ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 1 Question Answer in Assamese, দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১ ৰ সমাধান অথবা দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১ প্ৰশ্ন উত্তৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ১ নং অধ্যায়টোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ১ নং অধ্যায়ৰ অনুশীলনত মুঠ ২০টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ১নং অনুশীলনৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১ (Class 10 Science Chapter 1 in Assamese) অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ৬ নং পৃষ্ঠাৰ (Page No 6)পৰা

প্ৰশ্ন ১: বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

উত্তৰ: মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু। সেইবাবে ই বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। ফলস্বৰূপে মেগনেছিয়ামৰ ফিটাৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা তৰপ গঠন হয়। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়। সেয়েহে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে।

প্ৰশ্ন ২: তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

(i) হাইড্রজেন + ক্ল’ৰিন → হাইড্রজেন ক্ল’ৰাইড

উত্তৰ: সন্তুলিত সমীকৰণ: H_2(g)+Cl_2(g)\rightarrow 2HCl(g)

(ii) বেৰিয়াম ক্ল’ ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ ৰাইড

উত্তৰ: সন্তুলিত সমীকৰণ: 3BaCl_2(s)+ Al_2(SO_4)3(s)\rightarrow 3BaSO_4(s) + 2AlCl_3(s)

(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্রক্সাইড + হাইড্রজেন ।

উত্তৰ: সন্তুলিত সমীকৰণ: 2Na(s) + 2H_2O(l) → 2NaOH(aq) + H_2(g)

প্ৰশ্ন ৩: তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(i) বেৰিয়াম ক্ল ‘ ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল ‘ৰাইডৰ দ্ৰৱ প্রস্তুত হয় ।

উত্তৰ: BaCl_2(aq) + Na_2SO_4(aq) → BaSO_4(s) + 2NaCl(aq)

(ii) ছডিয়াম হাইড্রক্সইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্লৰিক এছিডৰ দ্ৰৱ (পানীত)ৰ সৈতে বিক্রিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰ: NaOH(aq)+ HCl(aq) → NaCl(aq) + H_2O(l)

প্ৰশ্নাৱলী ১০ নং পৃষ্ঠাৰ (Page No 10)পৰা

প্ৰশ্ন ১: এটা পদাথ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ ব্যৱহাৰ কৰা হয়।

(i) পদাৰ্থ ‘X‘ ৰ নাম আৰু সংকেত লিখা।

উত্তৰ: পদাৰ্থ ‘X’ নাম হৈছে কেলছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত হৈছে CaO।

(ii) পানীৰে সৈতে পদার্থ ‘X‘ এ কৰা বিক্রিয়াটো লিখা।

উত্তৰ: কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰে।

বিক্ৰিয়াটো হৈছে: CaO(s) + H_2O(l) → Ca(OH)2(aq)

প্ৰশ্ন ২: কাৰ্য্যকলাপ ১.৭ ত এটা পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।

উত্তৰ: কাৰ্য্যকলাপ ১.৭ ত পানীৰ বিদ্যুৎ বিশ্লেষণৰ ফলত অক্সিজেন আৰু হাইড্ৰজেন গেছৰ উৎপন্ন হয়। পানীৰ এটা অনুত দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন পৰমাণু থাকে। সেইবাবে বিদ্যুৎ বিশ্লেষণ কৰোতে হাইড্ৰ’জেন গেছ অক্সিজেন গেছতকৈ দুগুণ পৰিমাণে উৎপন্ন হয়।

প্ৰশ্নাৱলী ১৩ নং পৃষ্ঠাৰ (Page No 13)পৰা

প্ৰশ্ন ১: লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰ: লো কপাৰতকৈ অধিক সক্ৰিয়। সেইবাবে কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই ৰাখিলে লোৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে। ফলস্বৰূপে কপাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু এই দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লগতে লোৰ গজাল তাম (কপাৰ) বৰণৰ হয়।

বিক্ৰিয়াটো হৈছে: Fe(s) + CuSO_4(aq) →  FeSO_4(aq) + Cu(s)

প্ৰশ্ন ২: কার্যকলাপ ১.১০ ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া।

উত্তৰ: কার্যকলাপ ১.১০ ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ তলত দিয়া হ’ল।

ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছডিয়াম নাইট্ৰে’ট দ্ৰৱ উতপন্ন হয়।

AgNO_3(aq)+NaCl(aq)\rightarrow AgCl(s)+NaNO_3(aq)

প্ৰশ্ন ৩: তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা ।

(i) 4Na(s)+O_2(g)\rightarrow 2Na_2O(s)

উত্তৰ: উপৰুক্ত বিক্ৰিয়াটোত ছডিয়াম জাৰিত হৈ Na_2O উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।

(ii) CuO(s)+H_2(g)\rightarrow Cu(s)+H_2O(l)

উত্তৰ: উপৰুক্ত বিক্ৰিয়াটোত হাই’ড্ৰজেন জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু ক’পাৰ অক্সাইড বিজাৰিত হৈ ক’পাৰ উৎপন্ন হৈছে।

সম্পৰ্কীয় পোষ্ট:
1. এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2
2. ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3
3. কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4
4. মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5
5. জীৱন প্ৰক্ৰিয়া | SEBA Class 10 Science Chapter 6
6. নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7
7. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8
8. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9
9. পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10

অনুশীলনী

প্ৰশ্ন ১: তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

2PbO(s)+C(s)\rightarrow 2Pb(s)+CO_2(g)

(a) লেড বিজাৰিত হৈছে।

(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।

(c) কার্বন জাৰিত হৈছে।

(d) লেড অক্সাইড বিজাৰিত হৈছে।

(i) (a) আৰু (b)

(ii) (a) আৰু (c)

(iii) (a) , (b) আৰু (c)

(iv) সকলো

উত্তৰ: উপৰুক্ত বিক্রিয়াটোৰ বাবে (i) (a) আৰু (b) অশুদ্ধ।

প্ৰশ্ন ২: Fe_2O_3+2Al\rightarrow Al_2O_3+2Fe

ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্রিয়াৰ

(b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ

(c) এটা বিযোজন বিক্রিয়াৰ

(d) এটা অপসৰণ বিক্রিয়াৰ

উত্তৰ: ওপৰৰ বিক্রিয়াটো (d) এটা অপসৰণ বিক্রিয়াৰ উদাহৰণ।

প্ৰশ্ন ৩: কি ঘটে যেতিয়া লঘু হাইড্রক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া।

(a) হাইড্রজেন গেছ আৰু আইৰন ক্ল‘ৰাইড উৎপন্ন হয়।

(b) ক্ল’ৰিন গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ শুদ্ধ উত্তৰ: (a) হাইড্রজেন গেছ আৰু আইৰন ক্ল‘ৰাইড উৎপন্ন হয়।

প্ৰশ্ন ৪: সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?

উত্তৰ: যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মু্ঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে:

H_2+Cl_2\rightarrow 2HCl

2H_2+O_2\rightarrow 2H_2O

ভৰৰ নিত্যতাবিধি অনুযায়ী বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হ’ব লাগে। ভৰৰ এই নিত্যতা সূত্ৰটো মানি চলিবলৈ সমীকৰণসমূহ সন্তুলিত কৰিব লাগে৷

প্ৰশ্ন ৫: তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।

(a) হাইড্রজেন গেছে নাইট্রজেনৰ সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে।

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

3H_2(g) + N_2(g) \rightarrow 2NH_3(g)

(b) হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

2H_2S(g) + 3O_2(g) \rightarrow  2H_2O(l) + 2SO_2(g)

(c) বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছলফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

3BaCl_2(aq) + Al_2(SO_4)_3(aq) \rightarrow 2AlCl_3(aq) + 3BaSO_4(s)

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

2K(s) + 2H_2O(l) \rightarrow 2KOH(aq) + H_2(g)

প্ৰশ্ন ৬: তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।

(a) HNO_3 + Ca(OH)_2 \rightarrow Ca(NO_3)_2 + H_2O

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

2HNO_3 + Ca(OH)_2 \rightarrow Ca(NO_3)_2 + 2H_2O

(b) NaOH + H_2SO_4 \rightarrow Na_2SO_4 + H_2O

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

2NaOH + H_2SO_4 \rightarrow Na_2SO_4 +  2H_2O

(c) NaCl + AgNO_3 \rightarrow AgCl + NaNO_3

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

NaCl + AgNO_3 \rightarrow AgCl + NaNO_3

(d) BaCl_2 + H_2SO_4\rightarrow BaSO_4 + HCl

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

BaCl_2 + H_2SO_4 \rightarrow BaSO_4 + 2HCl

প্ৰশ্ন ৭: তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন ডাই অস্কাইড → কেলছিয়াম কার্বনেট + পানী।

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

Ca(OH)_2 + CO_2 \rightarrow CaCO_3 + H_2O

(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ।

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

Zn + 2AgNO_3 \rightarrow Zn(NO_3)_2 + 2Ag

(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

2Al + 3CuCl_2 \rightarrow 2AlCl_3 + 3Cu

(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড।

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

BaCl_2 + K_2SO_4 \rightarrow  BaSO_4 + 2KCl

প্ৰশ্ন ৮: তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত।

(a) পটেছিয়াম ব্র’মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটেছিয়াম আয়’ ডাইড (aq) + বেৰিয়াম ব্ৰ’মাইড(s)

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

2KBr(aq) + BaI_2(aq) \rightarrow 2KI(aq) + BaBr_2(aq)

প্ৰদত্ত বিক্ৰিয়াটো এটা দ্বি-অপসৰণ বিক্ৰিয়া।

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

ZnCO_3(s) \rightarrow ZnO(s) + CO_2(g)

প্ৰদত্ত বিক্ৰিয়াটো এটা বিয়োজন বিক্ৰিয়া।

(c) হাইড্র’জেন(g) + ক্ল’ৰিন(g) → হাইড্র’জেন ক্ল’ৰাইড(g)

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

H_2(g) + Cl_2(g) \rightarrow 2HCl(g)

প্ৰদত্ত বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া।

(d) মেগনেছিয়াম (s) + হাইড্র’ক্ল’ৰিক এছিড(aq ) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্র’জেন(g)

উত্তৰ: সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল

Mg(s) + 2HCl(aq) \rightarrow MgCl_2(aq) +H_2(g)

প্ৰদত্ত বিক্ৰিয়াটো এটা অপসৰণ বিক্ৰিয়া।

প্ৰশ্ন ৯: তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থ উৎপন্ন হোৱা লগতে তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।

তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ হৈছে প্ৰকৃতিক গেছৰ দহন। মিথেন (প্ৰাকৃতিক গেছ) বায়ুৰ (অক্সিজেন) উপস্থিতিত জ্বলি CO_2 আৰু H_2O উৎপন্ন কৰাৰ লগতে তাপ উৎপন্ন কৰে।

CH_4(g)+ 2O_2(g) \rightarrow CO_2(g) + 2H_2O(l) +Heat

যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়।

সুৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে।

2AgCl(s) + Sun Light \rightarrow 2Ag(s) + Cl_2(g)

প্ৰশ্ন ১০: শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা।

উত্তৰ: শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্যৰ (গ্লুক’জ) জাৰণ ঘটি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। সেইবাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।

C_6H_{12}O_6(aq) + 6O_2(aq) + 6H_2O(l) \rightarrow 6CO_2(g) + 12H_2O(l) + Heat

প্ৰশ্ন ১১: বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।

উত্তৰ: সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেই বাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।

সংযোজন বিক্ৰিয়াৰ সমীকৰণ

2H_2(g)+O_2(g)\rightarrow 2H_2O(l)

বিযোজন বিক্ৰিয়াৰ সমীকৰণ

2AgCl(s) + Sun Light\rightarrow 2Ag(s) + Cl_2(g)

প্ৰশ্ন ১২: তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা৷

উত্তৰ: তাপ দিলে কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত হয়৷

CaCO_3(s)  + Heat \rightarrow CaO(s) + CO_2(g)

সুৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে ৷

2AgCl(s) + Sun Light \rightarrow 2Ag(s) + Cl_2(g)

পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হয় ৷

2H_2O(l) +Current Flow \rightarrow  2H_2(g)  +  O_2(g)

প্ৰশ্ন ১৩: অপসাৰণ আৰু দ্বিঅপসাৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰ: অপসাৰণ বিক্রিয়াত এটা অধিক সক্ৰিয় মৌলই তাত কৈ কম সক্ৰিয় মৌল এটাক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে। আনহাতে দুটা মৌলই পৰস্পৰক পৰস্পৰৰ যৌগৰ পৰা অপসাৰিত কৰি আয়নৰ বিনিময় কৰে।

অপসাৰণ বিক্রিয়া:

Fe(s)+CuSO_4(aq) → Cu(s)+FeSO_4 (aq)

দ্বিঅপসাৰণ বিক্রিয়া:

NaOH+HCl → NaCl+H_2O

প্ৰশ্ন ১৪: ছিলভাৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।

উত্তৰ: ছিলভাৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা বিক্রিয়াটো হৈছে:

2AgNO_3(aq)  +  Cu(s) \rightarrow  Cu(NO_3)_2(aq) + 2Ag(s)

প্ৰশ্ন ১৫: অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰ: যি বিক্ৰিয়াত অধঃক্ষেপ(অদ্ৰাৱ্য পদাৰ্থ) উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়৷

উদাহৰণস্বৰূপে ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট অধঃক্ষেপ হিচাপে উৎপন্ন হয় ৷

Na_2SO_4(aq) + BaCl_2(aq) → BaSO_4(s) + 2NaCl(aq)

প্ৰশ্ন ১৬: অক্সিজেন লাভ আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাৰহণসহ ব্যাখ্যা কৰা।

(a) জাৰণ (b) বিজাৰণ

উত্তৰ: (a) যি বিক্রিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায় তেনে বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বুলি কোৱা হয়।

উদাহৰণস্বৰূপে তলৰ বিক্ৰিয়াটোত মেগনেছিয়াম জাৰিত হৈ মেগনেছিয়াম অক্সিইড উৎপন্ন হৈছে।

2Mg(s) + O_2(g) + Heat \rightarrow 2MgO(s)

(b) যি বিক্রিয়াত পদার্থ এটাই অক্সিজেন হেৰুৱায় বা হাইড্ৰ’জেন লাভ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়।

উদাহৰণস্বৰূপে তলৰ বিক্ৰিয়াটোত ক’পাৰ অক্সাইড বিজাৰিত হৈ ক’পাৰ উৎপন্ন হৈছে।

CuO(s) + H_2(g)+ Heat\rightarrow Cu + H_2O

প্ৰশ্ন ১৭: এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম কি?

উত্তৰ: প্ৰদত্ত ‘X’ মৌলটো হৈছে কপাৰ (Cu) আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হৈছে ক’পাৰ অক্সাইড (CuO)। জড়িত বিক্ৰিয়াটো হৈছে

2Cu(s)+ O_2(g)\rightarrow 2CuO(s)

প্ৰশ্ন ১৮: লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়?

উত্তৰ: বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্রিয়া কৰি মামৰ উৎপন্ন কৰে। কিন্তু লোৰ বস্তুত ৰং সানিলে ই অক্সিজেন বা জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। ইয়াৰ ফলত ই মামৰে ধৰাৰ পৰা ৰক্ষা পৰে। এই ক্ষয়ীভৱন ৰোধ কৰাৰ বাবে লোৰ সঁজুলিবিলাকত ৰঙৰ প্রলেপ দিয়া হয়।

প্ৰশ্ন ১৯: তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?

উত্তৰ: নাইট্ৰ’জেন এবিধ প্ৰতিজাৰক পদাৰ্থ ৷ যদি তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত আহে তেতিয়া এই খাদ্যবস্তু জাৰিত হয় আৰু ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় ৷

তেল আৰু চৰ্বি থকা খাদ্যবস্তুৰ জাৰণ নঘটিবলৈ আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইহঁতক নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় ৷

প্ৰশ্ন ২০: এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

(a) ক্ষয়ীভৱন
(b) চৰ্বিৰ দুর্গন্ধিতা

উত্তৰ:

(a) ক্ষয়ীভৱন: ধাতুসমূহে বায়ুমণ্ডলৰ অক্সিজেন, জলীয় বাষ্প, কার্বন ডাই-অক্সাইড আদিৰ সৈতে বিক্রিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে। যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্রান্ত হয়, তেতিয়া ইয়াৰ ক্ষয়ীভৱন আৰম্ভ হয়।

ছিলভাৰৰ ওপৰত পৰা কলা চামনি ক্ষয়ীভৱনৰ এটা উদাহৰণ।

(b) চর্বি দুর্গন্ধিতা: যেতিয়া তেল আৰু চর্বিজাতীয় খাদ্য বস্তুবোৰ অধিক দিনৰ বাবে ৰখা হয় তেতিয়া তেল বা চর্বি বস্তুবোৰ অক্সিজেনযুক্ত (জাৰিত) হৈ খাদ্যবস্তুৰ দুর্গন্ধিতা হয়। ইয়েই হ’ল চৰ্বিৰ দুৰ্গন্ধিতা। ইয়াৰ ফলত তেল বা চর্বি ব্যৱহৃত খাদ্য বস্তুবোৰ খোৱাৰ বাবে অনুপযুক্ত হৈ উঠে।

চর্বি দুর্গন্ধিতাৰ এটা উদাহৰণ হৈছে মাখন বেছি দিনলৈ ৰাখিলে তাৰ গোন্ধ আৰু স্বাদ সলনি হয় ৷

অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় (Class 10 Science Chapter 1 Assamese) “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” ৰ প্ৰশ্নোত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 1 Questions and Answers in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “Class 10 Science Chapter 1 Question Answers in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • Chapter 1 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 1
  • ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ প্ৰশ্নোত্তৰ
  • ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ class 10 question answer
  • বিজ্ঞান class 10 chapter 1 question answer
  • Class 10 SEBA science chapter 1 question answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায়ৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ কভাৰ কৰো তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

4.7/5 - (23 votes)

2 thoughts on “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1 Question Answer in Assamese Medium”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top