দহন আৰু শিখা | SEBA Class 8 Science Chapter 6 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 8 Science Chapter 6 Question Answer in Assamese Mediumঅষ্টম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৬ দহন আৰু শিখা ৰ সমাধান অথবা প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ নং অধ্যায়টোৰ নাম হৈছে দহন আৰু শিখা

দহন আৰু শিখাৰ প্ৰশ্ন উত্তৰ

অনুশীলনী

১) দহন সংঘটিত হ’বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা।

উত্তৰ: দহন সংঘটিত হ’বৰ বাবে আৱশ্যকীয় চৰ্তবোৰ হ’ল –

ক) দাহ্য পদাৰ্থ থাকিব লাগিব।
খ) দহনৰ বাবে সহায়ক অক্সিজেনৰ উপস্থিতিৰ প্ৰয়োজন।
গ) জ্বলনাংক লাভ কৰিব লাগিব।

২) খালী ঠাই পূৰ কৰা।

ক) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ……………………. ঘটায়।

উত্তৰ: প্ৰদূষণ।

খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ’ল ……………………. ।

উত্তৰ: কেৰাছিন।

গ) দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ……………………. …………………….. লৈ নিশ্চয়কৈ তপতাব লাগে।

উত্তৰ: জ্বলন, বিন্দু।

ঘ) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক …………………… ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

উত্তৰ: পানীৰ।

৩) যান-বাহনত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কেনেকৈ প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা।

উত্তৰ: যান-বাহনত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰবোৰত যথেষ্ট পৰিমাণে প্ৰদূষণ কমাইছে। পেট্ৰল বা ডিজেলৰ দহনত কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন হয়। কিন্তু চি. এন. জি. দহন কৰিলে এনে গেছ অতি কম পৰিমাণেহে উৎপন্ন হয়। কাৰণ চি. এন. জি. অতি পৰিষ্কাৰ ইন্ধন।

৪) ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা।

উত্তৰ: ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠৰ পাৰ্থক্য হ’ল –

ক) এল. পি. জি. দহনত কোনো অবশিষ্ট নাথাকে আনহাতে কাঠ দহনত অবশিষ্ট থাকে। যাক ছাই বোলে।
খ) এল. পি. জি. সহজে জ্বলি উঠে আনহাতে কাঠ সহজে জ্বলি নুঠে।
গ) এল. পি. জি. ৰ জ্বলনাংক কম আনহাতে কাঠৰ জ্বলনাংক বেছি।
ঘ) এল. পি. জি. দহনত ধোঁৱা কম ওলায় আনহাতে কাঠ দহনত অধিক ধোঁৱা উৎপন্ন হয়।

৫) কাৰণ দৰ্শোৱা –

ক) বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।

উত্তৰ: বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী। পানীৰে বিদ্যুৎ চালিত হৈ পানীৰে জুই নুমুৱা জনৰ বিপদ ঘটিব পাৰে। সেয়ে পানীৰে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল।

উত্তৰ: এল. পি. জি. দহনে ধোঁৱাৰ সৃষ্টি নকৰে। পাত্ৰৰ তলিত কাজল নপৰে। তাপ বেছিকৈ দিয়ে। এল. পি. জি. দহনত অবশিষ্ট বা ছাই উৎপন্ন নহয়। কিন্তু কাঠ দহনত ধোঁৱা ওলায়। পাত্ৰৰ তলিত কাজল পৰে। তাপ উৎপন্ন হোৱাৰ মাত্ৰাও কম। কাঠ দহনত অবশিষ্ট বা ছাই উৎপন্ন হয়। সেয়ে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল।

গ) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।

উত্তৰ: কাগজৰ জ্বলনাংক কম, আনহাতে এলুমিনিয়ামৰ জ্বলনাংক বেছি। সেইবাবে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।

৬) মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিনহিত কৰা।

উত্তৰ:

মমবাতি শিখা

৭) ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা এককটোৰ নাম লিখা।

উত্তৰ: ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা এককটোৰ নাম হ’ল – কিল’জুল/ কিল’গ্ৰাম (KJ/kg)।

৮) কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা।

উত্তৰ: কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ বহুত গধুৰ। কাৰ্বন ডাই অক্সাইড গেছে জুইক ঢাকি ধৰে। এনে হোৱাৰ বাবে বায়ুৰ অক্সিজেনৰ লগত জুইৰ সংযোগ বিচ্ছিন্ন হয়। অক্সিজেন অবিহনে জুই নজ্বলে। গতিকে জুইকুৰা নুমাই যায়। এইদৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পাৰে।

৯) কেঁচা পাতৰ দম এটা পুৰিবলৈ টান, কিন্তু শুকান পাতত সহজে জুই লাগে। ব্যাখ্যা কৰা।

উত্তৰ: শুকান পাতৰ জ্বলনাংক কম, আনহাতে কেঁচা পাতৰ জ্বলনাংক বেছি। সেয়ে শুকান পাতৰ দম এটাত সোনকালে জুই লাগে, কিন্তু কেঁচা পাতৰ দমত সিমান সোনকালে জুই নালাগে।

১০) সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে? ব্যাখ্যা কৰা।

উত্তৰ: সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ বৰ্হি মণ্ডলটো ব্যৱহাৰ কৰে। কাৰণ এই মণ্ডলৰ উত্তাপ সৰ্বাধিক। উষ্ণতা প্ৰায় ৮০০° চেলচিয়াছ আৰু এই মণ্ডলটো উজ্জ্বল নহয়।

১১) কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ ৪.৫ কেজি পৰিমাণক সম্পূৰ্ণভাৱে পোৰা হ’ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ কেজি পোৱা গ’ল। ইন্ধনটোৰ কেল’ৰি মান গণনা কৰা।

উত্তৰ: ইয়াত ইন্ধনৰ ভৰ = ৪.৫ কেজি

উৎপন্ন তাপৰ পৰিমাণ = ১৮০,০০০ কেজি

এতেকে ইন্ধনৰ কেল’ৰি মান হ’ব = ১৮০,০০০ ÷ ৪.৫ = ৪০,০০০ কেজি।

১২) মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব পাৰি নে? আলোচনা কৰা।

উত্তৰ: মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি। এই প্ৰক্ৰিয়া এক ৰাসায়নিক বিক্ৰিয়া মাথোন। ইয়াত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন নহয়। দহনত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন হয়। সেয়ে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি।

১৩) আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে যত বিকাৰত পানী তপতাব লাগে। আবেদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হব?

উত্তৰ: ৰমেশৰ পানী খিনি সোনকালে তপত হব। কাৰণ ৰমেশে শিখাৰ বহিঃ মণ্ডল অৰ্থাৎ নীলা মণ্ডল ব্যৱহাৰ কৰিছে। বহিঃ মণ্ডলৰ তাপ বেছি। আনহাতে অবিদাই হালধীয়া মণ্ডল ব্যৱহাৰ কৰিছে। হালধীয়া মণ্ডলৰ তাপ কম।

অৱশেষত…

আশাকৰো অসমীয়া মাধ্যমৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায় (Class 8 Science Chapter 6 Assamese) “দহন আৰু শিখা” ৰ প্ৰশ্ন উত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে। যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 8 Science Chapter 6 Question and Answer in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 8 Science Chapter 6 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 6 Class 8 General Science Question Answer in Assamese
  • Class 8 Science Assamese Medium
  • বিজ্ঞান Class 8 Chapter 6
  • দহন আৰু শিখা প্ৰশ্ন উত্তৰ 
  • দহন আৰু শিখা class 8 question answer
  • Seba Class 8 Science Chapter 6 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় দহন আৰু শিখা (SEBA Class 8 Science Chapter 6 Question Answer in Assamese Medium) ৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top