পদাৰ্থ: ধাতু আৰু অধাতু | SEBA Class 8 Science Chapter 4 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 8 Science Chapter 4 Question Answer in Assamese Mediumঅষ্টম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৪ পদাৰ্থ: ধাতু আৰু অধাতু ৰ সমাধান অথবা প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ নং অধ্যায়টোৰ নাম হৈছে পদাৰ্থ: ধাতু আৰু অধাতু

অনুশীলনী

প্ৰশ্ন ১: তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকৰলৈ নিব পাৰি?

ক) জিংক
খ) ফছফৰাছ
গ) গন্ধক
ঘ) অক্সিজেন

উত্তৰ: ক) জিংক

প্ৰশ্ন ২: তলত দিয়া কোনটো উক্তি শুদ্ধ?

ক) সকলো ধাতু নমনীয়।
খ) সকলো অধাতু নমনীয়।
গ) সাধাৰণতে ধাতু সমূহ নমনীয়।
ঘ) কিছুমান অধাতু নমনীয় ।

উত্তৰ: গ) সাধাৰণতে ধাতু সমূহ নমনীয়।

প্ৰশ্ন ৩: খালী ঠাই পূৰ কৰা:

ক) ফছফৰাছ এবিধ অতি ________ অধাতু।

উত্তৰ: ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু।

খ) ধাতু সমূহ তাপ আৰু ________ ৰ ________ পৰিবাহী।

উত্তৰ: ধাতু সমূহ তাপ আৰু বিদ্যুতৰভাল পৰিবাহী।

গ) তামতকৈ লো ________ সক্ৰিয়।

উত্তৰ: তামতকৈ লো অধিক সক্ৰিয়।

ঘ) ধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ________ গেছ উৎপন্ন কৰে ।

উত্তৰ: ধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

প্ৰশ্ন ৪: উক্তিবোৰ শুদ্ধ হলে ‘শু’ আৰু অশুদ্ধ হলে ‘অ’ ৰে চিহ্নিত কৰিবা।

ক) সাধাৰণতে, অধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে।

উত্তৰ: অশুদ্ধ

খ) ছ‘ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু।

উত্তৰ: শুদ্ধ

গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।

উত্তৰ: অশুদ্ধ

ঘ) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি।

উত্তৰ: অশুদ্ধ

প্ৰশ্ন ৫: তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে। এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।

ধৰ্মধাতুঅধাতু
১) বাহ্যিক ৰূপ
২) কঠিনতা
৩) ঘাতসহনীয়তা
৪) নমনীয়তা
৫) তাপ পৰিবাহিতা
৬) বিদ্যুৎ পৰিবাহিতা

উত্তৰ:

ধৰ্মধাতুঅধাতু
১) বাহ্যিক ৰূপধাতৱীয় দ্যুতি আছেঅনুজ্বল
২) কঠিনতাকঠিন, দৃঢ়কোমল
৩) ঘাতসহনীয়তাঘাতসহনশীলঠুনুকা
৪) নমনীয়তানমনীয়অনমনীয়
৫) তাপ পৰিবাহিতাতাপৰ সুপৰিবাহীতাপৰ কুপৰিবহী
৬) বিদ্যুৎ পৰিবাহিতাবিদ্যুতৰ সুপৰিবাহীবিদ্যুতৰ কুপৰিবহী

প্ৰশ্ন ৬: কাৰণ দৰ্শোৱা:

ক) খাদ্য–সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ।

উত্তৰ: এলুমিনিয়াম অধিক ঘাতসহনশীল ধাতু। ইয়াক পিটি অতি পাতল কৰিব পাৰি। কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায়। সেইবাবে খাদ্য–সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।

খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত।

উত্তৰ: ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। ইহঁতৰ ৰোধ বেছি বাবে বিদ্যুৎ চালিত হলে গৰম হৈ পৰে। সেইবাবে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত থাকে।

গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে।

উত্তৰ: জিংক তামতকৈ ৰাসায়নিক ভাৱে অধিক সক্ৰিয়। সেইবাবে তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে।

ঘ) ছ‘ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়।

উত্তৰ: ছ’ডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু। ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি যায়। গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ ছ’ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়।

প্ৰশ্ন ৭: তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা।

উত্তৰ: নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি। কাৰণ নেমু টেঙাৰ ৰস এবিধ চাইট্ৰিক এচিড আৰু চাইট্ৰিক এচিডে এলুমিনিয়াম ধাতুৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটায়।

প্ৰশ্ন ৮: স্তম্ভ ‘A’ ত থকা পদাৰ্থ সমূহক স্তম্ভ ‘B’ ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা।

AB
(i) সোণ(ক) থাৰ্মমিটাৰ
(ii) লো(খ) বৈদ্যুতিক তাঁৰ
(iii) এলুমিনিয়াম(গ) খাদ্য মেৰোৱা
(iv) কাৰ্বন(ঘ) আ – অলংকাৰ
(v) তাম(ঙ) যন্ত্ৰ – পাতি
(vi) পাৰা(চ) ইন্ধন

উত্তৰ:

AB
(i) সোণ(ক) আ – অলংকাৰ
(ii) লো(খ) যন্ত্ৰ – পাতি
(iii) এলুমিনিয়াম(গ) খাদ্য মেৰোৱা
(iv) কাৰ্বন(ঘ) ইন্ধন
(v) তাম(ঙ) বৈদ্যুতিক তাঁৰ
(vi) পাৰা(চ) থাৰ্মমিটাৰ

প্ৰশ্ন ৯: কি ঘটিব যেতিয়া:

ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয়?

উত্তৰ: যদি তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় তেতিয়া কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হব।

\text{কপাৰ} + \text{ছালফিউৰিক এচিড} \rightarrow \text{কপাৰ ছালফেট} + \text{হাইড্ৰজেন গেছ}

খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়?

উত্তৰ: কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে লোৰ গজালৰ ওপৰত মুগা তৰপ পৰিব। কাৰণ আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ মুক্ত কৰাই গজালৰ ওপৰত মুগা তৰপ জমা কৰিব।

\text{লো (আইৰণ)} + \text{কপাৰ ছালফেট দ্ৰৱ} \rightarrow \text{আইৰণ ছালফেট দ্ৰৱ} + \text{কপাৰ}

প্ৰশ্ন ১০: শালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে।

ক) তেওঁ কেনেদৰে গেছ টোৰ প্ৰকৃতি জানিব পাৰিব?

উত্তৰ: শালনীয়ে এখিলা আদ্ৰ লিটমাছ পেপাৰ গেছ খিনিত সোমাই দিলে যদি গেছ টোৱে নীলা লিটমাছ পেপাৰ খনক ৰঙা কৰে, তেতিয়া গেছটো আম্লিক বুলি জানিব পাৰিব। আৰু যদি ৰঙা লিটমাছ পেপাৰ খনক নীলা কৰে, তেতিয়া গেছটো ক্ষাৰ বুলি জানিব পাৰিব।

খ) এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ – সমীকৰণ লিখা।

উত্তৰ:

(i) \text{কাৰ্বন} + \text{অক্সিজেন} \rightarrow \text{কাৰ্বন ডাই অক্সাইড}

(ii) \text{কাৰ্বন ডাই অক্সাইড} + \text{পানী} \rightarrow \text{কৰ্বনিক এচিড}

প্ৰশ্ন ১১: এদিনা খন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সোণাৰী জনক এডাল পুৰণি সোণৰ গহনা পালিচ কৰিব দিলে। পাছদিনা, তেওঁলোকে যেতিয়া গহনা ডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনা ডালৰ ওজন সামান্য কমিছে। ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে?

উত্তৰ: গহনা ডাল অপৰিষ্কাৰ হোৱা মানে সোণৰ বাহিৰত কিবা কিবি মলি জমা হৈছে। যেতিয়া সোণাৰীয়ে তাক চাফা কৰাৰ বাবে এছিডৰ দ্ৰৱত ডুবাই দিলে, তেতিয়া এছিডৰ লগত বাহিৰৰ মলিৰ বিক্ৰিয়া ঘটি মলিবোৰ আঁতৰি গল আৰু পলিচ কৰাৰ সময়ত গহনাত থকা পলিচৰ লগতো বিক্ৰিয়া ঘটিল। গতিকে গহনা ডালৰ ওজন সামান্য পৰিমাণে কমি গল।

অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থ অধ্যায় (Class 8 Science Chapter 4 Assamese) “পদাৰ্থ: ধাতু আৰু অধাতু” ৰ প্ৰশ্ন উত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থ অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 8 Science Chapter 4 Question and Answer in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 8 Science Chapter 4 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 4 Class 8 General Science Question Answer in Assamese
  • Class 8 Science Assamese Medium
  • বিজ্ঞান Class 8 Chapter 4
  • পদাৰ্থ: ধাতু আৰু অধাতু প্ৰশ্ন উত্তৰ
  • পদাৰ্থ: ধাতু আৰু অধাতু class 8 question answer
  • Seba Class 8 Science Chapter 4 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় পদাৰ্থ: ধাতু আৰু অধাতু (SEBA Class 8 Science Chapter 4 Question Answer in Assamese Medium) ৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top