নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 7 Question Answer in Assamese MediumSEBA Class 10 Science Chapter 7 question answerদশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৭ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰ সমাধান অথবা দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় নিয়ন্ত্ৰণ আৰু সমন্বয় ৰ প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ৭নং অধ্যায়টোৰ নাম হৈছে নিয়ন্ত্ৰণ আৰু সমন্বয়। ৭ নং অধ্যায়ৰ অনুশীলনীত মুঠ ১৫টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ৭নং অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭ (Class 10 Science Chapter 7 question answer in Assamese) অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ১১৯ নং পৃষ্ঠাৰ (Page No 119)পৰা

প্ৰশ্ন ১: প্রতীপ ক্রিয়া আৰু খোজকঢ়াৰ মাজত পার্থক্য কি?

উত্তৰ: তীপ ক্রিয়া আৰু খোজকঢ়াৰ মাজত পার্থক্য হৈছে:

প্রতীপ ক্রিয়াখোজকঢ়া
প্রতীপ ক্রিয়া জন্মগতখোজকঢ়া মানুহে শিকাৰ ফলত হয়
প্রতীপ ক্রিয়া স্বতঃস্ফুর্ত, খৰতকীয়াখোজকঢ়া স্বতঃস্ফুর্ত: নহয়
প্রতীপ ক্রিয়া স্নায়ুৰজ্জৰ দ্বাৰা নিয়ন্ত্রণ হয়খোজকঢ়া মস্তিষ্কৰ পশ্চাৎ ভাগৰ দ্বাৰা নিয়ন্ত্রণ হয়
প্রতীপ ক্রিয়া এটা অনৈচ্ছিক ক্রিয়াআনহাতে খোজকঢ়া এটা ঐচ্ছিক ক্রিয়া

প্ৰশ্ন ২: দুটা নিউৰণৰ মাজৰ সংযোগী পথ বা ছাইনেপছত কি ঘটে?

উত্তৰ: চাইনেপছ হৈছে দুটা স্নায়ুকোষৰ মাজৰ ক্ষুদ্ৰ খালী স্থান। এটা স্নায়ুকোষ বা নিউৰণৰ ডেনড্রাইটে তথ্য আহৰণ কৰি বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা দেহকোষলৈ যায় আৰু তাৰ পাছত এক্সনৰ শেষ প্রান্তলৈ গতি কৰে। এই বৈদ্যুতিক প্ৰেৰণা যুক্ত হোৱা ঠেক সংযোগী পথ বা ছাইনেপছ অতিক্রম কৰে আৰু ইয়াৰ পিছৰ পৰ্যায়ত অন্য পেশীকোষ বা গ্রন্থিকোষত বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি হয়।

প্ৰশ্ন ৩: মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?

উত্তৰ: মগজুৰ চেৰিবেলাম নামৰ অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।

প্ৰশ্ন ৪: আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ পাওঁ ?

উত্তৰ: ধূপকাঠিত সুগন্ধি পদাৰ্থৰ অনু আৰু আমাৰ দেহত কিছুমান সংবেদী বা সংজ্ঞাবাহী স্নায়ুকোষ থাকে। এইবোেৰ বায়ুৱে গ্রাহক ইন্দ্ৰিয়ৰ পৰা কেন্দ্রীয় স্নায়ুত সংবেদন প্রেৰণ কৰে। মগজুৱে ধূপৰ গোন্ধ ধৰিব পাৰে আৰু সেইবাবে আমি ধূপৰ গোন্ধ পাওঁ।

প্ৰশ্ন ৫: প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?

উত্তৰ: প্রতীপ ক্রিয়া স্নায়ুৰজ্জত সংঘটিত হয়। প্রতীপ ক্রিয়াৰ বাবে প্ৰয়োজনীয় তথ্য মগজুৱে যোগান ধৰে। মগজুৱে পর্যায়ক্রমে সংজ্ঞাবাহী স্নায়ুকোষৰ পৰা আজ্ঞাবাহী স্নায়ুকোষলৈ প্ৰেৰণ সঞ্চাৰণ কৰি প্ৰতীপক্রিয়া সংঘটিত কৰে।

প্ৰশ্ন ৬: দুই প্রকাৰৰ প্ৰান্তীয় স্নায়ু কি?

উত্তৰ: দুই প্রকাৰৰ প্ৰান্তীয় স্নায়ু হৈছে:

  • মস্তিষ্কৰ পৰা উৎপত্তি হোৱা কৰোটীয় স্নায়ু
  • স্নায়ুৰজ্জ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ু

প্ৰশ্নাৱলী ১২২ নং পৃষ্ঠাৰ (Page No 122)পৰা

প্ৰশ্ন ১: উদ্ভিদৰ সঞ্জীৱনী পদার্থবিলাক কি কি?

উত্তৰ: উদ্ভিদৰ সঞ্জীৱনী পদার্থবিলাক হৈছে অক্সিন, জিবাৰেলিন, চাইট’কাইনিন, এবচাইটিক এছিড।

প্ৰশ্ন ২: নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?

উত্তৰ: নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত পার্থক্য হৈছে:

  • নিলাজীবনৰ পাতে বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। সেইবাবে ইয়াৰ পাতবোৰ চুই দিয়াৰ লগে লগে জয় পৰি যায়। কিন্তু কাণ্ডৰ কুমলীয়া আগে পোহৰৰ দিশত গতি কৰে আৰু এই গতি অতি মন্থৰ।
  • নিলাজী বনৰ চলনত পাতৰ আকাৰৰ পৰিৱৰ্তন নহয়। কিন্তু কাণ্ডৰ পোহৰৰ দিশত হোৱা চলনত ইয়াৰ আকাৰৰ পৰিৱৰ্তন হয় অৰ্থাৎ বৃদ্ধি হয়।

প্ৰশ্ন ৩: উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা।

উত্তৰ: উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নাম হৈছে অক্সিন।

প্ৰশ্ন ৪: কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে?

উত্তৰ: অক্সিনে উদ্ভিদৰ কোষ ডাঙৰ আৰু দীঘল হােৱাত সহায় কৰে। যেতিয়া আকৰ্ষ আধাৰৰ সংস্পৰ্শলৈ আহে তেতিয়া আধাৰৰ প্রত্যক্ষ সংস্পৰ্শত নথকা অংশত কম অক্সিন বেছি পৰিমাণে পোৱা যায়। ফলত সেই অংশৰ দৈর্ঘ্য বৃদ্ধি পায়। এনেকৈ আধাৰৰ চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে সহায় কৰে।

প্ৰশ্ন ৫: জলানুবেগীৰ পৰীক্ষামূলক আহি এটা প্রস্তুত কৰা।

উত্তৰ: তলিত বিন্ধা থকা এখন থাল লোৱা হ’ল। থালখন কাঠৰ মিহলি গুৰিৰে পূৰ কৰা হ’ল। কাঠৰ গুৰিখিনিত পানী চটিয়াই সেমেকা কৰি লোৱা হ’ল। গুৰিখিনিৰ ওপৰত বীজ ছটিয়াই দি গজিবলৈ দিয়া হ’ল। বীজবোৰ গজালি ওলাবলৈ ২-৩ দিন সময় দিয়া হয়। থালখন এঢলীয়াকৈ থাৱা হ’ল। বীজৰ গজালি ওলোৱাৰ পিছত এইবোৰ থালখনৰ বিন্ধাবোৰৰফালে বেঁকা হৈ আগ বাঢ়ে। মাধ্যাকর্ষণ বলৰ বাবে গজালিবোৰ ফুটাবোৰৰ মাজেৰে তললৈ আগবাঢ়ে যদিও পাছত পুনৰ বেকা হৈ সেমেকি থকা কাঠৰ গুৰিবোৰৰ ফালে বাঢ়িবলৈ ধৰে। জলানুবেগী চলনৰ ফলতেই এনে হয় বুলি ঠাৱৰ কৰিব পাৰি।

প্ৰশ্নাৱলী ১২৫ নং পৃষ্ঠাৰ (Page No 125)পৰা

প্ৰশ্ন ১: প্রাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?

উত্তৰ: প্রাণীদেহত ৰাসায়নিক সমন্বয় হৰম’নৰ দ্বাৰা হয়। প্রাণীৰ দেহৰ বিভিন্ন অংগ-প্রত্যংগ আৰু এইবোৰৰ কার্যবোৰৰ মাজত সমন্বয় নিয়ন্ত্রণ কৰে অন্তস্রাবী তন্ত্রই ইয়াৰ নলীবিহীন গ্রন্থিয়ে ৰাসায়নিক হৰমন নিঃসৰণ কৰে। নলীবিহীন গ্রন্থিৰ পৰা এই হ’মনবোৰ নিঃসৰণ হয় কাৰণে ই পোনে পোনে ৰক্ত সোতৰ লগত মিলি নির্দিষ্ট অংগলৈ গতি কৰে। এইদৰে এইবোৰে বিভিন্ন অংগসমূহৰ মাজত ৰাসায়নিক সমন্বয় নিয়ন্ত্রণ কৰে।

প্ৰশ্ন ২: আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক?

উত্তৰ: আয়ডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক কাৰণ:

  • থাইৰয়ড গ্রন্থিয়ে নিঃসৰণ কৰা থাইৰক্সিন নামৰ হৰমনৰ সংশ্লেষণৰ বাবে আয়ডিন অতি আৱশ্যকীয়।
  • দেহৰ কাৰ্বহাইড্রেট প্রটিন আৰু চৰ্বিৰ বিপাকীয় কার্যবোৰ থাইৰক্সিনে নিয়ন্ত্রণ কৰে।
  • আয়ডিনৰ অভাৱত মানুহৰ দেহত গৰল ৰোগ হয়।

প্ৰশ্ন ৩: মানুহৰ দেহৰ তেজত এড্রিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্রতিক্রিয়া হয়?

উত্তৰ: এড্রিনেলিন তেজত নিঃসৰিত হৈ দেহৰ বিভিন্ন অংশেলৈ যায়। এই হ’মন বিধে হৃদযন্ত্রৰ কোষ-কলাৰ বিভিন্ন প্রক্রিয়া সম্পাদন কৰে। এড্রিনেল যেতিয়া তেজৰ জৰিয়তে হৃদপিণ্ডত প্ৰৱেশ কৰে তেতিয়া হৃদপিণ্ডৰ স্পন্দন দ্রুত হয়। ইয়াৰ ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। আৰু উশাহ-নিশাহৰ হাৰৰ বৃদ্ধি হয়। এই সকলোবিলাক সঁহাৰি একেলগ হৈ কোনো এটা কার্য সম্পন্ন হয়।

প্ৰশ্ন ৪: কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি দিয়া হয় কিয়?

উত্তৰ: ডায়েবেটিছ ৰোগীৰ দেহত ইনছুলিনৰ পৰিমাণ হ্রাস হয়। ইনছুলিনে তেজত গ্রুক’জৰ পৰিমাণ কমাই দিয়ে। সেইবাবে ডায়েবেটিছ ৰোগীক ইনছুলিনৰ বেজি দিয়া হয়। ইয়াৰ ফলত তেজত গ্রুক’জৰ মাত্রা বাঢ়ি দেহৰ ক্ষতি কৰিব নোৱাৰে।

সম্পৰ্কীয় পোষ্ট:
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1
2. এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2
3. ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3
4. কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4
5. মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5
6. জীৱন প্ৰক্ৰিয়া | SEBA Class 10 Science Chapter 6
7. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8
8. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9
9. পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10

অনুশীলনী

প্ৰশ্ন ১: তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ:

a) ইনচুলিন (b) থাইৰক্সিন (c) অষ্ট্ৰেজেন (d) চাইট’কাইনিন

উত্তৰ: d) চাইট’কাইনিন উদ্ভিদৰ সঞ্জীৱনী পদার্থ।

প্ৰশ্ন ২: দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়?

a) ডেনড্রাইট (b) চাইনেপচু (c) এক্সন (d) প্ৰেৰণা

উত্তৰ: দুটা নিউৰণৰ খালী ঠাইক (b) চাইনেপচ্‌ বুলি কয়।

প্ৰশ্ন ৩: মগজুৱে কি কাম কৰে?

a) ভাৱ আৰু চিন্তা কৰা

(b) হৃদপিণ্ড স্পন্দন নিয়ন্ত্রণ

(c) দেহৰ সমতা ৰক্ষা

(d) ওপৰৰ আটাইকেইটা

উত্তৰ: মগজুৱে (d) ওপৰৰ আটাইকেইটা কাম কৰে।

প্ৰশ্ন ৪: যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে:

(a) অক্সিন (b) জিবাৰেলিন (c) এবচাইছি এচিড় (d) চাইটকাইনি

উত্তৰ: (c) এবচাইছি এচিড় ৰ প্ৰভাৱত গছৰ পাত সৰি পৰে।

প্ৰশ্ন ৫: আমাৰ দেহৰ গ্রাহক অংগৰ কাম কি? গ্রাহক অংগই যথোপযুক্ত কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?

উত্তৰ: সংগ্রাহক অংগ হৈছে বিশেষ কোষ বা কোষসমষ্টি। যি বাহ্যিক পৰিৱেশত পৰিৱৰ্তন ধৰা পেলাব পাৰে আৰু এই বার্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে। যদি সংগ্রাহক অংগই সঠিকভাৱে কার্য সম্পাদন নকৰে তেন্তে আমাৰ জীৱন বিপদসংকুল হৈ পৰিব পাৰে। উদাহৰণস্বৰূপে আমি কোনবিধ খাদ্য গ্রহণ কৰিলো, কোনবিধ নিমখীয়া, কোনবিধ টেঙা তাক ধৰিব নোৱাৰি। ইয়াৰ ফলত আমি বেয়া খাদ্যও খাব পাৰো আৰু আমাৰ বেমাৰ-আজাৰৰ হ’ব পাৰে।

প্ৰশ্ন ৬: নিউৰণ গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কার্য বর্ণনা কৰা।

উত্তৰ: নিউৰণ গঠনৰ এটা চিত্র হৈছে:

নিউৰণ গঠনৰ চিত্র

নিউৰণৰ কাৰ্য্যসমূহ হ’ল:

  • সংজ্ঞাবাহী স্নায়ুকোষ: এইবোৰ স্নায়ুকোষে সংগ্রাহক অংগৰ পৰা স্নায়ু উদ্দীপনা কেন্দ্রীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে।
  • আজ্ঞাবাহী স্নায়ুকোষ: এইবোৰ কোষে স্নায়ু প্রেৰণা বা নির্দেশ কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী অংগলৈ (কাৰক) প্রেৰণ কৰে।
  • পর্যায়ক বা অন্ত্ৰৱর্তী স্নায়ুকোষ: ইহঁতে সংজ্ঞাবাহী আৰু আজ্ঞাবাহীৰ মাজত পর্যায়ক্রমে স্নায়ু প্ৰেৰণী প্রেৰণ কৰে।

প্ৰশ্ন ৭: উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয়?

উত্তৰ: দীপ্তিকাল হৈছে উদ্ভিদ দেহত পোহৰৰ বাবে সংঘটিত হােৱা এক বাহিক প্রতীপক্রিয়া। উদ্ভিদৰ কাণ্ডই সদায় পোহৰৰ দিশত অগ্ৰসৰ হয়। এই বৃন্ধি অক্সিন নামৰ হ’ৰমন বিধৰ দ্বাৰা নিয়ন্ত্রণ হয়। অক্সিনে কাণ্ড আৰু অগ্ৰস্থ ভাজক কলাত সংশ্লেষিত হৈ সেই অংশত উদ্ভিদৰ দৈর্ঘ্য আৰু আকাৰ বৃদ্ধি কৰাত সহায় কৰে আৰু কাণ্ডই পোহৰৰ অভিমুখে আগবাঢ়ে আনহাতে শিপা পোহৰৰ বিপৰীত দিশত গতি কৰে।

প্ৰশ্ন ৮: স্নায়ুৰত আঘাত হলে কেনে বার্তাত ব্যাঘাত ঘটে?

উত্তৰ: স্নায়ুৰত আঘাত হলে প্রতীপ ক্রিয়া আৰু অনৈচ্ছিক কাৰ্যৰ মাজত ব্যাঘাত ঘটে।

প্ৰশ্ন ৯: উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?

উত্তৰ: উদ্ভিদৰ কোনো স্নায়ুতন্ত্র নাথাকে। উদ্ভিদদেহত সংশ্লেষিত হোৱা একাংশ ৰাসায়নিক পদার্থই বাহ্যিক উদ্দীপনাৰ প্রতি সহাৰি জনায়। উদ্ভিদ এই বার্তাবাহক পদার্থবিধক হ’ৰমন বোলে। এইবিলাকে উদ্ভিদ প্রজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্রণ কৰে। এই হ’ৰমনে ব্যাপন প্রক্রিয়াৰে উদ্ভিদ দেহৰ সকলোবোৰ কোষত উপনীত হয়। উদ্ভিদৰ দেহত সংশ্লেষিত বার্তাবাহক ৰাসায়নিক পদার্থই বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। এই বিলাকে উদ্ভিদ প্রজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্রণ কৰে। এই হৰ’মন বিলাক উদ্ভিদ দেহৰ অগ্রস্থ ভাজক কলাৰ কোষত সংশ্লেষিত হয়। পদার্থসমূহে ৰাসায়নিক বার্তাবাহক অংগ হিচাপে বিস্তাৰিত হৈ বিশেষ কামৰ বাবে উদ্দীপ্ত কৰি উদ্ভিদ দেহৰ কাম কাজৰ মাজত সমন্বয় সাধে।

প্ৰশ্ন ১০: জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন?

উত্তৰ: জীৱ জীয়াই থাকিবলৈ নিয়ন্ত্রণ আৰু সমন্বয়ৰ প্ৰয়োজন। ইয়াৰ বাবে জীৱই এনে এটা প্রণালী ব্যৱহাৰ কৰিব লাগে যিয়ে নিয়ন্ত্রণ আৰু সমন্বয়ৰ ব্যৱস্থা কৰে। জীৱদেহত থকা স্নায়ুতন্ত্রৰ দ্বাৰা প্ৰাণীয়ে বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ উমান পাই নির্দিষ্ট অংগৰ দ্বাৰা সঁহাৰি দিয়ে। এই কাৰণেই জীৱদেহৰ সমন্বয় আৰু নিয়ন্ত্ৰণৰ প্ৰয়োজন।

প্ৰশ্ন ১১: ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজত পার্থক্য কেনেকৈ উলিয়াবা?

উত্তৰ: ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজৰ পাৰ্থক্যবোৰ হৈছে:

ঐচ্ছিক ক্রিয়াপ্রতীপ ক্রিয়াৰ
ঐচ্ছিক ক্রিয়াত উদ্দীপকৰ প্ৰতি সঁহাৰি লাহে লাহে হয় প্রতীপ ক্ৰিয়াত উদ্দীপকৰ প্ৰতি সঁহাৰি অতি দ্রুতগতিত হয়
ঐচ্ছিক ক্রিয়া মেডুলাই নিয়ন্ত্রণ কৰেপ্রতীপ ক্রিয়া মেৰু ৰজুৱে নিয়ন্ত্রণ কৰে
ঐচ্ছিক ক্রিয়া বাহ্যিক উদ্দীপনাৰ প্রতি সংবেদনশীল নহয়প্রতীপ ক্রিয়া বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল হয়

প্ৰশ্ন ১২: আমাৰ দেহত স্নায়ুপ্ৰেৰণা কেনেদৰে প্ৰেৰিত হয়?

উত্তৰ: আমাৰ স্নায়ুকোষবোৰ দেহকোষ আৰু স্নায়ুকোষ প্ৰৱর্ধৰে গঠিত। স্নায়ু প্রৱর্ধ দুই প্রকাৰৰ এক্সন আৰু ডেনড্রাইট। ডেনড্রাইটবোৰে নিকটৱর্তী কোষৰ পৰা বার্তা বা উদ্দীপনা সংগ্রহ কৰে। স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাকেৰে এবিধ ৰাসায়নকি পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা ডেনড্রাইটৰ পৰা, দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আন এটা স্নায়ুকোষলৈ প্ৰেৰণ কৰে। এক্সনৰ প্রান্তীয় শাখাত বৈদ্যুতিক প্রেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদার্থ মুক্ত হয়। এই ৰাসায়নিক পদার্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱর্তী কাষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ বা ছাইপেনছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয়। এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয়।

প্ৰশ্ন ১৩: স্নায়ুলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্রণ কৰে।

উত্তৰ: স্নায়ু কলাই বার্তা গ্ৰহণ কৰি শৰীৰৰ বিভিন্ন অংশলৈ প্রেৰণ কৰে আৰু ই পেশীসমুহক ক্রিয়া কৰাৰ বাবে সিদ্ধান্ত প্ৰেৰণ কৰে। যেতিয়া এটা স্নায়ু প্রবাহ পেশীয়ে বৈদ্যুতিক প্রবাহ লাভ কৰে তেতিয়া কোষৰ আকৃতি সলনি কৰি পেশীৰ আঁহৰবোৰে গতি কৰে। এই ক্ষেত্ৰত নিশ্চয় কোষৰ ৰসায়ন নিহিত হৈ থাকে। পেশীকোষবোৰত এবিধ বিশেষ প্রটিন থাকে। যেতিয়া ইহঁতে বৈদ্যুতিক প্রবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয়। এনে হ’লে পেশীকোষৰ প্ৰ’টিনবোৰৰ নতুন শৃংখলাৰ কাৰণে ই সৰু হৈ যায়।

প্ৰশ্ন ১৪: মানৱদেহত থাইৰক্সিন হ’মনৰ কিয় আৱশ্যক?

উত্তৰ: থাইৰক্সিনে দেহৰ বৃদ্ধিত সহায় কৰে আৰু দেহত চর্বী, কার্বহাইড্রেট আৰু প্ৰ’টিনৰ বিপাকীয় কার্য নিয়ন্ত্রণ কৰে। ইয়াৰ ফলত দেহত বৃদ্ধিৰ সমতা ৰক্ষা কৰাত সহায় কৰে।

প্ৰশ্ন ১৫: নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি?

উত্তৰ: নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজৰ পাৰ্থক্যবোৰ হৈছে:

নিলাজী বনৰ পাতৰ চলনআমাৰ ভৰিৰ চলন
নিলাজী বনৰ চলন বাহ্যিক উত্তেজনা সাপেক্ষে হয়আমাৰ ভৰিৰ চলন প্ৰয়োজন সাপেক্ষে হয়
নিলাজী বনৰ চলনত স্নায়ুৰ প্ৰভাৱ নাইআমাৰ ভৰিৰ চলনত স্নায়ু জড়িত হৈ থাকে
নিলাজী বনৰ চলন প্রতীপ ক্রিয়াআমাৰ ভৰিৰ চলন বাহ্যিক ক্রিয়া
নিলাজী বনৰ চলনত প্ৰটিনৰ প্ৰয়োজন নহয়আমাৰ ভৰিৰ চলনত প্ৰটিনৰ প্ৰয়োজন

অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তম অধ্যায় (Class 10 Science Chapter 7 Assamese) “নিয়ন্ত্ৰণ আৰু সমন্বয়” ৰ প্ৰশ্ন উত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তম অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 7 Question and Answer in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

পূৰ্বৰ অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এছিড, ক্ষাৰক আৰু লৱণ, ধাতু আৰু অধাতু, কাৰ্বন আৰু তাৰ যৌগমৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন আৰু জীৱন প্ৰক্ৰিয়া ৰ প্ৰশ্ন আৰু উত্তৰও পঢ়িব পাৰে।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 10 Science Chapter 7 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 7 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 7
  • নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰশ্ন উত্তৰ
  • নিয়ন্ত্ৰণ আৰু সমন্বয় class 10 question answer
  • Seba Class 10 Science Chapter 7 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় নিয়ন্ত্ৰণ আৰু সমন্বয় ৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

4.7/5 - (34 votes)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top