়াম আয়নৰ উৎপন্ন নহয়।

প্ৰশ্ন ৭: পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?

উত্তৰ: পাতিত পানিত কোনো ধৰণৰ আয়ন নাথাকে। সেয়েহে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে।

আনহাতে বৰষুণৰ পানীত CO_2, SO_2 আদি গেছ থাকে বাবে ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি H_2CO_3,\,H_2SO_4 আদি এচিড উৎপন্ন কৰে। এই এচিড পানীত দ্ৰৱীভূত হৈ আয়ন উৎপন্ন কৰে।ফলস্বৰূপে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে।

প্ৰশ্ন ৮: পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে কিয় ?

উত্তৰ: পানীৰ অনুপস্থিতিত এছিডে হাইড্র’নিয়াম আয়ন সৃষ্টি কৰিব নোৱাৰে আৰু এই আয়নবোৰে এছিডক এছিড ধৰ্ম দিয়ে। সেইবাবে পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন কৰিব নোৱাৰে।

প্ৰশ্ন ৯: পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4,1,11,7, আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ

(a) প্রশম
(b) তীব্র ক্ষাৰকীয়
(c) তীব্র আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়

হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমত pH মানবােৰ সজোৱা।

উত্তৰ: দ্ৰৱ A হল মৃদু আম্লিক
দ্ৰৱ B হল তীব্ৰ আম্লিক
দ্ৰৱ C হল তীব্ৰ ক্ষাৰকীয়
দ্ৰৱ D হল প্ৰশম
দ্ৰৱ E হল মৃদু ক্ষাৰকীয়

গতিকে হাইড্ৰজেন আয়ন গাঢ়তাৰ বৰ্ধিত ক্ৰম হৈছে: C< E< D< A< B

প্ৰশ্ন ১০: পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল পৰীক্ষানল A ত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল ৷ এছিড দুটাৰ গাঢ়তা একে একে পৰিমাণেই লোৱা হৈছে ৷ কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?

উত্তৰ: পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰনি ওলাব। কাৰণ হাইড্ৰ’ক্লৰিক এছিড এচেটিক এছিডতকৈ অধিক তীব্ৰ। মেগনেছিয়ামৰ ফিটাডালে হাইড্ৰ’ক্লৰিক এছিড ৰ সৈতে এচেটিক এছিডৰ তুলনাত অধিক তীব্ৰ ভাবে বিক্ৰিয়া কৰিব।

প্ৰশ্ন ১১: কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ’লে pH সলনি হ’বনে? ব্যাখ্যা কৰা।

উত্তৰ: কেঁচা গাখীৰৰ pH ৰ মান 6। অৰ্থাৎ ই মৃদু আম্লিক।

কেঁচা গাখীৰ দৈত পৰিণত হলে লেকটিক এচিড উৎপন্ন হয়। লেকটিক এচিড অম্লীয় প্ৰকৃতিৰ হোৱাৰ বাবে গাখীৰৰ তুলনাত দৈ অধিক আম্লিক হয় আৰু ইয়াৰ pH ৰ মান হ্ৰাস পায়।

প্ৰশ্ন ১২: এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে ।

a) কিয় তেওঁ কেঁচা গাখীৰত  pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে।
b) এই গাখীৰখিনি দৈত পৰিণত হ’ললৈ বেছি সময় লাগে কিয় ?

উত্তৰ: (a) কেঁচা গাখীৰত সামান্য পৰিমাণে বেকিং ছ’ডা যোগ কৰিলে গাখীৰখিনি সামান্য পৰিমাণে ক্ষাৰকীয় হয় আৰু সহজে টেঙা নহয় । গতিকে, দীৰ্ঘ সময়ৰ বাবে সংৰক্ষণ কৰিবলৈ গোৱালজনে কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে সলনি কৰি ক্ষাৰকীয় কৰি লয়।

(b) ক্ষাৰকীয় গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কাৰণ প্ৰক্ৰিয়াটোত উৎপন্ন হোৱা লেক্টিক এছিডে প্ৰথমে গাখীৰত থকা ক্ষাৰ প্ৰশমিত কৰিব লাগিব। অধিক পৰিমাণে লেক্টিক এছিড উৎপন্ন হ’লেহে গাখীৰখিনি দৈত পৰিণত হয়।

প্ৰশ্ন ১৩: প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

উত্তৰ: প্লাষ্টাৰ অব পেৰিছত জলীয় বাষ্প প্ৰৱেশ কৰিলে ই জিপছামলৈ ৰূপান্তৰিত হয় আৰু গোটা আৰু কঠিন হৈ পৰে। ফলত ই ব্যৱহাৰৰ অনুপযুক্ত হয়। সেয়েহে প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে।

প্ৰশ্ন ১৪: প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূর্ণ ব্যৱহাৰ লিখা।

উত্তৰ: এছিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হ’লে ইটোৱে আনটোক প্ৰশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াক প্ৰশমণ বিক্ৰিয়া বোলে। 

প্ৰশমণ বিক্ৰিয়াৰ দুটা উদাহৰণ হ’ল-

NaOH + HCl \rightarrow NaCl + H_2O

KOH + HCl → KCl + H_2O

কাপোৰ ধোৱা ছ’ডাৰ দুটা ব্যৱহাৰ হ’ল

  • কাপোৰ ধোৱা ছ’ডা কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।
  • পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ হ’ল

  • ইয়াক বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ।
  • বেকিং ছ’ডা অম্লনাশক (antacid) বোৰৰ এটা উপাদান। ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এছিড প্রশমিত কৰি সকাহ দিয়ে।

অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় (Class 10 Science Chapter 2 Assamese) “এছিড, ক্ষাৰক আৰু লৱণ” ৰ প্ৰশ্নোত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 2 Questions and Answers in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “Class 10 Science Chapter 2 Question Answers in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • Chapter 2 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 2
  • এছিড, ক্ষাৰক আৰু লৱণ প্ৰশ্নোত্তৰ
  • এছিড ক্ষাৰক আৰু লৱণ class 10 question answer
  • Seba Class 10 Science Chapter 2 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায়ৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ কভাৰ কৰো তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

4.6/5 - (36 votes)

1 thought on “এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2 Question Answer in Assamese Medium”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top