ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 3 Question Answer in Assamese MediumSEBA Class 10 Science Chapter 3 question answer, দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩ ধাতু আৰু অধাতুৰ সমাধান অথবা দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩ ধাতু আৰু অধাতুৰ প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ৩ নং অধ্যায়টোৰ নাম হৈছে ধাতু আৰু অধাতু। ৩ নং অধ্যায়ৰ অনুশীলনত মুঠ ১৬টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ৩নং অনুশীলনৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩ (Class 10 Science Chapter 3 in Assamese) অৰ্থাৎ ধাতু আৰু অধাতু ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ৪০ নং পৃষ্ঠাৰ (Page No 40)পৰা

প্ৰশ্ন ১: ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উষ্ণতাত জুলীয়া।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।

উত্তৰ:

i) সাধাৰণ উষ্ণতাত জুলীয়া ধাতু এটা হৈছে পাৰা।
ii) কটাৰিৰে সহজে কাটিব পাৰা ধাতু এটা হৈছে লিথিয়াম।
iii) তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু এটা হৈছে ৰূপ।
iv) তাপৰ কম পৰিবাহী ধাতু এটা হৈছে সীহ।

প্ৰশ্ন ২: ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলোচনা কৰা।

উত্তৰ: ধাতুবোৰ সাধাৰণতে টান বা কঠিন। সোণ,ৰূপ, এলুমিনিয়াম, প্লেটিমান আদি ধাতু গৰম কৰি পিটি বহল বা দীঘল কৰিব পাৰি। এনে ধাতুক আঘাত কৰি প্ৰসাৰিত কৰিলেও এইবিলাক ভাঙি নায়ায়। ইয়াকে ধাতুৰ ঘাত সহনীয়তা ণ্ডণ বুলি কোৱা হয়। আটাইতকৈ ঘাতসহনীয় ধাতু দুটাৰ নাম হৈছে সোন আৰু ৰূপ। সেয়ে সোন আৰু ৰূপক ইচ্ছানুযায়ী যিকোনো আকৃতি দিব পাৰি।

ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰি। ধাতুৰ এই গুণক নমনীয়তা বুলি কোৱা হয়। সোণ, ৰূপ এলুমিনিয়াম আদি নমনীয় ধাতুৰ উদাহৰণ।

প্ৰশ্নাৱলী ৪৬ নং পৃষ্ঠাৰ (Page No 46)পৰা

প্ৰশ্ন ১: ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়?

উত্তৰ: ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু। ছ’ডিয়াম বায়ুত উন্মুক্তভাৱে থাকিলে বায়ুত উপলব্ধ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা যাতে ই বায়ুৰ সংস্পৰ্শ নাপায়।

প্ৰশ্ন ২: তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।

উত্তৰ: উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়াৰ ৰাসায়নিক সমীকৰণ হৈছে

3Fe(s) +  4H_2O(g)  \rightarrow Fe_3O_4(s) + 4H_2(g)

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।

উত্তৰ: পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়াৰ ৰাসায়নিক সমীকৰণ হৈছে

Ca(s) + 2H_2O(l) \rightarrow Ca(OH)_2(aq) + H_2(g)

2K(s) + 2H_2O(l) \rightarrow 2KOH(aq) + H_2(g) + Heat Energy

প্ৰশ্ন ৩: A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

ধাতুআইৰণ (II) ছালফেটকপাৰ (II) ছালফেটজিংক ছালফেটছিলভাৰ নাইট্ৰেট
Aবিক্ৰিয়া নহয়প্ৰতিস্থাপন  
Bপ্ৰতিষ্ঠাপন বিক্ৰিয়া নহয় 
Cবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়প্ৰতিষ্ঠাপন
Dবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়
তালিকা – ১

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া।

(i) আটাইতকৈ সক্রিয় ধাতু কোনটো?
(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে কি হ’ব?
(iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রমত সজোৱা।

উত্তৰ:

(i)  আটাইতকৈ সক্রিয় ধাতুটো হৈছে B।

(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে ই দ্ৰৱৰপৰা কপাৰক অপসাৰণ কৰিব।

(iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রম হৈছে:  B>A>C>D
          

প্ৰশ্ন ৪: লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্রিয়াটোৰ সমীকৰণ লিখা।

উত্তৰ: লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে হাইড্ৰ’জেন গেছৰ উৎপন্ন হয়।

আইৰনে লঘু H_2SO_4 ৰ লগত বিক্রিয়া কৰিলে আইৰন ছালফেট আৰু হাইড্ৰ’জেন গেছৰ উৎপন্ন হয়। বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণ হৈছে

Fe(s)+ H_2SO_4(aq) \rightarrow FeSO_4(aq) + H_2(g)

প্ৰশ্ন ৫: আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্রিয়াটো লিখা।

উত্তৰ: যিংক আইৰনতকৈ অধিক সক্ৰিয় ধাতু। আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে যিংকে আইৰণক অপসাৰিত কৰি যিংক ছালফেট উৎপন্ন কৰিব আৰু আইৰন (ll) ছালফেট দ্ৰৱৰ ৰং বৰণহীন হৈ পৰিব।

বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো হৈছে

Zn(s) + FeSO_4 (aq)  → ZnSO_4 (aq) + Fe(s)

প্ৰশ্নাৱলী ৪৯ নং পৃষ্ঠাৰ (Page No 49)পৰা

প্ৰশ্ন ১: (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন লিখা।

(ii) ইলেক্ট্রন স্থানান্তৰৰ জড়িয়তে NaO আৰু MgO ৰ গঠন লিখা।

(iii) এই যোগটোত থকা আয়নসমূহ লিখা।

উত্তৰ: (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন হৈছে:

ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন

(ii) ইলেক্ট্রন স্থানান্তৰৰ জড়িয়তে NaO আৰু MgO ৰ গঠন হৈছে:

ইলেক্ট্রন স্থানান্তৰৰ জড়িয়তে NaO আৰু MgO ৰ গঠন

(iii) NaOত থকা আয়নসমূহ হৈছে: Na^{2+} আৰু O^-

MgOত থকা আয়নসমূহ হৈছে: Mg^{2+} আৰু O^{2-}

প্ৰশ্ন ২: আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?

উত্তৰ: আয়নীয় যৌগবোৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত বিদ্যুৎস্থিতীয় আকর্ষণ বলৰ ফলত সৃষ্টি হয়। ফলস্বৰূপে আয়নীয় যৌগবোৰত এনায়ন আৰু কেটায়নবোৰৰ মাজত বিদ্যুৎস্থিতীয় আকষর্ণীয় বল অতিশয় বেছি। গতিকে আয়নসমূহ পৃথক কৰিবৰ বাবে অতিশয় বেছি তাপ শক্তিৰ প্ৰয়োজন হয়। সেইবাবে আয়নীয় যৌগবোৰৰ গলনাংক অতিশয় বেছি।

প্ৰশ্নাৱলী ৫৩ নং পৃষ্ঠাৰ (Page No 53)পৰা

প্ৰশ্ন ১: তলত দিয়া বোৰৰ সংজ্ঞা লিখা।

(i) মণিক (ii) আকৰ (iii) খনিজ মল

উত্তৰ:

মণিক: পৃথিৱীৰ খোলাটোত প্ৰাকৃতিকভাৱে পোৱা মৌল বা যৌগবোৰক মণিক বা খনিজ পদার্থ বুলি কোৱা হয়। মণিক বা খনিজ পদার্থৰ উদাহৰণ হৈছে সোণ, ৰূপ, কোৱাৰ্টছ, মাইকা আদি।

আকৰ: যিবোৰ খনিজ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক তাৰ বিশুদ্ধ অৱস্থাত লাভজনকভাৱে আহৰণ কৰিব পাৰি, সেই খনিজ পদাৰ্থবোৰক ধাতুটোৰ আকৰিক বা আকৰ বুলি কোৱা হয়। আকৰৰ উদাহৰণ হৈছে বক্সাইট, SnO_2,\, ZnS আদি।

খনিজ মল: খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অপদ্ৰৱ্য বা অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে ৷ এই অশুদ্ধি বা অপদ্ৰৱ্যবোৰক খনিজ মল বুলি কোৱা হয়।

প্ৰশ্ন ২: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰ: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হৈছে সোণ আৰু ৰূপ ৷

প্ৰশ্ন ৩: অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়?

উত্তৰ: অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰন পদ্ধতি প্ৰয়োগ কৰা হয় ৷

প্ৰশ্নাৱলী ৫৫ নং পৃষ্ঠাৰ (Page No 55)পৰা

প্ৰশ্ন ১: যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইড   
মেগনেছিয়াম অক্সাইড   
কপাৰ অক্সাইড   

কোনবিলাক ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?

উত্তৰ:

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইডনঘটিবঘটিবনঘটিব
মেগনেছিয়াম অক্সাইডনঘটিবনঘটিবনঘটিব
কপাৰ অক্সাইডঘটিবঘটিবনঘটিব

প্ৰশ্ন ২: কোনবোৰ ধাতু সহজে ক্ষয় নহয়?

উত্তৰ: কম সক্ৰিয় ধাতু যেনে সোণ, ৰূপ, কপাৰ ইত্যাদি সহজে ক্ষয় নহয় ৷

প্ৰশ্ন ৩: সংকৰ ধাতু কি?

উত্তৰ: দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বুলি কোৱা হয়।

সম্পৰ্কীয় পোষ্ট:
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1
2. এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2
3. কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4
4. মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5
5. জীৱন প্ৰক্ৰিয়া | SEBA Class 10 Science Chapter 6
6. নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7
7. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8
8. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9
9. পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10

অনুশীলনী

প্ৰশ্ন ১: তলৰ কোনবোৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব?

(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু
(b) MgCl, ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু
(c) FeSO4ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু
(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু

উত্তৰ: (d) AgNO3ৰ দ্ৰৱ আৰু কপাৰ ধাতুৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব।

প্ৰশ্ন ২: লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?

(a) গ্রীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্রলেপ দি
(d) ওপৰৰ সকলো

উত্তৰ: (c) যিংকৰ প্রলেপ দি লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰখা হয়।

প্ৰশ্ন ৩: এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো

(a) কেলছিয়াম
(b) কার্বন
(c) ছিলিকন
(d) আইৰন

উত্তৰ: (a) কেলছিয়াম

প্ৰশ্ন ৪: খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নো

(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।

উত্তৰ: (c) যিংক টিনতকৈ অধিক সক্রিয়।

প্ৰশ্ন ৫: তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হল।

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।

উত্তৰ: (a) ধাতুবোৰ ঘাতসহনীয় আনহাতে অধাতুবোৰ ঘাতসহনীয় নহয়। ধাতু আৰু অধাতুৰ নমুনাবিধত হাতুৰীৰে কোবালে যদি পাতৰ আকাৰ দিব পাৰি তেন্তে ই ধাতু হ’ব অন্যথা ই অধাতু হ’ব। তদুপৰি হাতুৰীৰে কোবালে যদি উচ্চ শব্দ হয় তেন্তে ই ধাতু হ’ব অন্যথা অধাতু হ’ব।

ধাতু আৰু অধাতুৰ নমুনাবোৰ ব্যৱহাৰ কৰি বেটাৰী, তাঁৰ, বৈদ্যুতিক বাল্ব আৰু ছুইৰ দ্বাৰা এটা বৰ্তনী তৈয়াৰ কৰা হ’ল। ছুইচ্ অন কৰিলে যদি বাল্বটো জ্বলি উঠে তেন্তেই ই ধাতু হ’ব। আনহাতে যদি বাল্বটো জ্বলি নুঠে তেন্তে ই অধাতু হ’ব।

(b) এই পৰীক্ষাবোৰে ধাতু আৰু অধাতু চিনাক্তকৰণত বিশেষভাবে সহায় কৰে যদিও কিছুমান ধাতু আৰু অধাতুৱে ব্য়তিক্ৰম দেখুৱাৰ বাবে সকলো ক্ষেত্ৰত এই পৰীক্ষাবোৰ উপযোগী নহয়। উদাহৰনস্বৰূপে যিংক এবিধ ধাতু হ’লেও সাধাৰণ উষ্ণতাত ই ঘাতসহনীয় নহয়। একেদৰে গ্রেফাইট অধাতু হ’লেও বিদ্যুতৰ সুপৰিবাহী।

প্ৰশ্ন ৬: উভধর্মী অক্সাইড কাক কোৱা হয়? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।

উত্তৰ: যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰ ধাতৱ অক্সাইডক উভধর্মী অক্সাইড বুলি কোৱা হয়।

দুটা উভধর্মী অক্সাইডৰ উদাহৰণ হৈছে: এলুমিনিয়াম অক্সাইড (Al_2O_3) আৰু জিংক অক্সাইড (ZnO)

প্ৰশ্ন ৭: দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

উত্তৰ: লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰা দুটা ধাতুৰ নাম হৈছে ছডিয়াম (Na) আৰু এলুমিনিয়াম (Al)

লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰিব নোৱাৰা দুটা ধাতুৰ নাম হৈছে চিলভাৰ (Ag) আৰু মাৰকিউৰি (Hg)

প্ৰশ্ন ৮: M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড, কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি ল’ব লাগিব?

উত্তৰ: M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড হ’ব অশুদ্ধ ধাতু M, কেথ’ড হব বিশুদ্ধ M ধাতুৰ পাতল পাত আৰু বিদ্যুৎবিশ্লেষ্য হব M ধাতুৰ লৱণৰ দ্ৰৱ

প্ৰশ্ন ৯: প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওলোটাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) এই গেছে

(i) শুষ্ক লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব ?

(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰ: (a)ছালফাৰৰ গুড়ি বায়ুত উত্তাপিত কৰিলে ছালফাৰ ডাই অক্সাইড (SO_2) উৎপন্ন হয়।

(i)  উদ্ভৱ হোৱা ছালফাৰ ডাই অক্সাইড গেছে শুষ্ক লিটমাচ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে।

(ii)  উদ্ভৱ হোৱা ছালফাৰ ডাই অক্সাইড গেছে সিক্ত লিটমাচ কাগজৰ লগত বিক্ৰিয়া কৰিলে লিটমাচ কাগজখন নীলাৰ পৰা ৰঙা হ’ব৷ ইয়াৰ কাৰণ হ’ল ছালফাৰ ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে ছালফিউৰাছ এছিড (H_2SO_3) উৎপন্ন কৰে।

(b) বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হৈছে

SO_2(g) + H_2O(l)\rightarrow H_2SO_3(g)

প্ৰশ্ন ১০: লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

উত্তৰ: লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় হৈছে

(i) লোৰ বস্তুবোৰ ৰঙ কৰিব লাগে।
(ii) যিংকৰ আৱৰণ বা দস্তালেপন দিব লাগে।

প্ৰশ্ন ১১: অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে কেনে অক্সাইড উৎপন্ন কৰে ?

উত্তৰ: অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে ।

প্ৰশ্ন ১২: কাৰণ দর্শোৱা।

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

উত্তৰ: (a) প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ আদি ধাতুবোৰ কম সক্ৰিয় হোৱা বাবে ইহঁতে সাধাৰণতে বায়ুত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদিৰ লগত সহজে বিক্ৰিয়া নকৰে আৰু সেয়েহে ইহঁত সহজে ক্ষয় নহয়। তদুপৰি এই ধাতুসমূহ অধিক নমনীয়, ঘাতসহনীয় আৰু ধাতব দ্য়ুতি সম্পন্ন। সেইবাবে ইহঁতক গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(b) ছডিয়ামৰ পটাছিয়াম আৰু লিথিয়াম ধাতু অধিক সক্ৰিয় হোৱাৰ বাবে ইহঁতে সাধাৰণ উষ্ণতাত বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ইয়াৰ পৃষ্ঠভাগত এলুমিনিয়াম অক্সাইডৰ এটা প্ৰলেপ সৃষ্টি কৰি পৰৱৰ্তী বিক্ৰিয়া ৰোধ কৰে। এলুমিনিয়াম তুলনামূলক ভাৱে কম মূল্যযুক্ত, পাতল, সহজলভ্য, ঘাতসহনীয়, নমনীয়, তাপৰ সুপৰিবাহী হোৱাৰ লগতে ইয়াৰ গলনাংকও অধিক। সেয়েহে এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু যদিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ ছালফাইড আৰু কার্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন সহজ।

প্ৰশ্ন ১৩: চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্রবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?

উত্তৰ: কপাৰৰ পাত্ৰ বহুদিন বতাহৰ সংস্পৰ্শত থাকিলে ক্ষয়ীভবনৰ ফলত ইয়াৰ ওপৰত সেউজীয়া ৰঙৰ কপাৰ কাৰ্বনেটৰ চামনি পৰে। নেমু ৰসত চাইট্ৰিক এছিড আৰু তেতেলী ৰসত টাৰটাৰিক এছিড থাকে। এই এছিড সমূহে কপাৰৰ পাত্ৰত লগা সেউজীয়া ৰঙৰ চেকা অৰ্থাৎ ক্ষাৰকীয় কপাৰ কাৰ্বনেটক দ্ৰৱীভূত কৰি পাত্ৰটো পৰিষ্কাৰ কৰিব পাৰে।

প্ৰশ্ন ১৪: ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতু পার্থক্য লিখা?

উত্তৰ: ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতু পার্থক্য তলত তালিকাভুক্ত কৰা হৈছে:

ধাতুঅধাতু
ধাতুবোৰে বিদ্য়ুত ধনাত্মক আয়ন উৎপন্ন কৰেঅধাতুৱে বিদ্য়ুত ঋণাত্মক আয়ন উৎপন্ন কৰে
ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয়অধাতুৰ অক্সাইডবোৰ আম্লিক
ধাতুৰ হাইড্রাইডবোৰ আয়নীয় প্ৰকৃতিৰঅধাতুৰ হাইড্রাইডবোৰ সহযোজী প্রকৃতিৰ
ধাতুৱে লঘূ এছিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰেঅধাতুৱে লঘূ এছিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে
ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি অক্সাইড আৰু হাইড্ৰক্সাইড উৎপন্ন কৰেঅধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে

প্ৰশ্ন ১৫: এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্রতিশ্রুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ দ্রাৱকত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্রস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি ক’ব পাৰিবা নে?

উত্তৰ: ভণ্ড স্বর্ণকাৰজনে ব্য়ৱহাৰ কৰা দ্ৰাৱকবিধ হল অম্লৰাজ বা একুৱা ৰেজিয়া। ই হৈছে ৩:১ অনুপাতত গাঢ় হাইড্ৰক্লৰিক এছিড (HCl) আৰু গাঢ় নাইট্ৰিক এছিডৰ (NHO3) মিশ্ৰণ। অম্লৰাজে সোন দ্ৰৱীভূত কৰিব পাৰে। সেয়ে খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল কিন্তু খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল।

প্ৰশ্ন ১৬: গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্ত ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়?

উত্তৰ:- গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্ত ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কাৰণ ষ্টিলতকৈ কপাৰ তাপৰ সুপৰিবাহী। লগতে ষ্টিলত থকা আইৰণে গৰম পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰি আইৰণৰ অক্সাইড উৎপন্ন কৰে। ইয়াৰ ফলত ষ্টিলত মামৰে ধৰে। কিন্তু কপাৰে গৰমপানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে।


অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায় (Class 10 Science Chapter 3 Assamese) “ধাতু আৰু অধাতু” ৰ প্ৰশ্নোত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 3 Questions and Answers in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

পূৰ্বৰ অধ্যায় এছিড, ক্ষাৰক আৰু লৱণ আৰু ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰশ্ন আৰু উত্তৰও পঢ়িব পাৰে।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 10 Science Chapter 3 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 3 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 3
  • ধাতু আৰু অধাতু প্ৰশ্ন উত্তৰ
  • ধাতু আৰু অধাতু class 10 question answer
  • Seba Class 10 Science Chapter 3 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় ধাতু আৰু অধাতুৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

4.7/5 - (28 votes)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top