অনুজীৱ: মিত্ৰ আৰু শত্ৰু | SEBA Class 8 Science Chapter 2 Question Answer in Assamese Medium

এই লেখাত আমি SEBA Class 8 Science Chapter 2 Question Answer in Assamese Mediumঅষ্টম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ২ অনুজীৱ: মিত্ৰ আৰু শত্ৰু ৰ সমাধান অথবা প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আমি অনুশীলনৰ প্ৰশ্নসমূহৰ লগতে অধ্যায়ৰ ভিতৰৰ প্ৰশ্নসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম।

ছেবা (SEBA) ব’ৰ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমত অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ২নং অধ্যায়টোৰ নাম হৈছে অনুজীৱ: মিত্ৰ আৰু শত্ৰু

Also, read শস্যৰ উৎপাদন আৰু ব্যৱস্থাপনা | SEBA Class 8 Science Chapter 1 Question Answer

অনুশীলনী

প্রশ্ন ১: খালী ঠাই পূৰ কৰা।

(ক) অণুজীৱবােৰ ________ সহায়ত দেখা পোৱা যায়।
(খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পােনপটীয়াকৈ ________ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।
(গ) ________ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।
(ঘ) ________ৰ দ্বাৰা কলেৰা হয়।

উত্তৰ:

(ক) অণুজীৱবােৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।
(খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পােনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।
(গ) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।
(ঘ) বেক্টেৰিয়া ৰ দ্বাৰা কলেৰা হয়।

প্রশ্ন ২: শুদ্ধ উত্তৰত ‘✔’ চিন দিয়া।

(ক) চেনি / সুৰা / হাইড্র’ক্লৰিক এছিড / অক্সিজেন প্রস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।
(খ) ছডিয়াম বাইকার্বনেট / ষ্ট্রেপ্ট’মাইছিন / সুৰা / ইষ্ট এবিধ এন্টিবায়টিক।
(গ) মাইকী এন’ফিলিছ মহ / পঁইতাচোৰা / মাখি / পখিলা মেলেৰিয়া ৰােগ সৃষ্টি কৰা প্রট’জ’ৱাৰ বাহক।
(ঘ) পৰুৱা / মাখি / জিঞা / মকৰা সংক্রামক ৰােগৰ বাহক।
(ঙ) তাপ / গুড়ি কৰা / ইষ্টকোষৰ বৃদ্ধি / ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে।
(চ) শৰ্কৰাৰ পৰা সুৰা প্রস্তুত হােৱা প্রক্রিয়াক নাইট্ৰজেন যৌগীকৰণ / সাঁচ / কিম্বন / সংক্রমণ বােলা হয়।

উত্তৰ:

(ক) সুৰা প্রস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।
(খ) ষ্ট্রেপ্ট’মাইছিন এবিধ এন্টিবায়টিক।
(গ) মাইকী এন’ফিলিছ মহ মেলেৰিয়া ৰােগ সৃষ্টি কৰা প্রট’জ’ৱাৰ বাহক।
(ঘ) মাখি সংক্রামক ৰােগৰ বাহক।
(ঙ) ইষ্টকোষৰ বৃদ্ধি বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে।
(চ) শৰ্কৰাৰ পৰা সুৰা প্রস্তুত হােৱা প্রক্রিয়াক কিম্বন বােলা হয়।

প্রশ্ন ৩: ‘A’ অংশত থকা অণুজীৱবােৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলােৱা।

AB
i) বেক্টেৰিয়া
ii) ৰাইজ’বিয়াম
iii) লেক্ট’বেছিলাছ
iv) ইষ্ট
v) প্রট’জ’ৱা
vi) ভাইৰাছ
a) নাইট্ৰজেন যৌগীকৰণ
b) দৈ প্ৰস্তুত কৰাত
c) পাউৰুটিৰ প্ৰস্তুত কৰণত
d) মেলেৰিয়া ৰােগ সৃষ্টিত
e) কলেৰা ৰােগ সৃষ্টিত
f) এইডছ ৰােগ সৃষ্টিত
g) এন্টিবডি প্রস্তুত কৰাত

উত্তৰ: ‘A’ অংশত থকা অণুজীৱবােৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলােৱা হ’ল:

AB
i) বেক্টেৰিয়া
ii) ৰাইজ’বিয়াম
iii) লেক্ট’বেছিলাছ
iv) ইষ্ট
v) প্রট’জ’ৱা
vi) ভাইৰাছ
a) কলেৰা ৰােগ সৃষ্টিত
b) নাইট্ৰজেন যৌগীকৰণ
c) দৈ প্ৰস্তুত কৰাত
d) পাউৰুটিৰ প্ৰস্তুতকৰণত
e) মেলেৰিয়া ৰােগ সৃষ্টিত
f) এইডছ ৰােগ সৃষ্টিত

প্রশ্ন ৪: অণুজীৱবােৰ খালী চকুৰে দেখা পােৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি?

উত্তৰঃ অণুজীৱবােৰ খালী চকুৰে দেখা পােৱা নাযায়।

মাটিত থকা অণুজীৱ দেখা পাবলৈ অলপ সেমেকা মাটি বিকাৰত লৈ পানী ঢালি মিহলাই ল’ব লাগে। বিকাৰৰ তলিত গেদবােৰ জমা হ’ব। এতিয়া বিকাৰৰ পৰা পানী এটোপাল আনি অণুবীক্ষণ যন্ত্ৰৰে চাব পাৰি।

পানীত থকা অণুজীৱ চাবৰ বাবে পুখুৰীৰ পানী কাঁচৰ স্লাইড লৈ অণুবীক্ষণ যন্ত্ৰৰে চাব পাৰি।

ভেঁকুৰ জাতীয় কিছুমান অণুজীৱ আতচী কাঁচেৰে দেখা পোৱা যায়।

প্রশ্ন ৫: অণুজীৱৰ ডাঙৰ ভাগবােৰ কি কি?

উত্তৰঃ অণুজীৱৰ ডাঙৰ ভাগবােৰ হ’ল: বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা, শেলাই, আদি।

প্রশ্ন ৬: মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা।

উত্তৰঃ মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম হ’ল: বেক্টেৰিয়া (ৰাইজ’বিয়াম) আৰু নীল হৰিৎ শেলাই।

প্রশ্ন ৭: আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা।

উত্তৰঃ আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা তলত হ’ল:

(ক) দৈ, পাউৰুটি আৰু কেক বনাবলৈ ব্যৱহাৰ হয়।
(খ) বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন মাটিত যোগ কৰে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
(গ) সুৰা, মদ আৰু ভিনেগাৰ বনাবলৈ অণুজীৱ ব্যৱহাৰ হয়।
(ঘ) ৰোগ নিৰাময়ৰ এন্টিবায়টিক বেক্টেৰিয়া আৰু ভেঁকুৰ আদি অণুজীৱৰে প্ৰস্তুত হয়।
(ঙ) কলেৰা, যক্ষ্মা, বসন্ত, হেপাটাইটিছ আদি ৰোগ প্রতিষেধক ছিটা দি ৰোধ কৰা যায়।
(চ) বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
(ছ) অণুজীৱে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহ পচাই সৰল পদাৰ্থৰূপে পৰিণত কৰে। উদ্ভিদ আৰু প্ৰাণীয়ে এই পদাৰ্থ পুনঃ ব্যৱহাৰ কৰে।
(জ) অণুজীৱ ব্যৱহাৰ কৰি অনিষ্টকাৰী আৰু দুর্গন্ধযুক্ত পদাৰ্থ পচাই পৰিবেশ চাফা কৰিব পাৰি।

প্ৰশ্ন ৮: অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ কিছুমান অণুজীৱই মানুহৰ মাৰাত্মক ৰোগ সৃষ্টি কৰে। যক্ষ্মা, কলেৰা, টায়ফয়েড, আৰু নিউমনিয়া বেক্টেৰিয়াই সৃষ্টি কৰে। পলিঅ’, বসন্ত, আৰু এনকেফেলাইটিছ ভাইৰাছৰ দ্বাৰা হয়। উদ্ভিদ আৰু প্রাণীৰ ৰোগ সৃষ্টি কৰি অণুজীৱে ক্ষতি কৰে। কিছুমান অণুজীৱে খাদ্য পচাই বিষক্রিয়া সৃষ্টি কৰে।

প্ৰশ্ন ৯: এন্টিবায়টিক কি? এন্টিবায়টিক গ্রহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে?

উত্তৰঃ ৰােগ সৃষ্টিকাৰী অণুজীৱ ধ্বংস কৰিবলৈ নিৰ্দিষ্ট অণুজীৱৰ দ্বাৰা প্ৰস্তুত ঔষধৰ নাম এন্টিবায়টিক। পেনিছিলিন, ষ্ট্ৰেপটমাইছিন আদি এন্টিবায়টিক।

ডাক্তৰৰ পৰামৰ্শত এই ঔষধ গ্ৰহণ কৰিব লাগে। ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক’ৰ্ছ শেষ কৰিব লাগে। অপ্রয়ােজনীয়ভাৱে এন্টিবায়টিক গ্ৰহণ কৰিলে উপকাৰী অণুজীৱৰ মৃত্যু ঘটিব পাৰে।


অৱশেষত…

…আশাকৰো অসমীয়া মাধ্যমৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় (Class 8 Science Chapter 2 Assamese) “অনুজীৱ: মিত্ৰ আৰু শত্ৰু” ৰ প্ৰশ্ন উত্তৰ সমূহে আপোনালোকক ব্যাপকভাৱে সহায় কৰিছে।

যদি আপুনি এই ৱেবচাইটৰ বিষয়বস্তু ভাল পাইছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ওপৰত দিয়া তথ্যসমূহ শিক্ষামূলক আৰু নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে যোগান ধৰা হৈছে আৰু এই প্ৰশ্ন আৰু উত্তৰ চূড়ান্ত পৰীক্ষাৰ বাবে চূড়ান্ত উত্তৰ বুলি বিবেচনা কৰা উচিত নহয়।

যদি আপোনাৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় ৰ প্ৰশ্নোত্তৰ (Class 8 Science Chapter 2 Question and Answer in Assamese) বা এই ৱেবছাইটৰ অন্য কোনো বিষয়বস্তুৰ সৈতে কোনো সমস্যা আছে বা যদি আপুনি আপোনাৰ মূল্যৱান মতামত দিব বিচাৰে তেন্তে মোৰ email [email protected] ত কোনো সংকোচ নকৰাকৈ মোৰ সৈতে যোগাযোগ কৰক অথবা Contact Us ফৰ্ম fill up কৰক।

এই পোষ্টটোত সামৰি লোৱা বিষয়সমূহৰ তালিকা

এই পোষ্ট “SEBA Class 8 Science Chapter 2 Question Answer in Assamese” ত তলত দিয়া বিষয়সমূহ আলোচনা কৰা হৈছে।

  • SEBA Chapter 2 Class 8 General Science Question Answer in Assamese
  • Class 8 Science Assamese Medium
  • বিজ্ঞান Class 8 Chapter 2
  • অনুজীৱ: মিত্ৰ আৰু শত্ৰু প্ৰশ্ন উত্তৰ
  • অনুজীৱ: মিত্ৰ আৰু শত্ৰু class 8 question answer
  • Seba Class 8 Science Chapter 2 Question Answer

যদি আপুনি বিচাৰে যে ম‍ই এই অধ্যায় অনুজীৱ: মিত্ৰ আৰু শত্ৰু (SEBA Class 8 Science Chapter 2 Question Answer in Assamese Medium) ৰ সন্দৰ্ভত অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰো কভাৰ কৰো, তেন্তে তলত কমেন্ট কৰি মোক জনাওক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top