মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন | SEBA Class 10 Science Chapter 5 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 10 Science Chapter 5 Question Answer in Assamese MediumSEBA Class 10 Science Chapter 5 question answerদশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৫ মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজনৰ সমাধান অথবা দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজনৰ প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত দশম শ্ৰেণীৰ বিজ্ঞানৰ ৫নং অধ্যায়টোৰ নাম হৈছে মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন। ৫ নং অধ্যায়ৰ অনুশীলনীত মুঠ ১০টা প্ৰশ্ন আছে। এই লেখাটোত আপুনি ৫নং অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ পাব।

তাৰ বাহিৰেও আপুনি দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫ (Class 10 Science Chapter 5 question answer in Assamese) অৰ্থাৎ মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন ৰ বাবে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নোত্তৰও পাব যিটো পাঠ্যপুথি অনুসৰি প্ৰশ্নাৱলী বুলিও কোৱা হয়।

দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো প্ৰশ্ন ম‍ই সহজ ভাষাত সমাধান কৰিছো যাতে সকলোৱে সহজে বুজিব পাৰে আৰু পৰীক্ষাত সহজে লিখিব পাৰে।

প্ৰশ্নাৱলী ৮১ নং পৃষ্ঠাৰ (Page No 81)পৰা

প্ৰশ্ন ১: নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্রায়াড় আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।

উত্তৰ: নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিল।

উদাহৰণ স্বৰূপে Li,\, Na আৰু k মৌল তিনিটা নিউলেণ্ডৰ শ্ৰেণীবিভাজনৰ দ্বিতীয় স্তম্ভৰ মৌল। নিউলেণ্ডৰ অষ্টক সূত্ৰমতে Li,\, Na আৰু k ৰ ধৰ্মৰ মিল আছে। আনহাতে, Li,\, Na আৰু k ড’বাৰেইনাৰৰ এটা ট্ৰায়াড আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম একে। গতিকে নিউলেণ্ডৰ অষ্টক স্তম্ভত ড’বাৰেনাৰৰ ট্ৰায়াড আছিল।

প্ৰশ্ন ২: ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?

উত্তৰ: ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাবোৰ হৈছে:

  • ড’বাৰেইনাৰে মৌলবোৰৰ মাজত তিনিটা ট্রায়ডহে চিনাক্ত কৰিছিল। সেয়েহে সকলো মৌলৰ শ্রেণী বিভাজনৰ বাবে ই যথেষ্ট নাছিল।
  • ড’বাৰেইনাৰে মৌলবোৰৰ পৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ মাজত কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল।

প্ৰশ্ন ৩: নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি কি আছিল?

উত্তৰ: নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হৈছে:

  • নিউলেণ্ডছৰ অষ্টক নিয়মটো কেবল মাত্র কেলছিয়াম পর্যন্তহে প্রযোজ্য।
  • নিউলেণ্ডছৰ তালিকাত কেতিয়াবা দুটা মৌল একেটা স্থানতে প্রতিষ্ঠা কৰিছিল। আনকি ধৰ্মৰ মিল নথকা মৌলবোৰো একেটা স্তম্ভতে ৰাখিছিল।
  • নিউলেণ্ডছৰ মতে প্ৰকৃতিত কেৱল 56 টা মৌল আছে আৰু অধিক মৌলৰ আবিস্কাৰ নহব।
  • নিষ্ক্রিয় গেছৰ বাবে নিউলেণ্ডছৰ অষ্টক নীতি প্ৰযোজ্য নহয়।

প্ৰশ্নাৱলী ৮৫ নং পৃষ্ঠাৰ (Page No 85)পৰা

প্ৰশ্ন ১: মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।

K,\,C,\,Al,\,Si,\,Ba

উত্তৰ: মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি ওপৰত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত হৈছে:

  • K ৰ বৰ্গ (I), গতিকে K ৰ অক্সাইডটো হ’ল: K_2O
  • C ৰ বৰ্গ (IV), গতিকে C ৰ অক্সাইডটো হ’ল: CO_2
  • Al ৰ বৰ্গ (III), গতিকে Al ৰ অক্সাইডটো হ’ল: Al_2O_3
  • Si ৰ বৰ্গ (IV), গতিকে Si ৰ অক্সাইডটো হ’ল: SiO_2
  • Ba ৰ বৰ্গ (II), গতিকে Ba ৰ অক্সাইডটো হ’ল: BaO

প্ৰশ্ন ২: গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)

উত্তৰ: মেণ্ডেলিভে তেওঁৰ তালিকাত গেলিয়ামৰ উপৰিও আৱিষ্কৃত পূর্বেই হোৱাৰ খালী ঠাই ৰখা মৌল দুটা হৈছে: স্কেণ্ডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge)

প্ৰশ্ন ৩: মেণ্ডেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল?

উত্তৰ: মেণ্ডেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ হৈছে:

  • মেণ্ডেলিভে মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বর্ধিত ক্ৰমত ৰাখিছিল কিয়নো মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পর্যায় ক্রমে সলনি হয়।
  • মৌলবোৰে অক্সিজেন আৰু হাইড্রজেনৰ লগত গঠন কৰা অক্সাইড আৰু হাইড্রাইডবোৰৰ সংকেতক শ্ৰেণীবিভাজন কৰোঁতে বিশেষ গুৰুত্ব দিছিল।

প্ৰশ্ন ৪: সম্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?

উত্তৰ: সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰতম কক্ষটোত ৮ টাকৈ ইলেকট্ৰন থাকে। গতিকে ৰাসয়নিকভাৱে এইবোৰ নিষ্ক্ৰয় আৰু কোনো ৰাসায়নিক বিক্রিয়াত অংশ নলয়। সেইবাবে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে।

প্ৰশ্নাৱলী ৯০ নং পৃষ্ঠাৰ (Page No 90)পৰা

প্ৰশ্ন ১: আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল?

উত্তৰ: আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ তলত দিয়াৰ দৰে দূৰ কৰিছিল:

  • হাইড্রজেনৰ স্থান: আধুনিক পর্যাবৃত্ত তালিকা আৰু মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ প্ৰথমটো আসোঁৱাহ হৈছে হাইড্রজেনৰ পাৰমাণৱিক সংখ্যা। মেণ্ডেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাত হাইড্রজেনক সঠিক স্থান দিব পৰা নাছিল।
  • সমস্থানিক অবস্থান: যিবোৰ মৌলৰ পৰমাণুত থকা প্রটনৰ সংখ্যা একে, সেইবোৰৰ পাৰমাণৱিক সংখ্যাও একে। গতিকে সমস্থানিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এইবোৰক পর্যাবৃত্ত তালিকাত একেটা বৰ্গতে স্থান দিয়া হৈছে।
  • মেণ্ডেলিভৰ তালিকাত যিবোৰ মৌলৰ বাবে স্থানৰ বিতর্ক হৈছিল সেই সমস্যা আধুনিক পর্যাবৃত্ত তালিকাখন মৌলৰ পাৰমাণবিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা বাবে দুৰ হৈছিল।

প্ৰশ্ন ২: মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তি কি?

উত্তৰ: মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুওৱা মৌল দুটাৰ নাম হৈছে বেৰিয়াম আৰু কেলছিয়াম।

বেৰিয়াম আৰু কেলছিয়ামে মেগনেছিয়ামৰ দৰে একে ৰাসায়নিক বিক্রিয়া দেখুৱাই কাৰণ মৌল দুটাৰ যোজক কক্ষত Mgৰ দৰে সমান সংখ্যক ইলেকট্রন থাকে।

প্ৰশ্ন ৩: নাম লিখা
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।

উত্তৰ:

(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ নাম হৈছে লিথিয়াম, ছ’ডিয়াম আৰু পটাছিয়াম
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ নাম হৈছে মেগনেছিয়াম আৰু কেলছিয়াম
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ নাম হৈছে হিলিয়াম, নিয়ন আৰু আর্গন

প্ৰশ্ন ৪: (a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম — এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্রিয়া কৰি হাইড্রজেন মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ন এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি কি মিল থকা দেখা যায়?

উত্তৰ:

(a) লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়ামৰ পৰমাণুৰ সাদৃশ্য আছে। তিনিওটা ধাতুৰ পৰমাণুৰ বহিৰতম কক্ষত মাত্র এটাকৈ ইলেকট্রন থাকে।

(b) হিলিয়াম আৰু নিয়নৰ মাজৰ সাদৃশ্য হৈছে যে ইহঁত দুয়োৰে পৰমাণুৰ বহিৰতম কক্ষ ইলেকট্রনেৰে পৰিপূৰ্ণ হৈ থাকে। সেয়েহে ইহঁতে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে।

প্ৰশ্ন ৫: আধুনিক পর্যাবৃত্ত তালিকাত থকা প্রথম দহটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?

উত্তৰ: আধুনিক পর্যাবৃত্ত তালিকাত থকা প্রথম দহটা মৌলৰ ভিতৰত লিথিয়াম আৰু বেৰেলিয়াম ধাতু হয়।

প্ৰশ্ন ৬: পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধর্মী হব বুলি অনুমান কৰিবা?

Ga, Ge, As, Se, Be

উত্তৰ: পর্যাবৃত্ত তালিকাৰ স্থান বিবেচনা কৰি ওপৰৰ মৌলকেইটাৰ মাজত Be আটাইতকৈ বেছি ধাতৱধর্মী কাৰণ ই পৰ্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থাকে।

সম্পৰ্কীয় পোষ্ট:
1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA Class 10 Science Chapter 1
2. এছিড, ক্ষাৰক আৰু লৱণ | SEBA Class 10 Science Chapter 2
3. ধাতু আৰু অধাতু | SEBA Class 10 Science Chapter 3
4. কাৰ্বন আৰু তাৰ যৌগ | SEBA Class 10 Science Chapter 4
5. জীৱন প্ৰক্ৰিয়া | SEBA Class 10 Science Chapter 6
6. নিয়ন্ত্ৰণ আৰু সমন্বয় | SEBA Class 10 Science Chapter 7
7. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | SEBA Class 10 Science Chapter 8
8. বংশগতি আৰু ক্ৰমবিকাশ | SEBA Class 10 Science Chapter 9
9. পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | SEBA Class 10 Science Chapter 10

অনুশীলনী

প্ৰশ্ন ১: পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায়
(d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে

উত্তৰ: (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায়।

প্ৰশ্ন ২: মৌল X য়ে XCI2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?

(a) Na (b) Mg (c) Al (d) Si

উত্তৰ: (b) Mg

প্ৰশ্ন ৩: কোনটো মৌলৰ আছে
(a) ইলেকট্রনপূর্ণ দুটা কক্ষ
(b) 2.8.2 ইলেকট্রনীয় বিন্যাস
(c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ
(d) দ্বিতীয় কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন

উত্তৰ:

(a) ইলেকট্রনপূর্ণ দুটা কক্ষ থকা মৌলটো হৈছে নিয়ন, Ne (2.8)
(b) 2.8.2 ইলেকট্রনীয় বিন্যাস থকা মৌলটো হৈছে মেগনেছিয়াম, Mg (2.8.2)
(c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ থকা মৌলটো হৈছে ছিলিকন, Si (2.8.4)
(d) দ্বিতীয় কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ থকা মৌলটো হৈছে ব’ৰণ, B (2.3)
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন থকা মৌলটো হৈছে কার্বন, C (2.4)

প্ৰশ্ন ৪: (a) পর্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধর্ম আছে?
(b) পর্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধর্ম আছে?

উত্তৰ:

(a) পর্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধর্ম হৈছে যে সিহঁতৰ আটাইবোৰৰে যোজ্যতা 3।

(b) পর্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধর্ম হৈছে যে সিহঁতৰ আটাইবোৰৰে যোজ্যতা 1।

প্ৰশ্ন ৫: এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস 2.8.7
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
(b) তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)।
N(7) F(9) P(15) Ar(18)

উত্তৰ:

(a) ওপৰত দিয়া মৌলটোৰ পাৰমাণৱিক সংখ্যা হৈছে 17।

(b) ওপৰত দিয়া মৌলটোৰ F(9) ৰ লগত সাদৃশ্য থাকিব কাৰণ ইয়াৰ পৰমাণু ক্ৰমাংক 9 আৰু ইলেকট্রনীয় বিন্যাস 2.7।

প্ৰশ্ন ৬: পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে

16 বর্গ17 বর্গ
A
BC


(a) মৌল A ধাতু নে অধাতু
(b) C মৌলটো A তকৈ বেছি সক্রিয় নে কম সক্রিয়
(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু
(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব

উত্তৰ:

(a) মৌল A অধাতু।

(b) C মৌলটো A তকৈ কম সক্রিয়।

(c) C মৌলটো আকাৰত B তকৈ সৰু।

(d) মৌল A এ এনায়ন গঠন কৰিব।

প্ৰশ্ন ৭: নাইট্রজেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফৰাছ (পাৰমাণৱিকত সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বর্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। সিহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয়?

উত্তৰ: নাইট্রজেনৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.5 আৰু ফছফৰাছৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.8.5

গতিকে নাইট্রজেন আৰু ফছফৰাছ একেটা বৰ্গৰ মৌল। আনহাতে ফছফৰাছৰ পাৰমাণৱিক আকাৰ নাইট্রজেনতকৈ বেছি। যিহেতু পর্যাবৃত্ত তালিকাত তলৰ পৰা ওপৰলৈ বিদ্যুৎ ঋণাত্মকতা বাঢ়ি যায়। সেয়েহে নাইট্রজেনৰ বিদ্যুৎ ঋণাত্মকতা ফছফৰাছতকৈ বেছি হ’ব।

প্ৰশ্ন ৮: পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে।

উত্তৰ: আধুনিক পর্যাবৃত্ত তালিকাত মৌল এটাৰ অৱস্থান, তাৰ ইলেকট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে। যোজক ইলেকট্ৰনৰ সংখ্যাই বৰ্গ সংখ্যাৰ সিদ্ধান্ত কৰে আৰু ইলেকট্ৰনৰ কক্ষপথৰ সংখ্যাই পৰ্যায় সংখ্যাৰ সিদ্ধান্ত কৰে।

উদাহৰণস্বৰূপে ছডিয়ামৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.8.1। ইয়াৰ যোজক কক্ষত 1 টা ইলেকট্রন আছে বাবে ই 1 নং বৰ্গত অবস্থিত আৰু ইয়াৰ মুঠ কক্ষ সংখ্যা 3টা বাবে ই তৃতীয় পর্যায়ত অবস্থিত।

প্ৰশ্ন ৯: আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12,19,21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?

উত্তৰ: কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 20 আৰু ইয়াৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.8.8.2।

কেলছিয়ামৰ চাৰিওফালে থকা 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ ইলেকট্রনীয় বিন্যাস হৈছে:
12\rightarrow 2.8.2
19\rightarrow 2.8.8.1
21\rightarrow 2.8.8.3
38\rightarrow 2.8.18.8.2

মৌল 12 আৰু 38ৰ যোজক কক্ষত কেলছিয়ামৰ দৰে 2 টাকৈ ইলেকট্রন আছে সেয়েহে মৌল 12 আৰু 38ৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ লগত মিলে।

প্ৰশ্ন ১০: মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্রেণীবিভাজনৰ তুলনা কৰা।

উত্তৰ: মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্রেণীবিভাজনৰ তুলনা তলৰ তালিকাখনত কৰা হ’ল।

মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাআধুনিক পর্যাবৃত্ত তালিকা
8 টা বর্গ আৰু 6 টা পৰ্যায় আছিলমুঠ 18 টা বৰ্গ আৰু 7 টা পৰ্যায় আছে
সমস্থানিকৰ বাবে কোনো নির্দিষ্ট স্থান নাছিলসমস্থানিকবোৰৰ বাবে সুকীয়া স্থান আছে
সম্রান্ত গেছক বেলেগ স্থান দিয়া নাছিলসভ্রান্ত গেছবোৰক এক পৃথক বৰ্গত স্থান দিয়া হৈছে
মেণ্ডেলিভৰ তালিকা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজা হৈছিলআধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজা হৈছে

অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম অধ্যায় (Class 10 Science Chapter 5 Assamese) “মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন” ৰ প্ৰশ্ন উত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 10 Science Chapter 5 Question and Answer in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

পূৰ্বৰ অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এছিড, ক্ষাৰক আৰু লৱণ, ধাতু আৰু অধাতু আৰু কাৰ্বন আৰু তাৰ যৌগৰ প্ৰশ্ন আৰু উত্তৰও পঢ়িব পাৰে।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 10 Science Chapter 5 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 5 Class 10 General Science Question Answer in Assamese
  • Class 10 Science Assamese Medium
  • বিজ্ঞান Class 10 Chapter 5
  • মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন প্ৰশ্ন উত্তৰ
  • মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন class 10 question answer
  • Seba Class 10 Science Chapter 5 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজনৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

4.8/5 - (24 votes)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top